আজি গুজৰাট টাইটানছৰ মুখামুখি হ’ব পাঞ্জাৱ কিংছ
ৰঙিলী বাৰ্ত্তাসেৱা– আই পি এলৰ আজিৰ পঞ্চমখন মেচত গুজৰাট টাইটানছ আৰু পঞ্জাৱ কিংছে নিজৰ অভিযান আৰম্ভ কৰিব।আহমেদাবাদত অনুষ্ঠিত হবলগীয়া মেচখনক লৈ স্বাভাৱিকতে ক্ৰিকেট অনুৰাগীৰ মাজত উন্মাদনা বৃদ্ধি পাইছে। আহমেদাবাদত অনুষ্ঠিত হবলগীয়া মেচখনক লৈ স্বাভাৱিকতে ক্ৰিকেট অনুৰাগীৰ মাজত উন্মাদনা বৃদ্ধি পাইছে। ২০২২ চনত আই পি এলত আত্মপ্ৰকাশ কৰিয়েই হাৰ্দিক পাণ্ডিয়াৰ নেতৃত্বত ২০২২ ছিজনত আই পি এলৰ খিতাপ দখল কৰা গুজৰাটে ২০২৩ ত ৰানাৰ্ছআপ হৈছিল। যোৱা ছিজনত শুভমণ গিলৰ নেতৃত্বত দলটোৱে অষ্টম স্থানতে সন্তুষ্ট থাকে। সেইদৰে পঞ্জাৱ কিংছে এই পৰ্যন্ত আই পি এলৰ খিতাপ জয় কৰা নাই যদিও আইপিএল ২০২৫ৰ বাবে সম্পূৰ্ণ নতুন ৰূপত দেখা যাব পাঞ্জাৱ কিংছক। দলৰ সকলো মুখ নতুন। যোৱাবাৰৰ চেম্পিয়ন কলকাতাৰ অধিনায়ক শ্ৰেয়াছ আয়াৰক দলটোৱে এইবাৰ অধিনায়কৰ দায়িত্ব দিছে। নতুন অধিনায়ক শ্ৰেয়াছ আয়াৰৰ কমাণ্ডত এই দলটোৱে গুজৰাটৰ বিৰুদ্ধে ছিজনৰ নিজৰ প্ৰথমখন মেচত নামিব ।