আজি আৰচিবি আৰু পঞ্জাব কিংছৰ  মাজত আইপিএল খিতাপৰ যুঁজ

আজি আৰচিবি আৰু পঞ্জাব কিংছৰ  মাজত আইপিএল খিতাপৰ যুঁজ

ৰঙিলী বাৰ্ত্তাসেৱা- সুদীর্ঘ ১৭ বছৰ অন্তত আইপিএলৰ চেম্পিয়নৰ তালিকাত সংযোজন হ’ব এটা নতুন দলৰ নাম।সুদীৰ্ঘ আঢ়ৈ মাহজোৰা যুঁজৰ কাইলৈ সমাপ্তি ঘটিব। অন্ত পৰিব বিশ্বৰ আটাইতকৈ ধনাঢ্য আৰু জনপ্ৰিয় ক্ৰিকেট লীগ আই পি এলৰ ১৮ সংখ্যক সংস্কৰণ। ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ ঐশ্বর্যশালী তথা বিশ্বৰ অন্যতম জনপ্রিয় টি-২০ প্রতিযোগিতাখনৰ আজি হ’বলগীয়া খিতাপ যুঁজৰ মেচখনত প্রতিদ্বন্দ্বিতা আগবঢ়াব ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু পঞ্জাব কিংছে। চলিত ছিজনত প্ৰথমবাৰৰ বাবে আইপিএলত দেখা যাব এক নতুন চেম্পিয়ন দল। আৰচিবি আৰু পঞ্জাব কিংছে এতিয়ালৈকে প্রতিযোগিতাখনৰ খিতাপ জয়ৰ সোৱাদ লাভ কৰিবলৈ সক্ষম হোৱা নাই। দেওবাৰে নিশা দ্বিতীয় কোৱালিফায়াৰ মেচখনত পাঁচবাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছক পৰাস্ত কৰি পঞ্জাব কিংছে ফাইনেলত প্ৰৱেশ কৰাৰ লগে লগে সকলোৰে উৎকণ্ঠা বাঢ়িছে। কাৰণ এতিয়ালৈকে পঞ্জাবে এবাৰো আইপিএলৰ খিতাপ জয় কৰিবলৈ সক্ষম হোৱা নাই। বিপৰীতে আৰচিবিয়ে ইয়াৰ পূৰ্বে তিনিবাৰ ফাইনেলত প্ৰৱেশ কৰিছিল যদিও খিতাপ জয়ৰ সপোন পূৰ্ণ হোৱা নাই। আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ’বলগীয়া বহু প্রতীক্ষিত ফাইনেল মেচখনৰ বাবে ইতিমধ্যে সাজু হৈছে দুয়োটা দল। মন কৰিবলগীয়া যে সুদীর্ঘ ১১ বছৰৰ পিছত পঞ্জাবে আইপিএলৰ ফাইনেলত প্ৰৱেশ কৰিছে।