আজিৰ  শিক্ষিত  পৰিবেশত  মানৱীয়তা  , আৰু   এগৰাকী মাতৃৰ  সন্তানৰ প্ৰতি  দায়িত্ব আৰু কৰ্তব্য – মিতালি বৰঠাকুৰ

pc StockCake

আজিৰ  শিক্ষিত  পৰিবেশত  মানৱীয়তা  , আৰু   এগৰাকী মাতৃৰ  সন্তানৰ প্ৰতি  দায়িত্ব আৰু কৰ্তব্য 

মিতালি বৰঠাকুৰ, মালিগাওঁ, গুৱাহাটী 

আজিৰ পৰিবেশ হ’ল উচ্চ শিক্ষাৰে শিক্ষিত , সমগ্ৰ পৃথিৱী হাতৰ মুঠিতে পোৱা আধুনিক প্ৰযুক্তিৰে পৰিবৰ্তিত এক বাত্যায়নৰ যুগ। কিন্তু তাৰ তুলনাত মানুহৰ  প্ৰমূল্যবোধ অতি নগন্য বুলি ক’লেও ভুল কোৱা নহয়। ক’ৰবাত যেন  ‘ মানুহ’  নামৰ জাতিটো অবনমিত হৈছে।  আজিৰ পৰিবেশত  সন্তানৰ বাবে শিক্ষাৰ সৰ্বাংগীন উন্নতি হৈছে।  কিন্তু  শিক্ষিত হৈয়ো বহু যুৱ প্ৰজন্ম অবাটে পৰিচালিত হৈছে।  যাৰ বাবে এগৰাকী মাতৃ হিচাপে নিজৰ সন্তানক  জীৱনৰ সঠিক পথ বিচাৰি লোৱাত যথেষ্ট নিষ্ঠাৱান হৈ তেওঁলোকৰ পথ সূচল কৰাত বিশেষ পদক্ষেপ লোৱাটো অতি প্ৰয়োজনীয় হৈ পৰিছে।

শিক্ষাই যুগে যুগে মানৱীয়তা ৰক্ষা কৰি আহিছে। বৰ্তমান পৰিবেশত মানুহে উচ্চ শিক্ষা লৈছে , ডাঙৰ ডাঙৰ ডিগ্ৰী লৈ  নিজক প্ৰতিষ্ঠা কৰিছে কিন্তু  নৈতিকতা বা মানৱীয়তাৰ দিশটো লাহে লাহে নিঃশেষ হৈ আহিছে।  দাৰ্শনিক কনফুচিয়াচে কৈছিল — ” মানুহে পানীৰ ওপৰেৰে  খোজ কঢ়া বা আকাশৰ ওপৰত উৰিব পৰাটো বিশেষ  বিস্ময়কৰ কথা নহয় । মানুহৰ জীৱনত   আটাইতকৈ বিস্ময়কৰ কথাটো হ’ল মাটিটেই শুদ্ধ ভাবে খোজ কঢ়াটোহে। ” অৰ্থাৎ মানুহে প্ৰকৃত মানুহ হৈ মাটিতেই শুদ্ধ ভাবে খোজ কঢ়াটোহে জীৱনৰ মূল লক্ষ্য।   আজিৰ শিক্ষা  বিশেষকৈ চিকিৎসা বিজ্ঞান , প্ৰযুক্তি বিদ্যা  , বাণিজ্যিক আৰু  কলা দিশত অগ্ৰাধিকাৰ দিয়া হৈছে আৰু তাৰ সু -ফলো পোৱা গৈছে।  কিন্তু  শিক্ষাৰ মূল লক্ষ্য হ’ল মানুহ ৰূপে নিজকে প্ৰতিষ্ঠিত কৰি দেশৰ তথা সমাজৰ হীত সাধন কৰা। তাৰ পৰিৱৰ্তে বৰ্ত্তমান শিক্ষাত মানৱীয় দিশ  যেন হেৰাই গৈছে। আজিৰ পৰিবেশ শিক্ষাৰ অনুকূল কিন্তু  এই শিক্ষাত  বাহ্যিকতাৰহে  পয়োভৰ বেছি  আন্তৰিকতা যেন হেৰাই গৈছে।  যাৰ ফলত আত্মীয়ৰ লগতে  চা – চিনাকিৰ অভাৱ ,  মাক- দেউতাকক অসন্মান , ভাই – ভনিৰ মাজত বিভেদ ,  আত্মহণন , উসৃঙ্খল সমাজ , ধৰ্ষণ , দুৰ্নীতি আদি অনেক দুষ্কৰ্মই আজিৰ পৰিবেশ কলুষিত কৰিছে। বিশেষকৈ যুৱ প্ৰজন্ম ধ্বংসৰ মুখলৈ আগবাঢ়িছে। এনে এক পৰিবেশত প্ৰতিগৰাকী  মাতৃৰ দায়িত্ব আৰু কৰ্তব্য হ’ল  নিজৰ সন্তানক কেনেকৈ মানৱীয় প্ৰমুল্য বোধেৰে অনুপ্ৰাণিত কৰি শৈক্ষিক দিশত আগুৱাই নিব পাৰি। কিয়নো শিশুৱে মাতৃৰ পৰাই জীৱনৰ আদিপাঠ গ্ৰহণ কৰে। আধুনিকতা আৰু আধুনিক জীৱনশৈলীৰ মেৰপেছত আজিৰ অভিভাৱক সকলে নিজৰ সন্তানক যিধৰণে প্ৰতিপাল কৰিব লাগে , যি সংস্কাৰ দিব লাগে এই ক্ষেত্ৰত কিছু বিফল হোৱা দেখা যায়।  যাৰ ফলত সন্তান বিপথে পৰিচালিত হয়। আজিৰ সময় ব্যস্ততাপূৰ্ণ সময়। অভিভাৱক সকলে নিজৰ সন্তানক সময় দিবলৈও কেতিয়াবা অপাৰগ হয়।তেনে ক্ষেত্ৰত এগৰাকী মাতৃ সদায় সচেতন হ’ব লাগিব কিয়নো মাতৃ সকল যিমান দায়িত্বশীল , প্ৰয়োজন সাপেক্ষে  সিমান কঠোৰ হ’লে সন্তান সকল সহজেই  নিয়মানুবৰ্তি হৈ উঠিবলৈ প্ৰয়াস কৰিব।  অপত্যস্নেহত ডুবি  মাতৃ সকলে কেতিয়াবা সন্তানক প্ৰচ্ছয় দিওঁতে দিওঁতে সন্তান বিপথে পৰিচালিত হোৱাও দেখা যায়।

