আজি খানাপাৰাত বিশ্ববিখ্যাত পপ ষ্টাৰ পোষ্ট মেলনৰ সংগীতানুষ্ঠান
ৰঙিলী বাৰ্ত্তাসেৱা- খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত হাজাৰ হাজাৰ অনুৰাগীক পপ-ৰেপ সংগীতৰ ছন্দোবদ্ধ সুৰৰ লহৰেৰে মোহাৱিষ্ট কৰিবলৈ গুৱাহাটীত উপস্থিত হ’ব বিশ্ববিখ্যাত পপ ষ্টাৰ পোষ্ট মেলন। পশ্চিমীয়া সংগীতৰ সুৰৰ ধ্বনিৰে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলবাসীক মোহাচ্ছন্ন কৰিবলৈ গুৱাহাটীত ইতিমধ্যে উপস্থিত হৈছেহি পোষ্ট মেলনৰ সংগীত সহযোগীৰ এটা দল। অসম চৰকাৰৰ ‘কনচাৰ্ট টুৰিজিম’ৰ অধীনত বুক মাই শ্ব’ই আয়োজন কৰা এই কনচাৰ্টৰ বাবে অসমকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল মেলন জ্বৰত আক্ৰান্ত হৈছে। পপ-ৰেপ সংগীতৰ ছন্দোবদ্ধ লয়লাসৰ সুৰৰ তালে তালে আজি খানাপাৰাৰ খেলপথাৰৰ চৌদিশ গুঞ্জৰিত হৈ উঠিব। মেলনৰ ছন্দোময় সংগীতৰ লহৰত পশ্চিমীয়া সংগীতৰ অনুৰাগীৰ গা-মন শিহৰিত হৈ উঠিব। ছন্দোবদ্ধ সুৰত সুললিত কণ্ঠেৰে মন-প্রাণ ঢালি গোৱা মেলনৰ কণ্ঠত জাগি ৰ’ব খানাপাৰাৰ নিশাৰ পৰিৱেশ। প্রথম ডিচেম্বৰৰ এই হাড় কঁপোৱা জাৰৰ নিশা পোষ্ট মেলনৰ সুৰৰ ৰাগিত মাতাল হ’ব অসংখ্য যুৱক-যুৱতী, সংগীত অনুৰাগী। পোষ্ট মেলনৰ লয়লাসৰ সুৰধ্বনি এবাৰ নিজ কাণে শুনিবৰ বাবে, পোষ্ট মেলনক দুচকুৰে এবাৰ প্ৰত্যক্ষ কৰি সংগীত সাগৰত উচ্ছল তৰংগৰ ধ্বনি শুনিবৰ কাৰণে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ সংগীতপ্রেমী গভীৰ আগ্ৰহেৰে বাট চাই আছে। মাজত মাত্র আৰু চৌবিশ ঘণ্টা বাকী থকা অৱস্থাত পোষ্ট মেলন কনচাৰ্টৰ বাবে সকলো সাজু হৈ উঠিছে। ইতিমধ্যে পোষ্ট মেলন কনচাৰ্টৰ সকলো টিকট বিক্রী হৈ হৈ গৈছে বুলি বুক মাই শ্ব’ৰ এগৰাকী বিষয়ববীয়াই সদৰী কৰিছে। অসম চৰকাৰৰ নতুন পৰ্যটন নীতি অনুসৰি কনচাৰ্ট টুৰিজিমৰ প্ৰথমটো অনুষ্ঠানতে চমক সৃষ্টিৰে আৰু নিচেই কম মূল্যতে টিকট প্রদান কৰি উত্তৰ-পূৰ্বাঞ্চলৰ নতুন প্ৰজন্মক পশ্চিমীয়া সংগীতৰ সৈতে পৰিচয় কৰি দি ইয়াত অৱগাহনৰ সুযোগ প্রদান কৰা হৈছে। ইতিমধ্যে খানাপাৰাৰ খেলপথাৰত আয়োজন কৰা মিউজিক কনচাৰ্টৰ ২৫ হাজাৰ আসনৰ প্ৰায় আটাইবোৰেই বিক্ৰী হৈ যোৱা বুলি প্ৰকাশ কৰিছে পৰ্যটন উন্নয়ন নিগমৰ এজন বিষয়াই। পোষ্ট মেলনৰ সংগীত কনচাৰ্টৰ বাবে গভীৰ আগ্ৰহেৰে ৰৈ থকা উত্তৰ-পূবৰ যুৱক-যুৱতী তথা সংগীতানুৰাগীসকলে অতি কম মূল্যত টিকটসমূহ ক্ৰয় কৰিবলৈ পাই আনন্দত আত্মহাৰা হোৱা দেখা গৈছে। উল্লেখ্য যে ভাৰতবৰ্ষত প্ৰথমবাৰৰ বাবে মুম্বাইত সংগীতানুষ্ঠান কৰাৰ পাছত দ্বিতীয়বাৰৰ বাবে গুৱাহাটীত পোষ্ট মেলনৰ সংগীতানুষ্ঠানৰ আয়োজন কৰা হৈছে আৰু ইয়াৰ জৰিয়তে অঞ্চলটোৰ পৰ্যটন ক্ষেত্ৰৰ লগতে আন্তর্জাতিক সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সংস্কৃতিৰ জগতখনৰ সমন্বয় গঢ়াৰ সুযোগ তৈয়াৰ কৰা হৈছে।
