আজি আবুধাবিত আইপিএলৰ নিলাম
ৰঙিলী বাৰ্ত্তাসেৱা- আজি আবুধাবিত অনুষ্ঠিত হ’ব আই পি এল ২০২৬ৰ মিনি নিলাম৷ ৩৫০জনতকৈ অধিক খেলুৱৈ এই নিলামত থাকিব। যাৰ পৰা প্ৰায় ৭৭ গৰাকী খেলুৱৈক ফ্রেঞ্চাইজীবোৰে ক্ৰয় কৰিব। যাৰ দ্বাৰা ১০টা ফ্রেঞ্চাইজীয়ে নিজৰ নিজৰ দল সম্পূর্ণ কৰিব। নিলামৰ পূৰ্বে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৬ৰ তাৰিখ প্ৰকাশ কৰা হৈছে ৷ ২৬ মাৰ্চৰ পৰা প্ৰতিযোগিতাখন আৰম্ভ হ’ব আৰু বিশ্বৰ জনপ্ৰিয় লীগৰ চূড়ান্ত খেলখন ৩১ মে’ত অনুষ্ঠিত হ’ব ৷ সোমবাৰে (১৫ ডিচেম্বৰ) সন্ধিয়া আবুধাবিত ফ্ৰেঞ্চাইজি আৰু আই পি এলৰ বিষয়াসকলৰ মাজত হোৱা বৈঠকৰ পিছত এই কথা ঘোষণা কৰা হয় ৷ এইবাৰৰ মিনি নিলামত সৰ্বাধিক চৰ্চিত হৈছে অষ্ট্ৰেলিয়ান অলৰাউণ্ডাৰ কেমেৰুণ গ্ৰীণৰ নাম। তাৰকা অলৰাউণ্ডাৰগৰাকীয়ে বিগত ছিজনত আঘাতৰ সমস্যাৰ বাবে নিলামত নিজৰ নাম অন্তৰ্ভুক্ত কৰা নাছিল। কিন্তু এইবাৰ তেওঁৰ নাম সম্ভাৱ্য দামী খেলুৱৈ হিচাপে আলোচিত হৈছে। গ্ৰীণৰ বাবে কলকাতা আৰু চেন্নাই দুয়োটা দলেই যে তীব্ৰ নিবিদা যুঁজত নামিব, তাৰ পূৰ্ণ সম্ভাৱনা আছে। একেদৰে জ’ছ ইংলিছ, ডেভিড মিলাৰ, জেমি স্মিথ, মেট হেনৰী, লিয়াম লিভিংষ্ট’ন, মথিছা পাথিৰানা, ভেংকটেছ আয়াৰৰ নামো দামী খেলুৱৈৰ তালিকাত আহিব পাৰে। নিলামত কোনো অখ্যাত খেলুৱৈও ক্ষণিকৰ ভিতৰতে হৈ পৰিব পাৰে কোটিপতি। এই নিলামৰ পূৰ্বে এনেকুৱা এটা ঘটনা ঘটিছে যিয়ে সকলোকে আচৰিত কৰি তুলিছে । দৰাচলতে আই পি এল ২০২৬ৰ নিলামৰ তালিকাত নাম নথকা এজন খেলুৱৈক নিশাৰ ভিতৰতে সেই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে । ভাৰতৰ ঘৰুৱা টি-২০ প্ৰতিযোগিতা চৈয়দ মুস্তাক আলী ট্ৰফীত আকৰ্ষণীয় প্ৰদৰ্শনৰ পিছতে এটা ফ্ৰেঞ্চাইজিয়ে খেলুৱৈগৰাকীৰ প্ৰতি আগ্ৰহ দেখুৱাইছে । যাৰ বাবে নিশাৰ ভিতৰতে সেই খেলুৱৈগৰাকীৰ নাম আই পি এলৰ নিলামৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে ।খেলুৱৈগৰাকী হৈছে পশ্চিমবংগৰ তাৰকা বেটাৰ অভিমন্যু ঈশ্বৰন। তেওঁ বাইল্ড কার্ড এন্ট্রী হিচাপে নিলামত অংশগ্ৰহণ কৰিব। চৈয়দ মুস্তাক আলী ট্রফীত বংগৰ হৈ অভিমন্যু ঈশ্বৰণে ৭খন খেলত ২৬৬ ৰান সংগ্ৰহ কৰিছে। অভিমন্যু ঈশ্বৰণে এতিয়ালৈ আইপিএল খেলা নাই।