শিশু সকল দেশৰ ধৰণী , মানৱ সম্পদ। সেয়ে শিশু সকলক আৰম্ভণিৰ পৰাই এক সুস্থ পৰিবেশ দিব লাগে। কিয়নো লেকেচি ভাঁজ দিয়াৰ দৰে কোমল বয়সতে শিশুক  ভাঁজ দিব লাগে। সৰুৰে পৰাই তেওঁলোকক মানসিক , শাৰীৰিক , নৈতিক আৰু আধ্যাত্মিক সকলো দিশতে সমানে আগবঢ়াই নিবলৈ প্ৰয়াস কৰিব লাগিব  আৰু এই ক্ষেত্ৰত মাতৃ গৰাকী  ধৈৰ্যশীলা , কষ্টসহিষ্ণুতা ,  নিয়মানুবৰ্তিতা, সত্যবাদীতা আৰু অনুশাসনপ্ৰিয়তা  আদি গুণৰ অধিকাৰী হোৱাটো  অতি প্ৰয়োজনীয়। যিয়ে এটি শিশুৰ জীৱনত নৈতিকতাৰ বীজ অংকুৰিত কৰি শিশুৰ  মনত সুপ্ত হৈ থকা সৎ গুণ বোৰৰ অধিকাৰী কৰি তুলিব পাৰে।  এটি সন্তান মাতৃৰ গৰ্ভত স্থিতি লোৱাৰ পৰা জন্ম হোৱালৈকে মাতৃ গৰাকীৰ চিন্তাধাৰা আৰু মানসিকতাৰ প্ৰভাৱ শিশুটিৰ ওপৰত পৰে।  সেয়ে  শিশুৰ বিকাশ সাধনত এগৰাকী মাতৃ সজাগ  হোৱাটো  যথেষ্ট জৰুৰী।  উদাহৰণ স্বৰুপে ভক্ত প্ৰহ্লাদৰ মাতৃ কয়াধুৱে নিতৌ হৰি কথা শ্ৰৱণ কৰিছিল ঋষি নাৰদৰ  আশ্ৰমত। যাৰ ফলস্বৰুপে  তেওঁৰ গৰ্ভত থকা প্ৰহ্লাদ ঈশ্বৰমুখী আৰু সৎ চৰিত্ৰৰ অধিকাৰী হৈছিল। চেষ্টাৰ অসাধ্য একো নাই। সেয়ে প্ৰতি গৰাকী মাতৃযে নিজৰ সন্তানক শিক্ষাৰ লগতে  সাত্বিক পোছাক , সাত্বিক আহাৰ, সাত্বিক জ্ঞান আৰু মাৰ্জিত ব্যৱহাৰ শিকাব লাগে যাতে শিশু সকলৰ  কৈশোৰ অৱস্থাতো মনত  বেয়া চিন্তাই বাঁহ ল’ব নোৱাৰে। কাৰণ কেতিয়াবা দেখা যায় মাতৃৰ  অমনোযোগিতাৰ বাবেই সন্তান বিপথে পৰিচালিত হ’বলৈ  সুবিধা পায়। সেয়ে মাতৃ গৰাকী এই ক্ষেত্ৰত সদায় সচেতন হ’ব লাগিব।

