আজি ডুবাইত ভাৰত-পাকিস্তানৰ হাইভল্টেজ মেচ
ৰঙিলী বাৰ্ত্তাসেৱা- দীর্ঘদিনীয়া প্রতীক্ষাৰ অন্ত। চেম্পিয়নছ ট্ৰফীত আজি ভাৰত আৰু পাকিস্তানৰ হাইভল্টেজ মেচ। দিনৰ ২.৩০ বজাত ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এই হাইভল্টেজ মেচখন । এই মেচখনক লৈ ইতিমধ্যে আৰম্ভ হৈছে নানা জল্পনা-কল্পনা।অৱশ্যে মেচখনক লৈ দুয়োটা দলে চাপত থকাটো নিশ্চিত। প্রতিযোগিতাখনৰ প্ৰথমখন মেচত বিজয় সাব্যস্ত কৰি আত্মবিশ্বাস তুংগত আছে ভাৰতীয় দলটোৰ। আজি পাকিস্তানক পৰাস্ত কৰিব পাৰিলে ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰতীয় দলটো ‘এ’ গ্ৰুপৰ পৰা ছেমিফাইনেলত প্ৰৱেশ কৰাটো নিশ্চিত হৈ পৰিব। ইফালে গ্ৰুপৰ প্ৰথমখন মেচত নিউজিলেণ্ডৰ হাতত পৰাস্ত হৈ প্রতিযোগিতাখনৰ পৰা বাহিৰ হোৱাৰ শংকাত ভুগিছে আয়োজক পাকিস্তানে। আজি ভাৰতৰ হাতত পৰাস্ত হ’লে পাক বাহিনীয়ে কার্যতঃ প্রতিযোগিতাখনৰ পৰা বিদায় লোৱাটো – একপ্ৰকাৰ নিশ্চিত হৈ পৰিব।বাংলাদেশৰ বিপক্ষে খেলা মেচখনত দলটোৰ সতীৰ্থসকলৰ প্ৰদৰ্শনত সন্তুষ্টি ব্যক্ত কৰি টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শর্মাই কয় যে পাকিস্তানৰ বিপক্ষে খেলাটো সদায়ে এক অতিৰিক্ত চাপ। গ্ৰুপৰ প্ৰথমখন মেচত সতীৰ্থসকলে সুন্দৰ প্ৰদৰ্শন দাঙি ধৰিছে। আশা ৰাখিছোঁ এই হাইভল্টেজ মেচখনতো সতীৰ্থসকলে নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰিব। বিৰাট কোহলী সন্দর্ভত অধিনায়কগৰাকীয়ে কয় যে শেহতীয়াভাৱে দুৰ্বল ফৰ্ম দাঙি ধৰা বেটাৰগৰাকীয়ে গুৰুত্বপূৰ্ণ মেচত সদায়ে উন্নত প্ৰদৰ্শন দাঙি ধৰি আহিছে। গতিকে তেওঁক লৈ আমি বিশেষ চিন্তা কৰা নাই। ইফালে ২০১৭ চনৰ চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত পৰাস্ত হোৱাৰ পোটক তোলাৰ সুৱৰ্ণ সুযোগ লাভ কৰিছে ভাৰতীয় দলটোৱে। চেম্পিয়নছ ট্রফীত এতিয়ালৈকে দুয়োটা দলে পাঁচবাৰ মুখামুখি হৈছে আৰু পাকিস্তানে তিনিবাৰ বিজয় সাব্যস্ত কৰাৰ বিপৰীতে ভাৰতে দুবাৰ জয়ৰ সোৱাদ লাভ কৰিছে। আনহাতে এদিনীয়া আন্তর্জাতিক ক্রিকেটত দুয়োটা দলে এতিয়ালৈকে ১৩৫খন মেচত মুখামুখি হৈছে। ইয়াৰে ৫৭খন মেচত টীম ইণ্ডিয়াই জয়লাভ কৰাৰ বিপৰীতে পাকিস্তানে ৭৩খন মেচত বিজয় সাব্যস্ত কৰে। ৫খন মেচৰ ফলাফল নোলাল। আজিৰ মেচখনৰ মূল একাদশত বিশেষ সালসলনি নহয় বুলি ইংগিত দি অধিনায়ক ৰোহিত শৰ্মাই কয় যে মহম্মদ ছামীয়ে যশপ্রীত বুমৰাহৰ অভাৱ দূৰ কৰিছে। বাংলাদেশৰ বিপক্ষে পাঁচটাকৈ উইকেট দখল কৰি ছন্দলৈ উভতি অহা ছামীয়ে এই মেচখনতো ভাৰতীয় দলটোৰ হৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।