আজি  দিল্লী কেপিটেলছৰ বিৰুদ্ধে ঋষভ পণ্ট

আজি  দিল্লী কেপিটেলছৰ বিৰুদ্ধে ঋষভ পণ্ট

ৰঙিলী বাৰ্ত্তাসেৱা-  আই পি এল ২০২৫ৰ আজি চতুৰ্থখন মেচ।আজি বিশাখাপট্টনমত অনুষ্ঠিত হ’বলগা মেচৰ জৰিয়তে ছিজনৰ আৰম্ভণি ঘটাব দিল্লী কেপিটেলছ আৰু লক্ষ্ণৌ ছুপাৰ জায়েন্টছ। যোৱাটো ছিজনলৈকে দিল্লীক নেতৃত্ব দিয়া ঋষভ পণ্টে এইবাৰ লক্ষ্ণৌক নেতৃত্ব দিয়াৰ বিপৰীতে লক্ষ্ণৌ যোৱা ছিজন কেইটাত নেতৃত্ব দিয়া কে এল ৰাহুল এইবাৰ আছে দিল্লীত। দিল্লীক প্ৰথমবাৰৰ বাবে নেতৃত্ব দিবলৈ সাজু হৈছে অক্ষৰ পেটেল। অধিনায়ক হিচাপে তেওঁৰ হব এইখন প্ৰথম মেচ। উল্লেখ্য যে, মেগা নিলামত এইবাৰ লক্ষ্ণৌ ছুাৰ জায়েণ্টেছে সকলো অভিলেখ ভংগ কৰি ঋষভ পণ্টক ২৭ কোটি টকাত ক্ৰয় কৰিছিল। তেওঁৰ ওপৰতেই যিহেতু অধিনায়কৰো দায়িত্ব দিয়া হৈছে সেয়ে স্বাভাৱিকতে আজিৰ মেচখনত পণ্টৰ ওপৰত যথেষ্ট চাপ থাকিব।