আজি অসমলৈ আহিব অমিত শ্বাহ

আজি অসমলৈ আহিব অমিত শ্বাহ

ৰঙিলী বাৰ্ত্তাসেৱা-  অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব লগা বিধানসভা নিৰ্বাচনৰ নির্বাচনী প্ৰচাৰৰ বাবে আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী  অমিত শ্বাহ। গৃহমন্ত্রী অমিত শ্বাহ লোকপ্রিয় গোপীনাথ বৰদলৈ বিমান বন্দৰত অৱতৰণ কৰাৰ পিছতে ৰাওনা হ’ব আৰ্য বিদ্যাপীঠ খেলপথাৰলৈ। চেন্ট্রেল গুৱাহাটী বিধানসভা সমষ্টিৰ প্রার্থী বিজয় গুপ্তাৰ হৈ এক বিশাল ৰ’ড শ্ব’ত অংশগ্রহণ কৰিব গৃহমন্ত্ৰীগৰাকীয়ে।ৰোড শ্ব’ৰ পাছতে হোটেল ভিভান্টাত ৰাজ্যিক বিষয়ববীয়াৰে বৈঠকত অংশ ল’ব কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহে। নিশাটো গুৱাহাটীতে কটাই দেওবাৰে ঢেকীয়াজুলি, টিহু সমষ্টিত বিশাল জনসভাত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।  ঢেকীয়াজুলিৰ বিজেপি প্রার্থী অশোক সিংহল আৰু টিহুৰ বিজেপি প্রার্থী চন্দ্রমোহন পাটোৱাৰীৰ হৈ নির্বাচনী প্ৰচাৰ চলাব  গৃহমন্ত্ৰীগৰাকীয়ে। ইফালে, ৩১ মার্চত কেন্দ্রীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অসমত উপস্থিত হৈ নির্বাচনী প্ৰচাৰ চলাব। প্রতিক্ষা মন্ত্ৰীগৰাকীয়ে পুৱাই লোকপ্রিয় গোপীনাথ বৰদলৈ বিমান বন্দৰতে পুৱাৰ আহাৰ গ্ৰহণ কৰি ৰাওনা হ’ব তেজপুৰৰ শ্বহীদ বাকৰিলে। ইয়াৰ পৰা কলেজিয়েট ফিল্ডলে ৰাওনা হ’ব। তেজপুৰৰ প্ৰাৰ্থী পৃথ্বিৰাজ ৰাভাৰ সমৰ্থনত এক বিশাল নির্বাচনী সভাত অংশগ্রহণ কৰিব। ইয়াৰ পিছত দেৰগাঁও সমষ্টিৰ প্ৰাৰ্থী মৃদুল কুমাৰ দত্তৰ সমৰ্থনত বালিজান বাগিচা খেলপথাৰত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে প্ৰচাৰ সভাত অংশগ্রহণ কৰিব। ইয়াৰ পৰা তেওঁ উভতি যাব বৰঝাৰলৈ আৰু বৰঝাৰৰ পৰা দিল্লীমুখে ৰাওনা হ’ব। অন্যহাতে, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্রী দেবেন্দ্র ফার্নাবিজে একেদিনাই গুৱাহাটীত উপস্থিত হ’ব। গুৱাহাটীৰ পৰা যোৰহাটলে বাওনা হৈ সমষ্টিটোৰ প্রার্থী হিতেন্দ্রনাথ গোস্বামীৰ সমর্থনত যোৰহাট ট্রাক স্ট্রেণ্ডত এখন সভাত অংশগ্ৰহণ কৰিব। যোৰহাটৰ পৰা ডিব্ৰুগড় অভিমুখে ৰাওনা হ’ব। ডিব্ৰুগড়ৰ জালান নগৰৰ ৰিফিউজী এম ই স্কুলৰ প্ৰাংগণত এক বিশাল নির্বাচনী সভাত অংশগ্রহণ কৰিব। ডিব্ৰুগড়ৰ পৰা মুম্বাইলৈ উৰা মাৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে।