আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহ
ৰঙিলী বাৰ্ত্তাসেৱা- আজি অসমলৈ আহিব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে শিলচৰৰ কুম্ভীৰগ্ৰাম বিমান বন্দৰৰ পৰা শিলচৰৰ পুলিচ পেৰেড গ্রাউণ্ডৰ হেলিপেডত উপস্থিত হ’ব। ইয়াৰ পৰা বিএছএফৰ হেলিকপ্টাৰেৰে কাছাৰ জিলাৰ কাটিগৰা সমষ্টিৰ ভাৰত-বাংলাদেশ সীমান্তবর্তী গাঁও নাতানপুৰ হেলিপেডলৈ যাব। পুৱা ১১.৫ বজাত নাতানপুৰৰ সীমান্ত আউটপোষ্টত উপস্থিত হৈ ১১.২৫ বজালৈ গৃহমন্ত্রী অমিত শ্বাহে সীমান্ত আউটপোষ্ট পৰিদৰ্শন কৰিব। ইয়াত তেওঁ কেন্দ্ৰীয় চৰকাৰৰ ‘ভাইব্রেন্ট ভিলেজ প্ৰ’গ্ৰাম’ৰ দ্বিতীয় পৰ্যায়ৰ আনুষ্ঠানিক শুভাৰম্ভ কৰিব। গৃহমন্ত্ৰীগৰাকীয়ে বিএছএফৰ নাতানপুৰ সীমান্ত চকী পৰিদৰ্শন কৰি সীমান্তৰ সুৰক্ষা ব্যৱস্থা আৰু বেৰাৰ কাম-কাজৰ বুজ ল’ব। পৰৱৰ্তী সময়ত তেওঁ বিজেপিয়ে অয়োজন কৰা বিশাল ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব। অনুষ্ঠানত তেওঁৰ লগতে উপস্থিত থাকিব মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা, কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল, সাংসদ-মন্ত্রী-বিধায়কসহ নেতা-কর্মী। কাছাৰ ভ্ৰমণৰ সময়তে তেওঁ বৰাক উপত্যকাত বিজেপিৰ হৈ এখন বিশাল জনসভাক সম্বোধন কৰি আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ চলাব। ইপিনে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ ২০ ফেব্ৰুৱাৰীত কাছাৰ জিলালৈ অহাৰ প্ৰস্তাৱিত ভ্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি কাছাৰ জিলা প্রশাসনে সর্বোচ্চ নিৰাপত্তা নিশ্চিত কৰাৰ বাবে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্রহণ কৰিছে। সমগ্ৰ কাছাৰ জিলাত ড্ৰ’ন ব্যৱহাৰৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছে। নিৰ্দেশ অনুসৰি উক্ত সময়ছোৱাত কোনো ব্যক্তিগত বা বাণিজ্যিক ড্রোন পৰিচালককে জিলাৰ সীমাৰ ভিতৰত ক’তো ড্র’ন চলাবলৈ দিয়া নহ’ব আৰু সেয়া সম্পূর্ণ নিষিদ্ধ কৰা হৈছে। কাছাৰ জিলাক ড্র’নমুক্ত অঞ্চল হিচাপে ঘোষণা কৰা হৈছে। উল্লেখযোগ্য যে দেশৰ স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহ কাছাৰ জিলালৈ আহিছে। কাছাৰ জিলাৰ কাটিগড়া বিধানসভা সমষ্টিৰ অধীনৰ ভাৰত-বাংলাদেশ সীমান্তৰ নাতানপুৰ এলেকা পৰিদৰ্শন কৰি ভাইব্রেন্ট ভিলেজ প্ৰ’গ্ৰাম-২ৰ আনুষ্ঠানিক উদ্বোধন কৰিব গৃহমন্ত্ৰীগৰাকীয়ে। লগতে তেওঁ আন্তঃৰাষ্ট্ৰীয় সীমান্তও পৰিদৰ্শন কৰিব। এই অনুষ্ঠানৰ জৰিয়তে কাছাৰৰ ভাৰত-বাংলা সীমান্তৰ সীমান্তৱৰ্তী অঞ্চলসমূহৰ আন্তঃগাঁথনি শক্তিশালী আৰু নিৰাপত্তা-সংলগ্ন উন্নয়ন বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। ভাইব্রেন্ট ভিলেজ প্ৰ’গ্ৰেম হৈছে ভাৰত চৰকাৰৰ এক পদক্ষেপ আৰু যাৰ লক্ষ্য হৈছে দুর্গম আৰু সীমান্তৱতী গাঁওসমূহ। বিশেষকৈ ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় সীমাৰ কাষত অৱস্থিত গাঁওসমূহৰ সৰ্বাংগীণ উন্নয়ন। মৌলিক সা-সুবিধাৰ অভাৱত সীমান্তবাসীয়ে যাতে প্ৰব্ৰজন নকৰে তাৰ বাবে পথ সংযোগ, গৃহ নির্মাণ, বিদ্যুৎ, টেলিকম নেটৱৰ্ক, স্বাস্থ্য, শিক্ষা, জীৱিকাৰ সুযোগ আৰু পৰ্যটনৰ উন্নতিত গুৰুত্ব আৰোপ কৰা হয়। ইপিনে আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰাক্ষণত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ সীমান্ত এলেকালৈ আগমন ৰাজনৈতিকভারে বিশেষ তাৎপর্যপূর্ণ বুলি বিবেচিত হৈছে। নির্বাচনী ৰণকৌশলৰ দিশৰ পৰাও তেওঁৰ ভ্ৰমণ অত্যন্ত গুৰুত্বপূৰ্ণ বুলি ৰাজনৈতিক বিশ্লেষকসকলে মত প্রকাশ কৰে।
