আজি দাখিল কৰা হ’ব জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ বহুপ্ৰতীক্ষিত চাৰ্জশ্বীট
ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰায় তিনিমাহজোৰা তদন্তৰ অন্তত অৱশেষত আজি ৰাজ্য চৰকাৰে গঠন কৰি দিয়া এছআইটিয়ে আদালতত দাখিল কৰিব জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ প্ৰথমখন চাৰ্জশ্বীট। নর্থ-ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণৰ বাবে গৈ ছিংগাপুৰৰ সাগৰৰ বুকুত ৰহস্যজনকভাৱে মৃত্যুক আঁকোৱালি লোৱা জুবিন গাৰ্গৰ সৈতে প্রকৃততে সেইদিনাখন কি হৈছিল তাৰ উত্তৰ উলিওৱাৰ স্বাৰ্থত ৰাজ্য চৰকাৰে যোৱা ২৪ ছেপ্টেম্বৰত চিআইডিৰ বিশেষ সঞ্চালক প্রধান মুন্নাপ্রসাদ গুপ্তাৰ নেতৃত্বত গঠন কৰিছিল এছআইটি। প্ৰায় তিনিমাহজোৰা তদন্তৰ অন্তত আজি প্রথমখন অভিযোগনামা এছআইটিয়ে কামৰূপ (মহানগৰ) জিলাৰ চিজেএম আদালতত দাখিল কৰিব। প্রিয় শিল্পীৰ মৃত্যুৰ দিনাৰ পৰা যদি ধৰা হয়, তেন্তে ৮৫সংখ্যক দিনত এছআইটিয়ে প্রথমখন অভিযোগনামা দাখিল কৰিব। বিগত সময়ছোৱাত এই ঘটনা সন্দর্ভত এছআইটিয়ে তিনি শতাধিক লোকৰ সাক্ষ্যগ্ৰহণ কৰাৰ লগতে মুঠ ৭জন লোকক গ্ৰেপ্তাৰ কৰিছিল। ইয়াৰ ভিতৰত প্রিয় শিল্পীৰ হত্যাকাণ্ডৰ অন্যতম অভিযুক্ত তথা নর্থ-ইষ্ট ফেষ্টিভেলৰ মুখ্য আয়োজক শ্যামকানু মহন্ত আৰু শিল্পীগৰাকীৰ মেনেজাৰ সিদ্ধার্থ শৰ্মাক যোৱা ২৩ ছেপ্টেম্বৰত চিআইডিয়ে দিল্লী আৰু হাৰিয়ানাৰ পৰা গ্ৰেপ্তাৰ কৰিছিল। তাৰ দুদিন পাছতে অৰ্থাৎ ২ অক্টোবৰত গ্ৰেপ্তাৰ হৈছিল আন দুই অভিযুক্ত ক্রমে অমৃতপ্রভা মহন্ত আৰু শেখৰজ্যোতি গোস্বামীক। ৬বাৰকৈ চলোৱা জেৰাৰ অন্তত বিগত ৮ অক্টোবৰত শিল্পীগৰাকীৰ সম্পৰ্কীয় ভাতৃ সন্দীপন গাৰ্গক চিআইডিয়ে গ্ৰেপ্তাৰ কৰিছিল। ১০ অক্টোবৰত গ্ৰেপ্তাৰ হৈছিল শিল্পীগৰাকীৰ দেহৰক্ষীদ্বয় ক্রমে নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্য। উক্ত ৭জন লোকক গ্ৰেপ্তাৰৰ পাছত চিআইডিয়ে কেইবাগৰাকী লোককো জেৰা চলাইছিল। তদন্তৰ সকলো দিশ সম্পূৰ্ণ হোৱাৰ অন্তত আজি শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত চিআইডিত ৰুজু হোৱা ১৮/২৫ নম্বৰৰ গোচৰটোৰ প্ৰথমখন অভিযোগনামা দাখিল কৰাৰ দিশে আগবাঢ়িছে এছআইটি।
