আজি কাতি বিহু
ৰঙিলী বাৰ্ত্তাসেৱা- এখুজি-দুখুজিকৈ ধৰালৈ নামি আহিছে শীত।আমোলমোল শেৱালিৰ গোন্ধে সকলোৰে মন-প্ৰাণ মতলীয়া কৰি তুলিছে।পথাৰে পথাৰে বিয়পি পৰিছে ধানৰ সোণালী আভা।কৃষিজীৱি লোকৰ বুকুৰ আপোন খেতি পথাৰ শস্য শ্যামলা হোৱাৰ কামনাৰে বিহুটিক পাতিবলৈ যেন সকলো সাজু হৈ উঠিছে।ভোগ বিলাস অবিহনে প্ৰতিজন অসমীয়াই পালন কৰিব কঙালী বিহু।অসমীয়া ৰাইজে কাতি বিহু ভোগ আৰু আনন্দৰ বিপৰীতে সীমিত ৰুপত পালন কৰি আহিছে এই বিহু।অন্য বৰ্ষসমূহৰ দৰেই এইবাৰো প্ৰতিজন অসমীয়াই চোতালত তুলসী পুলি ৰুই চাকি-বন্তি জ্বলাই ঈশ্বৰৰ ওচৰত জনাব প্রার্থনা।তুলসী পুলি ৰুই চাকি-বন্তি জ্বলোৱাৰ পৰা পিঠা-পনা বনোৱালৈকে ৰাজ্যৰ চৌদিশে এক ব্যস্তত্বপূৰ্ণ পৰিৱেশ দেখিবলৈ পোৱা গৈছে।সত্ৰনগৰী মাজুলিতো কাতি বিহুৰ বাবে ব্যস্ততাপূৰ্ণ পৰিৱেশ দেখিবলৈ পোৱা গৈছে।আহিনৰ সংক্ৰান্তিৰ দিনা ইতিহাসে ঢুকি নোপোৱা দিনৰে পৰাই অসমীয়া সমাজে কৃষি ভিত্তিক উৎসৱ কাতি বিহু উদযাপন কৰি আহিছে।কাতি বিহুৰ সৈতে ধৰ্মীয় তথা আধ্যাত্মিক বিশ্বাস নিবিড়ভাৱে জড়িত হৈ আছে।পূৰ্বৰে পৰা চলি অহা লোকাচাৰ অনুসৰি কাতি বিহুৰ দিনা পুৱাই সকলোৱে ঘৰ-বাৰী পৰিস্কাৰ কৰে আৰু গৃহিনীয়ে ঘৰৰ সন্মুখত তুলসী ভেটি তৈয়াৰ কৰি ৰঙা মাটিৰে লিপি জিলিকাই ৰাখে।দুপৰীয়াৰ ভাগত গৃহিনীয়ে কান্ধত কাঁচিখন লৈ নিজৰ সোণগুটিৰ পথাৰডৰা চাবলৈ যোৱাৰ পৰম্পৰা আছে।কাতি বিহুৰ দিনা সেউজীয়া ধাননি ডৰাত চাকি জ্বলাই শস্যৰ বৃদ্ধিৰ বাবে লক্ষ্মী দেৱীক প্ৰাৰ্থনা জনায়।ফুলাম হৈ পৰা ধাননি পথাৰখন শস্য নষ্টকাৰী কীট-পতংগৰ পৰা যাতে সুকলমে ৰাখিব পাৰি সেই উদেশ্যেই আকাশ বন্তি জ্বলাই কীট পতংগৰ কবলৰ পৰা ৰক্ষা কৰে।