আজি জুবিন গাৰ্গ হত্যাৰ গোচৰৰ প্ৰথমটো শুনানি
ৰঙিলী বাৰ্ত্তাসেৱা- আজি কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত অনুষ্ঠিত হ’ব জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ প্ৰথমটো শুনানি। যোৱা ১২ ডিচেম্বৰত ৰাজ্য চৰকাৰে গঠন কৰি দিয়া বিশেষ তদন্তকাৰী গোট, এছআইটিয়ে ১২,২৭০ পৃষ্ঠাজোৰা বৃহৎ কলেৱৰৰ অভিযোগনামা আদালতত দাখিল কৰিছিল। উল্লেখ্য যে আদালতৰ নিয়ম অনুসৰি আজি হ’বলগীয়া প্রথমটো শুনানিত ৭ অভিযুক্ত ক্রমে শ্যামকানু মহন্ত, সিদ্ধার্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী, অমৃতপ্রভা মহন্ত, সন্দীপন গাৰ্গ, নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক শাৰীৰিকভাৱে আদালতত হাজিৰ কৰিব লাগিছিল। আদালতে অভিযুক্ত সাতজনক সোঁশৰীৰে হাজিৰ হোৱাৰ নির্দেশ প্রদান কৰিছিল যদিও অভিযুক্তকেইজনৰ জীৱনৰ প্ৰতি থকা ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি সোঁশৰীৰে উপস্থিত হোৱাৰ সলনি ভার্চুৱেলী ভিডিঅ’ কনফাৰেঞ্চিঙৰ যোগেদি অভিযুক্তকেইজনক আজিৰ শুনানিত হাজিৰ হোৱাৰ নির্দেশ আদালতে প্রদান কৰিছে বুলি জানিব পৰা গৈছে। উল্লেখ্য যে জুবিন হত্যাকাণ্ডৰ অন্যতম চাৰি অভিযুক্ত ক্রমে শ্যামকানু মহন্ত আৰু সিদ্ধার্থ শৰ্মাক বাক্সা জিলা কাৰাগাৰত ৰখাৰ লগতে হাফলঙৰ উপ-কাৰাগাৰত ৰখা হৈছে শেখৰজ্যোতি গোস্বামী, অমৃতপ্রভা মহন্তক। আনহাতে, নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক বাক্সা জিলাৰ কাৰাগাৰতে ৰখা হৈছে। ইপিনে, দিন যোৱাৰ লগে লগে জুবিন হত্যাকাণ্ডৰ চার্জশ্বীটৰ জৰিয়তে বহু ৰহস্যজনক তথ্য পোহৰলৈ আহিবলৈ ধৰিছে। বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে, তদন্তৰ সময়ছোৱাত এছআইটিয়ে জুবিন গাৰ্গৰ আইচিআইচিআই আৰু চার্টার্ড বেংকত থকা একাউণ্ট পৰীক্ষা কৰাৰ সময়ত মাত্র ১০ লাখ টকা জমা থকাৰহে তথ্য লাভ কৰিছে। কিন্তু প্রতিখন বিহু অনুষ্ঠানত ৮-১২ লাখলৈ মাননি লোৱা জুবিন গাৰ্গৰ ৪০খনকৈ বিহু অনুষ্ঠানত বছৰি আহে ৪ কোটিৰো অধিক ধন। এই বৃহৎ ধনৰ পৰা বিভিন্ন লেনদেন কৰাৰ পিছত অন্ততঃ তিনি কোটি হ’লেও জমা ধন থাকিব লাগে যদিও প্রিয় শিল্পীগৰাকীৰ দুটাকৈ বেংক একাউণ্টত মাত্র ১০ লাখ টকা জমা থকাৰহে তথ্য এছআইটিয়ে লাভ কৰিছে। তেন্তে এই বৃহৎ পৰিমাণৰ ধন কোনোবাই হৰলুকী কৰিলে নে মেনেজাৰ সিদ্ধার্থ শৰ্মাই শিল্পীগৰাকীৰ অলক্ষিতে ধনসমূহ আত্মসাৎ কৰিছিল নেকি? এই সকলোবোৰ দিশ এছআইটিয়ে তদন্তত সামৰি লোৱাৰ লগতে অভিযোগনামাত সন্নিৱিষ্ট কৰিছে। সূত্ৰটোৱে সদৰী কৰা মতে, যোৱা ১২ অক্টোবৰত খৰচ যোৱা ধনৰ পৰা ক’ত কিদৰে খৰচ হ’ল, সেই সন্দৰ্ভত মেনেজাৰ সিদ্ধার্থ শৰ্মাৰে সকলো আলোচনা কৰাৰ কথা আছিল শিল্পীগৰাকীৰ। এই ধনৰ হিচাপ বিচৰাটোৱেই হয়তো শিল্পীগৰাকীৰ বাবে কাল হ’ল নেকি? এই কথাও এছআইটিয়ে সন্দেহ কৰি অভিযোগনামাত উল্লেখ কৰিছে। কিয়নো, ১২ অক্টোবৰৰ পূৰ্বেই অৰ্থাৎ ১৯ ছেপ্টেম্বৰত ৰহস্যজনকভাৱে ছিংগাপুৰৰ মহাসমুদ্ৰৰ বুকুত মৃত্যুক সাবটি লৈছিল অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গার্গে।অভিযোগনামাত আন এটা দিশো পোহৰলৈ আহিছে। মহাসমুদ্ৰৰ বুকুত হোৱা য়ট পার্টীত পানীত অচেতন হৈ পৰা জুবিন গাৰ্গক পাৰৰ পৰা উঠাই অনাৰ সময়ত পেন্টৰ পকেটত তিনিটাকৈ দৰবৰ নমুনা ছিংগাপুৰ আৰক্ষীয়ে উদ্ধাৰ কৰিছিল। এই দৰবসমূহ শিল্পীগৰাকীয়ে সময়মতে লৈছিল নে তেওঁক সেই সময়ত সেইবোৰ ল’বলৈ দিয়া হোৱা নাছিল। তাক লৈও এতিয়া সন্দেহৰ সৃষ্টি হৈছে। ইয়াৰ বাদেও শিল্পীগৰাকীৰ বেগখনৰ পৰা কেইবাটাও দৰব, এটা দামী ঘড়ী, আইফোনৰ চাৰ্জাৰ, তিনিটা টি-ছার্ট, চাৰিটা লংপেন্টসহ বহু সামগ্রী ছিংগাপুৰ আৰক্ষীয়ে জব্দ কৰিছিল যদিও সেই সময়ত বেগখনত নাছিল শিল্পীগৰাকীৰ আইফোনটো। যিটো পৰৱৰ্তী সময়ত সিদ্ধার্থ শর্মাক গ্ৰেপ্তাৰ কৰাৰ পিছতহে চিআইডিয়ে লাভ কৰিছিল। গতিকে, নিশ্চিতভাৱে আইফোনটোত থকা আন বহু তথ্য সিদ্ধার্থ শর্মাই হয়তো নষ্ট কৰি পেলাইছিল। এই কথাবোৰো এছআইটিয়ে অভিযোগনামাত উল্লেখ কৰিছে।