মনোবিজ্ঞানী সকলৰ মতে সকলো মানুহৰে কম – বেছি পৰিমাণে সৃজনী শক্তি থাকে। এই সৃজনী মূলক কৰ্মৰাশিৰ মাজতে শিশুৰ স্বতন্ত্ৰ ভাৱ আৰু নমনীয়তাৰে কৰিব পৰা চিন্তা শক্তিৰ উমান পাব পাৰি। শৈশৱ কালেই ইয়াৰ উপযুক্ত সময়। সেয়ে এগৰাকী মাতৃযে নিজৰ সন্তানে কি কৰি ভাল পায় , কেনেকুৱা পৰিবেশ বিচাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। বিশেষকৈ ঘৰখনত এটা প্ৰতিকুল পৰিবেশ   সৃষ্টি কৰিব লাগে যাতে , সন্তানৰ মানসিক আৰু শৈক্ষিক দুয়োটা দিশতে ফলপ্ৰসূ হয়।  আৰু  এই ক্ষেত্ৰত এগৰাকী মাতৃ  সদায় সচেতন হ’ব লাগিব যাতে   ঘৰখনত এটা সুন্দৰ বাতাবৰণ  সৃষ্টি হয়।

বৰ্তমান বিজ্ঞান আৰু প্ৰযুক্তিৰ যুগ , সেয়ে মাতৃ সকলে নিজৰ সন্তানক সৰুৰে পৰাই বিজ্ঞানৰ প্ৰতি আকৰ্ষিত  কৰিব লাগে । যাতে তেওঁলোক আগবাঢ়ি যোৱাৰ বাটটো মসৃণ হয়।  তেওঁলোকৰ নিজৰ ৰুচি অনুযায়ী সন্তানক আগবাঢ়ি যাবলৈ প্ৰেৰণা যোগাব লাগে ।  সদায় তেওঁলোকৰ প্ৰতি সহানুভূতিশীল আৰু বন্ধুত্বপূৰ্ণ  দৃষ্টিভংগীৰে আত্মবিশ্বাস জগাই তুলি বিকাশমুখী  কৰিবলৈ যত্নপৰ হ’ব লাগে। সন্তানক কেতিয়াও ঠাট্টা – মস্কৰা , মানসিক নিৰ্যাতন  আৰু আনৰ লগত তুলনা কৰি হেয় কৰিব নালাগে কিয়নো এনে কৰিলে সন্তানৰ  প্ৰতিভা বিকাশত বাধা হৈ আত্মবিশ্বাস কমি যায় আৰু হতাশাগ্ৰস্ত হ’বলৈ ধৰে।  সেয়ে আজিৰ পৰিবেশত সন্তানক কেতিয়াও এনে কৰা উচিত নহয়।  এগৰাকী মাতৃ এই ক্ষেত্ৰত সদায় সচেতন হোৱাটো অতি জৰুৰী। অন্যথা আজিৰ প্ৰজন্মই নিজৰ মাজতে মানসিক কষ্ট ভুগি বেয়া পথ ল’বলৈয়ো কুন্থাবোধ নকৰে। যাৰ ফলত আজিৰ পৰিবেশত আত্মহণনৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে।

