আজি দিল্লীত উপস্থিত হ’ব ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন

Pc NDTV

আজি দিল্লীত উপস্থিত হ’ব ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন

ৰঙিলী বাৰ্ত্তাসেৱা- দুদিনীয়া আনুষ্ঠানিক ভ্ৰমণসূচীৰে আজি ভাৰতত উপস্থিত হ’ব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন ৷ আজি বিয়লি ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে বিশেষ বিমানযোগে নতুন দিল্লীত অৱতৰণ কৰাৰ কথা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁক নতুন দিল্লীত আদৰণি জনাব আৰু তেওঁ অৱতৰণ কৰাৰ পিছত ব্যক্তিগত নৈশ আহাৰ গ্ৰহণ কৰিব । প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ আমন্ত্রণমৰ্মে ভাৰত-ৰাছিয়া বার্ষিক শীর্ষ সন্মিলনত অংশগ্রহণ কৰিবলৈ এই ভ্রমণসূচী নির্ধাৰণ হৈছে যদিও কূটনৈতিক দিশৰ পৰা এই বিষয়টোৱে যথেষ্ট তাৎপর্য বহন কৰিছে। কিয়নো, ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ নতুন দিল্লী ভ্রমণৰ পূৰ্বে দেশখনৰ নিম্ন সদন ষ্টেট ডুমাত ইতিপূর্বে স্বাক্ষৰিত ৰেছিপ্ৰ’কেল এক্সচেঞ্জ অৱ লজিষ্টিক ছাপ’র্ট শীর্ষক চুক্তিখনত অনুমোদন জনায়। ভাৰত-ৰাছিয়াৰ মাজত সামৰিক সহযোগিতাৰ বিষয়ত এই চুক্তিখন যথেষ্ট গুৰুত্বপূৰ্ণ। যোৱা ফেব্ৰুৱাৰী মাহত ভাৰত-ৰাছিয়াৰ মাজত স্বাক্ষৰিত চুক্তিখন অনুমোদনৰ বাবে ৰাছিয়াৰ নিম্ন সদনলৈ প্ৰেৰণ কৰিছিল দেশখনৰ প্রধানমন্ত্রী মিখাইল মিশুষ্টিনে। ইয়াৰ পিছতে মস্কোই ইয়াত সেউজ সংকেত দিয়ে। এই সন্দৰ্ভত ষ্টেট ডুমাৰ অধ্যক্ষ ভ্যাচেশ্ল’ভ ভ’ল’ডিনে কয় যে ভাৰতৰ সৈতে আমাৰ কৌশলগত সম্পর্ক আছে। এই সম্পৰ্কক আমি আদৰণি জনাওঁ। চুক্তিখনৰ জৰিয়তে পাৰস্পৰিক সহযোগিতা তথা আমাৰ সম্পৰ্ক আৰু অধিক দৃঢ় হৈ উঠিব বুলি মই বিশ্বাস কৰোঁ। উল্লেখ্য যে তেলৰ উপৰি সামৰিক সা-সৰঞ্জাম আমদানিৰ ক্ষেত্ৰত এই চুক্তিখন যথেষ্ট গুৰুত্বপূৰ্ণ হ’ব বুলি অনুমান কৰা হৈছে। বিগত কেইবা দশক ধৰি ৰাছিয়াই ভাৰতলৈ সামৰিক সা-সৰঞ্জাম সৰবৰাহ কৰি আহিছে। চুক্তিখনত সামৰিক সা-সৰঞ্জামৰ লগতে যুদ্ধ জাহাজ আৰু যুদ্ধ বিমান ৰাছিয়াৰ পৰা পদ্ধতিগতভাৱে ভাৰতলৈ সৰবৰাহৰ বিষয়টোও উল্লেখ আছে। একে সময়তে সন্নিৱিষ্ট হৈছে সামৰিক সহযোগিতাৰ বিষয়টো। এক কথাত ক’বলৈ গ’লে ৰেছিপ্ৰ’কেল এক্সচেঞ্জ অৱ লজিষ্টিক ছাপ’ৰ্ট হ’ল সামৰিক সহযোগিতাক অধিক শক্তিশালী কৰাৰ বাবে দুয়োখন দেশৰ মাজত সম্পন্ন হোৱা এখন চুক্তি। চর্চা অনুসৰি ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ ভ্ৰমণকালৰ সময়ছোৱাতে দুয়োখন দেশৰ মাজত অসামৰিক পৰমাণু শক্তিৰ বিষয়টোক লৈও আলোচনা হ’ব পাৰে। আনকি অসামৰিক পৰমাণু শক্তিৰ ক্ষেত্ৰত এখন দ্বিপাক্ষিক বুজাবুজিৰ চুক্তি সম্পন্ন হোৱাৰো সম্ভাৱনা আছে। ইফালে, হাইপ্রফাইল অতিথি হিচাপে বিবেচিত হোৱা ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সুৰক্ষাৰ বাবে নতুন দিল্লীয়ে গঢ়ি তুলিছে পাঁচ তৰপীয়া নিৰাপত্তা ব্যৱস্থা। য’ত আছে স্নাইপাৰ, ড্রোন, জামাৰ আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ দৰে অত্যাধুনিক প্রযুক্তি। ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীৰ নিৰাপত্তাৰ সমগ্ৰ দিশটো তদাৰক কৰিব এনএছজিয়ে। তেওঁৰ কনভয়ৰ ওপৰত সকলো সময়তে নজৰ ৰাখিবলৈ এটা বিশেষ কন্ট্র’ল ৰুম গঠন কৰা হৈছে। বিমানবন্দৰৰ পৰা নৈশ যাপন কৰিবলগীয়া স্থানলৈকে সমগ্র পথছোৱাত মোতায়েন কৰা হ’ব স্নাইপাৰ। লগতে কৃত্রিম বুদ্ধিমত্তাই মনিট ৰিং কৰিবলগীয়া ফেচিয়েল ৰিক’গনাইজেচন কেমেৰাও সংস্থাপন কৰা হৈছে।