আজি অসুৰে পূজা পাতিছে ৷ এয়াপূজা নে,দেৱীক তুচ্ছতাছিল্য ? – শৈলেন কুমাৰ

আজি অসুৰে পূজা পাতিছে ৷ এয়াপূজা নে,দেৱীক তুচ্ছতাছিল্য ?

 শৈলেন কুমাৰ
মিৰ্জা ( কামৰূপ )

এতিয়া শাৰদীয় দুৰ্গোৎসৱৰ বতৰা,শৰৎৰ ঋতুৰ অনুভৱে সুকীয়া ৷ শেৱালি ফুলৰ সুবাস চৌদিশে,প্ৰাকৃতিক সৌন্দৰ্যৰে পৰিপূৰ্ণ সময়তে দুৰ্গাদেৱীৰ আগমনে মনত প্ৰচুৰ আনন্দ দিয়ে ৷ সঁচাকৈ ভগৱানৰ প্ৰাদুৰ্ভাৱে জগতত শক্তিৰ সঞ্চাৰ কৰে আৰু আমাৰ অন্তৰমনক নিৰ্মলতা প্ৰদান কৰে ৷ সত্যৰ যুগত অসুৰৰ অত্যাচাৰত অতিষ্ঠ হৈ যেতিয়া সাধুগণে ত্ৰাহিমাম কৰিছিল তেতিয়া দেৱীয়ে পৃথিৱীত অৱতাৰণ কৰি অসুৰ নিধন কৰিছিল ৷ কিন্তু আজি মহিষাসুৰে দেৱীৰ পূজা পাতিছে ৷ আজিৰ মহিষাসুৰক কোনে নিধন কৰিব ? অসুৰে আজি সাধুৰ ভেশ ধৰি চলাইছে আসুৰিক তাণ্ডৱ ৷ এই যুগত অসুৰে মানুহৰ বিবেক শূন্য কৰি মানৱতা নহোৱা কৰিছে ৷ কিন্তু সেই মহিষাসুৰক আমি আজি চিহ্নিত কৰি নিধন কৰাত ব্যৰ্থ ৷ এয়া পূজা নে ? দেৱীক তুচ্ছতাছিল্য ? দেৱীৰ আৰাধনা কোনে ক’ৰে,যাৰ মনত ভক্তি আৰু সততা আছে ৷ মনত ভক্তি আৰু সততা নথকা জন এজন মানৱৰূপী মহিষাসুৰ ৷ হয় সঁচাকৈ মহিষাসুৰমৰ্দিনীয়ে অসুৰ নিধন কৰিব লাগে ৷ দেশ,সমাজ এই পৃথিৱীক কুলষিত কৰা মহিষাসুৰবোৰ নিধন হব লাগে ৷ হয় আমিয়েই দুৰ্গা আৰু আমিয়েই মহিষাসুৰ ৷ যদি মনত সততা আৰু ভক্তি তেন্তে দেৱী দুৰ্গা আৰু যদি অন্ধভক্তি,অসত্য সেয়া হ’ব মহিষাসুৰ ৷ আমি দুৰ্গাদেৱীৰ আহ্বান কৰি নিজৰ ভিতৰত সমাহিত মহিষাসুৰক নিধন কৰিব লাগিব তেতিয়া হে এই দুৰ্গাপূজাৰ মহত্ত্ব থাকিব ৷ অন্যথা দেৱীপূজাৰ অৰ্থ অনৰ্থক হ’ব ৷ আমি দেৱীক পূজা কৰোঁ আৰু নাৰীক ধৰ্ষণ,অত্যাচাৰ,অৱহেলা কৰোঁ ৷ এই অসুৰটো স্বাৰ্থলোভী অসুৰ,নিজকে সৰ্বজ্ঞানী,সৰ্বেসৰ্বা বুলি মিছা অভিমানত বলিয়া ৷ প্ৰত্যেক বৰ্ষতে অসুৰৰ দৰ্প অহংকাৰ খৰ্ব কৰিবলৈ দেৱীৰ আৱিৰ্ভাৱ হয় ৷ কিন্তু এই অসুৰটোৰ শক্তি দিনকদিনে বাঢ়িহে গৈ আছে ৷ কাৰণ অসুৰক সাৰপানী জগাবলৈ মহিষাসুৰে আৰম্ভ কৰিছে নিচাহ মনোৰঞ্জনৰ অবাধ বেহা ৷ আৰু সকলোৱে এই নিচাহৰ বোৱতী নৈত অচেতন ভাৱে বৈ গৈ আছে ৷ কিন্তু দেৱীৰ শক্তি সীমিত হৈ শুকাই ক্ষীন হৈ পৰিছে ৷ সিংহৰ সেই তৰ্জনগৰ্জন শব্দ মহিষাসুৰৰ ভৰি চেলেকি থকাত ব্যস্ত ৷ পূজা এতিয়া আনন্দ,আমোদপ্ৰমোদৰ মনোৰঞ্জনৰ বেহা য’ত অগণন মহিষাসুৰে ভিৰ কৰিছে,হাঁহি হাঁহি মতলীয়া হৈ আনন্দত আত্মহাৰা হৈছে ৷ আজি মহিষাসুৰে পূজা পাতিছে ৷ অজ্ঞান ৰূপী মহিষাসুৰৰ প্ৰাচীৰ ভাঙি দেৱীৰূপৰ দ্বীপ প্ৰজ্বলিত কৰিব লাগিব অন্যথা মহিষাসুৰৰ আতংকত দিশহাৰা হ’ব আজিৰ জনগন ৷