আজি তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ শপতগ্ৰহণ কৰিব নৰেন্দ্ৰ মোদীয়ে

আজি তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ শপতগ্ৰহণ কৰিব নৰেন্দ্ৰ মোদীয়ে

ৰঙিলী বাৰ্ত্তাসেৱা- আজি এনডিএ চৰকাৰৰ শপতগ্ৰহণ। ইতিহাস সৃষ্টিৰে একেৰাহে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ শপত ল’ব নৰেন্দ্ৰ মোদীয়ে। স্বৰাজোত্তৰ ভাৰতত কংগ্ৰেছৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ পিছত তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ শপত ল’ব নৰেন্দ্ৰ মোদীয়ে। শপতগ্রহণ কাৰ্যসূচীৰ বাবে ৰাষ্ট্ৰপতি ভৱনৰ চৌহদ আটকধুনীয়াকৈ সজাই তোলাৰ লগতে গঢ়ি তোলা হৈছে তিনিতৰপীয়া নিৰাপত্তা ব্যবস্থা। ৰাষ্ট্ৰপতি ভবন প্রাংগণত আজি সন্ধিয়া ৭.১৫ বজাত আৰম্ভ হ’ব এনডিএ চৰকাৰৰ শপতগ্ৰহণ কাৰ্যসূচী। ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুৱে তৃতীয়বাৰৰ বাবে প্রধানমন্ত্রী পদত অধিষ্ঠিত হোৱা নৰেন্দ্ৰ মোদীক শপতবাক্য পাঠ কৰোৱাৰ পিছত পর্যায়ক্রমে কেন্দ্রীয় কেবিনেট মন্ত্রীসকলে শপত ল’ব। উল্লেখ্য যে যোৱা ৪ জুনত অষ্টাদশ লোকসভা নিৰ্বাচনৰ ফলাফলত বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰ গঠনৰ মেজিক সংখ্যা অৰ্জন কৰাৰ পিছত পর্যায়ক্রমে এনডিএৰ বৈঠকত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক এনডিএৰ নেতা হিচাপে নিৰ্বাচন কৰাৰ সমান্তৰালকৈ সংসদীয় দলৰ নেতা হিচাপেও সর্বসন্মতিক্রমে নির্বাচিত কৰে। এনডিএৰ প্ৰতিনিধি দলে ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুক চৰকাৰ গঠনৰ দাবী জনোৱাৰ পিছত ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক চৰকাৰ গঠন কৰাৰ বাবে আনুষ্ঠানিকভাৱে আমন্ত্রণ জনায়। ৰাষ্ট্ৰপতিৰ আমন্ত্ৰণৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আজি তৃতীয়বাৰৰ বাবে এনডিএ চৰকাৰে শপতগ্ৰহণ কৰিব। চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ, শ্রীলংকা, ভুটান, নেপাল, মৰিছাছ আদি দেশৰ মুৰব্বীৰ লগতে মালদ্বীপৰ ৰাষ্ট্ৰপতিও এই শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব। ইতিমধ্যে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শেখ হাছিনাই শপতগ্রহণ অনুষ্ঠানত অংশ ল’বলৈ নতুন দিল্লীত উপস্থিত হৈছে। বিদেশী ৰাষ্ট্ৰৰ মুৰব্বীৰ লগতে বিকশিত ভাৰতৰ এম্বেছাডৰ, কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ হিতাধিকাৰী, জনজাতীয় মহিলা, অনাময় কর্মী, অধিবক্তা, চিকিৎসক, শিল্পী, সাংস্কৃতিক কর্মীৰ লগতে প্রায় ৫০জন বিভিন্ন ধৰ্মৰ নেতাই এই শপতগ্রহণ কার্যসূচীত অংশগ্ৰহণ কৰিব। এছিয়াৰ প্ৰথম মহিলা লোক পাইলট সুৰেখা যাদৱকো এই শপতগ্রহণ অনুষ্ঠানলৈ আমন্ত্রণ জনোৱা হৈছে। উল্লেখ্য যে ২০১৪ চনত বিজেপিয়ে ২৮২খন আসন আৰু ২০১৯ চনত বিজেপিয়ে ৩০৩খন আসন লাভ কৰি এনডিএৰ প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীয়ে কাৰ্যনিৰ্বাহ কৰাৰ পিছত ২০২৪ চনত ২৪০খন আসনেৰে বিজেপি নেতৃত্বাধীন এনডিৰ হৈ প্ৰধানমন্ত্ৰীৰ শপত ল’ব’ মোদীয়ে। ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে সংখ্যাগৰিষ্ঠতাৰ বাবে প্ৰয়োজনীয় ২৭২খন আসন দখল কৰিবলৈ সক্ষম নহ’ল। বিজেপি নেতৃত্বাধীন এনডিএই ২৯২খন আসন লাভ কৰি চৰকাৰ গঠন কৰে।