আজি  গুৱাহাটীলৈ আহিব কেন্দ্রীয় গৃহমন্ত্রী  অমিত শ্বাহ

আজি  গুৱাহাটীলৈ আহিব কেন্দ্রীয় গৃহমন্ত্রী  অমিত শ্বাহ

ৰঙিলী বাৰ্ত্তাসেৱা- তিনিটাকৈ গুৰুত্বপূৰ্ণ অনুষ্ঠানত অংশগ্ৰহণৰ উদ্দেশ্যে আজি দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত উপস্থিত হ’ব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ। আজি বিয়লিৰ ভাগত গুৱাহাটীত উপস্থিত হ’বলগা কেন্দ্রীয় গৃহমন্ত্ৰীগৰাকীয়ে ৰাজ্যিক বিজেপিৰ ক’ৰ কমিটীৰ বৈঠকত অংশ ল’ব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এই কথা জানিবলৈ দিছে । মুখ্যমন্ত্রীয়ে প্ৰকাশ কৰা অনুসৰি গৃহমন্ত্রী অমিত শ্বাহে নিশা ৮ বজাত ক’ৰ কমিটীৰ বৈঠকত অংশগ্ৰহণ কৰাৰ লগতে দলীয় কার্যালয়ত আহাৰ গ্ৰহণ কৰিব আৰু কইনাধৰাস্থিত ৰাজ্যিক অতিথিশালাত নিশা কটাব। আনহাতে ২৯ আগষ্টত পুৱা ১০.৩০ বজাত আটকধুনীয়াকৈ নিৰ্মাণ কৰা ৰাজভৱনটো আনুষ্ঠানিকভাৱে উন্মোচন কৰিব। ইয়াৰ পিছতে গৃহমন্ত্ৰীগৰাকীয়ে খানাপাৰাস্থিত খেলপথাৰত বিজেপি, অগপ, ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি আৰু জনশক্তিকে ধৰি এনডিএৰ সকলো নেতৃত্বৰ উপস্থিতিত তথা প্রায় ২০ হাজাৰ নির্বাচিত পঞ্চায়ত প্রতিনিধিৰ উপস্থিতিত এক বিশাল সভাত ভাষণ দিব। খানাপাৰাৰ পঞ্চায়ত সম্মিলন অন্ত পৰাৰ পিছতে বিয়লিৰ ভাগত গৃহমন্ত্রী অমিত শ্বাহে প্রাক্তন প্রধানমন্ত্রী প্রয়াত গোলাপ বৰবৰাৰ জন্ম শতবৰ্ষৰ বছৰজোৰা কাৰ্যক্ৰমৰ শুভাৰম্ভ কৰিব। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এই উপলক্ষে আয়োজন কৰা এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত গৃহমন্ত্ৰীগৰাকীয়ে অংশগ্রহণ কৰি শতবৰ্ষৰ বছৰজোৰা কাৰ্যক্ৰমৰ আৰম্ভণি কৰিব। উল্লেখ্য যে শ্রীমন্ত কলাক্ষেত্রত অনুষ্ঠিত অনুষ্ঠানত অংশগ্ৰহণৰ পূৰ্বে গৃহমন্ত্ৰীগৰাকীয়ে ১৫ মিনিট সময়ৰ বাবে জ্যোতি-বিষ্ণু সাংস্কৃতিক প্রকল্প পর্যবেক্ষণ কৰিব।