আজি অনুষ্ঠিত হ’ব আছুৰ কাৰ্যনিৰ্বাহক সভা

pc- The Sentinel Assam

আজি অনুষ্ঠিত হ’ব আছুৰ কাৰ্যনিৰ্বাহক সভা

ৰঙিলী বাৰ্ত্তাসেৱা- আজি অনুষ্ঠিত হ’ব সদৌ অসম ছাত্ৰ সন্থাৰ গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক সভা। গুৱাহাটী বিশ্ববিদ্যালয়ৰ আছুৰ কাৰ্যালয়ত অনুষ্ঠিত হ’বলগা এই কাৰ্যনিৰ্বাহক সভাতে ঘোষণা হ’ব ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ নাম। বৰ্তমানৰ ৫গৰাকী সহকাৰী সাধাৰণ সম্পাদকৰ পৰা এজনক ভাৰপ্ৰাপ্ত সম্পাদক হিচাপে দায়িত্ব দিয়া হ’ব সংগঠনটোৰ।শংকৰজ্যোতি বৰুৱাৰ অৱ্যাহতিৰ পাছৰে পৰা আছুৰ সাধাৰণ সম্পাদক পদৰ বাবে একাধিক নেতাৰ নাম চৰ্চালৈ আহিছে। চৰ্চা অনুসৰি কাৰ্বি আংলঙৰ জনজাতীয় যুৱক চাৰ্জু হাঞ্চে সাধাৰণ সম্পাদক হোৱাটো এক প্ৰকাৰ নিশ্চিত। সমান্তৰালকৈ শিৱসাগৰৰ সমীৰণ ফুকনৰ নামো চৰ্চালৈ আহিছে। কিয়নো পূৰ্বৰে পৰা সাধাৰণ সম্পাদক পদৰ বাবে অন্যতম দাবীদাৰ আছিল সমীৰণ ফুকন। বিগত মৰিগাঁও অধিৱেশনতো সাধাৰণ সম্পাদকৰ অন্যতম দাবীদাৰ আছিল সমীৰণ ফুকন। মৰিগাঁও অধিবেশনত দায়িত্বৰ পৰা বঞ্চিত হৈছিল সমীৰণ ফুকন। পূৰ্বে ঐতিহ্যমণ্ডিত শিৱসাগৰ কলেজ, শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰো দুটাকৈ কাৰ্যকালৰ সাধাৰণ সম্পাদক আছিল সমীৰণ ফুকন।শংকৰজ্যোতি বৰুৱাৰ অব্যাহতিৰ পিছতে সাধাৰণ সম্পাদক পদক লৈ ব্যাপক চৰ্চা চলিছে আছুৰ মজিয়াত। এতিয়াও তিনি বছৰতকৈও অধিক সময় বাকী আছে আছুৰ বৰ্তমানৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যাকাল। যাৰ পৰিপ্ৰেক্ষিতত আছুৱে অনুষ্ঠিত কৰিব এখন সাধাৰণ সভা। পৰৱৰ্তী কাৰ্যকাল পৰিচালনা কৰাৰ বাবে এই সাধাৰণ সভাতে নিৰ্বাচন কৰিব নতুন সাধাৰণ সম্পাদক।এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে নাৰীজনিত কেলেংকাৰীত নাম সাঙোৰ খোৱা শংকৰজ্যোতি বৰুৱাৰ অৱ্যহতিৰ পাছতে খালী হৈ পৰিছিল সাধাৰণ সম্পাদকৰ পদ। সংঠনটোৰ এগৰাকী সদস্যাৰে প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠা প্ৰাক্তন সম্পাদক শংকৰজ্যোতিয়ে প্ৰতাৰণা কৰা বুলি ৰাজহুকৈ মন্তব্য কৰিছিল ছাত্ৰীগৰাকীয়ে। ইয়াৰ পাছতে সংগঠনটোৰ নেতৃত্বৰ পৰামৰ্শত সাধাৰণ সম্পাদকৰ পদ এৰিছিল বিতৰ্কিত শংকৰজ্যোতি বৰুৱাই।