আজি আপোনাক বহুত ধুনীয়া লাগিছে
যুগান্ত দাস
ভৱানীপুৰ
আজি আপোনাক বহুত ধুনীয়া লাগিছে
কিমান ধুনীয়া সেইটোহে পিছে ক’ব নোৱাৰো
কিন্তু বহুত বহুত ধুনীয়া
ঠিক যেন গাভৰু নৈখন
ঠিক যেন পূৰ্ণিমাৰ ভৰুণ জোন
ঠিক যেন কাহিলী পুৱাৰ বেলি
ঠিক যেন আঘোনৰ গৰ্ভৱতী পথাৰ ।
দুখৰ মদিৰা পি পি আপুনি নীলকণ্ঠী
একাকীত্বৰ মালা জপি আপুনি
জীৱনৰ দুৰ্দান্ত প্ৰেমিক ।
আপুনি ৰাধা , আপুনিয়ে শকুন্তলা
নিয়তিৰ পৰিহাসত যাৰ
হৃদয় বিধ্বস্ত
অপ্ৰেম আৰু অপ্ৰাপ্তিৰ
বোজা কঢ়িয়াই আপুনি হৈ উঠে
শৈল্য ভাস্কৰ্য ।
আপুনি ধুনীয়া
সেইয়ে ধুনীয়া বুলি কৈছো
ধুনীয়াক ধুনীয়া বুলি কোৱাটো অপৰাধ হ’ব নোৱাৰে
আপোনাৰ চকুজুৰি ধুনীয়া
য’ত লুকাই আছে
সহস্ৰ বেদনাৰ কোলাহল
আপোনাৰ চুলিকোছা ধুনীয়া
য’ত বাহ বান্ধে বিষন্ন ৰাতিয়ে
আপোনাৰ ওঁঠ জুৰি ধুনীয়া
য’ত ডুলি থাকে বিষন্নতা ।
মুঠতে আপুনি ধুনীয়া
প্ৰেমত পৰিব পৰাকৈ
জীৱনৰ প্ৰেমত
আৰু এটা দীঘলীয়া ৰাতি
জীৱন জিন্দাবাদ ধ্বনি জুৰি
আপোনাৰ হৃদয়ৰ চুবুৰিত হট্টগোল কৰিব পৰাকৈ ।