আজিৰ পৰিবেশ হ’ল ডিজিটেল পৰিবেশ ।  মোবাইল , কম্পিউটাৰ , ইন্টাৰনেট আদিৰ  ব্যৱহাৰৰ মাজতে  সন্তানে শিক্ষাৰ দিশত অধিক আগবাঢ়ি গৈছে। গতিকে সন্তানক এনে মাধ্যমৰ পৰা আঁতৰাই ৰাখিব নোৱাৰি।  এই ক্ষেত্ৰত এগৰাকী মাতৃ সদায় সজাগ হ’ব লাগিব যাতে তেওঁৰ সন্তানে এই বিলাকৰ সু- ব্যৱহাৰ কৰিছেনে নাই। কাৰণ সকলো বস্তুৰে উপকাৰিতা আৰু অপকাৰিতা আছে। গতিকে সন্তানে সচেতন ভাবে উচিত ব্যৱহাৰ কৰিছেনে নাই তাৰ প্ৰতি লক্ষ্য ৰখাটো প্ৰতি গৰাকী মাতৃৰ দায়িত্ব ।  আজিৰ ব্যস্ততাপূৰ্ণ পৰিবেশত  সন্তানক শাৰীৰিক আৰু মানসিক  দিশত সুস্থ – সবল কৰি  তুলিবলৈ হ’লে সন্তানৰ লগতে মাতৃ  গৰাকীও   যথেষ্ট  নিষ্ঠাৱান আৰু কিছু ক্ষেত্ৰত নিজকে সংশোধন কৰি নিজৰ মনোবল অটুট ৰাখিব লাগিব। মুঠতে এগৰাকী মাতৃয়েহে  মৰম চেনেহৰ  মাজেদি এটা সুস্থ পৰিবেশ সৃষ্টি কৰি নিজৰ সন্তানক এজন প্ৰকৃত মানৱ সম্পদ ৰূপে গঢ়ি তুলিবলৈ যৎপৰোনাস্তি চেষ্টা কৰি যাব লাগে। পৰিবেশৰ লগত নিজকে খাপ খোৱাই সন্তানৰ হিত চিন্তা কৰি সঠিক দিশত আগুৱাই নিব পাৰিলে  প্ৰতিজন সন্তান  দেশৰ অমূল্য ৰত্ন হিচাপে জিলিকি থাকিব। কিয়নো সু চৰিত্ৰ  হ’ল একোটি উজ্জ্বল ৰত্ন। গতিকে এনে ৰত্ন পাবলৈ হ’লে প্ৰতি গৰাকী মাতৃৰ সন্তানৰ প্ৰতি সৰ্বদা যত্ন থাকিব লাগিব। তেওঁলোকৰ ভাল – বেয়া , ৰুচি – অভিৰুচি আদিৰ প্ৰতি লক্ষ্য ৰাখি নান্দনিক , শৈক্ষিক আৰু সাংস্কৃতিক দিশত আগবঢ়াই এজোপা পূৰ্ণাংগ বটবৃক্ষলৈ ৰূপান্তৰ কৰা দায়িত্ব এগৰাকী  সু-মাতৃৰ নিতান্তই প্ৰয়োজন। কিয়নো মাকৰ মৌসনা মাততে নিৰ্বাপিত হয়  সন্তানৰ ঠেঁহ -পেছ  , মৰম , খং- অভিমান আৰু দুখৰ কাৰণ ।

আজিৰ যান্ত্ৰিক তথা ব্যস্ত পৰিবেশত এগৰাকী মাতৃৰ এক গধূৰ দায়িত্ব আছে বুলি মই ভাবো। কিয়নো আজিৰ আধুনিক প্ৰযুক্তি বিদ্যাৰ উপৰিও সমাজত এজন প্ৰকৃত মানুহ ৰূপে জীয়াই থাকিবলৈ মানবীয়তা, প্ৰেম, সহনশীলতা আৰু অত্যাধিক পৰিশ্ৰম এক অমোঘ শক্তি । আৰু এই শক্তিৰে সন্তানক অনুপ্ৰাণিত কৰাৰ মুখ্য হোতা হ’ল এগৰাকী মাতৃ। যিয়ে সন্তানক এজন প্ৰকৃত মানৱীয় মূল্য বোধেৰে গঢ় দি দেশৰ তথা জাতিৰ ভেটি সুদৃঢ় কৰি মানৱ সম্পদ ৰূপে গঢ়ি তুলিব পাৰে।