আজিৰ পৰিৱেশত  সন্তানৰ প্ৰতি মাতৃৰ দায়িত্ব আৰু কৰ্তব্য – নিবেদিতা হাজৰিকা

Pc Integrated Catholic Life

আজিৰ পৰিৱেশত  সন্তানৰ প্ৰতি মাতৃৰ দায়িত্ব আৰু কৰ্তব্য

নিবেদিতা হাজৰিকা, লখিমপুৰ

মাতৃ আৰু সন্তানৰ সম্পৰ্ক হৈছে এক গভীৰ ,আন্তৰিক  আৰু অবিচ্ছেদ্য বন্ধন ,যি জন্মৰ পৰাই আৰম্ভ হয়। য’ত মাতৃয়ে সন্তানক শাৰীৰিক ,মানসিক তথা বৌদ্ধিক ভাবে লালন-পালন কৰে, পথ প্ৰদৰ্শন কৰে,নিৰাপত্তা প্ৰদান কৰাৰ লগতে সন্তানৰ  ব্যক্তিত্ব গঠনৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু দুয়োৰে মাজত বিশ্বাস, মৰম  তথা পৰস্পৰৰ প্ৰতি সন্মানৰ ভাব গঢ় লৈ উঠে।যাৰ বাবে  এগৰাকী মাতৃয়ে সন্তানৰ  প্ৰথম শিক্ষক আৰু আটাইতকৈ ডাঙৰ পথ  প্ৰদৰ্শকৰ  ভূমিকা পালন কৰে।মাতৃ আৰু সন্তানৰ সম্পৰ্ক হৈছে এনে এক  পবিত্ৰ  বন্ধন ,যি  জীৱনৰ প্ৰতিটো  স্তৰতে ,পৰ্যায়তে প্ৰভাৱ পেলায় আৰু  ইয়াৰ ওপৰত  ভিত্তি  কৰিয়ে  এখন সুস্থ সমাজ  গঢ় লৈ উঠাৰ বাট সুগম হৈ উঠে। সেয়ে এই ক্ষেত্ৰত এগৰাকী মাতৃৰ দায়িত্ব আৰু কৰ্তব্য  যথেষ্ট বেছি । সন্তানৰ সুন্দৰ ব্যক্তিত্ব,সুন্দৰ জীৱন এটা গঢ়ি তোলাৰ ক্ষেত্ৰত এগৰাকী মাতৃৰ বহু ত্যাগ আৰু কষ্ট জড়িত হৈ থাকে।
আজিৰ জটিল পৰিৱেশত এগৰাকী মাতৃৰ দায়িত্ব কেৱল সন্তানক শাৰীৰিক  ভাৱে সুস্থ ৰখাই নহয়, বৰঞ্চ এই সমূহৰ উপৰিও নৈতিক শিক্ষা, আদৰ্শ  দাঙি ধৰি , মানসিক  ভাৱে  শক্তিশালী কৰি  এজন সু-নাগৰিক হিচাপে গঢ়ি তোলা । মাতৃ গৰাকীৰ এনে সক্ৰিয় মনোভাৱ আৰু সক্ৰিয় সহযোগিতাই সন্তানক যথেষ্ট শক্তি প্ৰদান কৰে আৰু তেওঁলোকৰ মূল্যবোধ,আত্মবিশ্বাস  আৰু  জীৱনৰ প্ৰতি ইতিবাচক দৃষ্টিভংগীয়ে জীৱন সুগম কৰি তোলাত সহায় কৰে।পৰিৱৰ্তিত ,যান্ত্ৰিক আৰু সামাজিক চাপ (হেঁচা) ৰ মাজত  এগৰাকী মাতৃৰ এই দিশ সমূহৰ প্ৰতি ইতিবাচক সঁহাৰি আৰু ভূমিকা অধিক গুৰুত্বপূৰ্ণ।সন্তান  যাতে মানসিক চাপ ,বিচ্ছিন্নতা আদি ভাৱৰ সন্মুখীন নহয় বা হ’লেও যাতে এই সমূহ  চম্ভালি ল’ব পাৰে বা চম্ভালি ল’বলৈ শিকে ইয়াৰ বাবে মাতৃগৰাকীয়ে মৰম তথা সঠিক পথ নিৰ্দেশনা  কৰাৰ লগতে সন্তানক সৃজনীশীল  কামত উৎসাহিত কৰা উচিত।
আধুনিক যুগত  মাতৃ- সন্তান দুয়ো একেলগে মিলি পৰস্পৰে পৰস্পৰক বুজি ,তথ্য  প্ৰযুক্তিৰ  সৎ ব্যৱহাৰ কৰি নিজৰ দায়িত্ব পালন কৰিবলৈ যত্ন কৰা উচিত। কিয়নো, বৰ্তমান সময়ত  সন্তান সকলৰ বহুতেই ম’বাইল ,কম্পিউটাৰ আদিৰ মাজত সময় অতিবাহিত কৰা দেখা যায়। যিয়ে সন্তানৰ বহু ক্ষতি কৰিছে। সন্তানক এই সমূহৰ পৰা আতঁৰাই ৰাখিবলৈ হ’লে মাতৃ গৰাকী কৌশলী হ’ব লাগিব। উল্লেখ্য যে, আধুনিক যুগত   সন্তান পালন এক প্ৰত্যাহ্বান বুলি ক’লেও বঢ়াই কোৱা নহয়। এগৰাকী শিক্ষিতা মাতৃয়ে কিছু কৌশল অৱলম্বন কৰি কঠিন যেন লগা এই বিষয়টো সহজ কৰি তুলিব পাৰে।আধুনিক  মাতৃৰ দায়িত্ব ব্যাপক,য’ত সন্তানৰ শাৰীৰিক ,মানসিক , বৌদ্ধিক আৰু আধ্যাত্মিক সকলো দিশ সামৰি লোৱা হয় । যি  এক সুস্থ আৰু আত্মবিশ্বাসী ব্যক্তি হিচাপে সন্তানক গঢ় দিয়া ক্ষেত্ৰত সহায়ক হয়।
মাতৃগৰাকীয়ে  সন্তানক সামাজিক জীৱনৰ বাবে প্ৰয়োজনীয় আচৰণ তথা নিয়মবোৰ শিকোৱা উচিত। কিয়নো, বহু এনে ল’ৰা-ছোৱালী আছে যি সামাজিক সমাযোজন ঘটোৱাৰ ক্ষেত্ৰত ব্যৰ্থ। অৰ্থাৎ ,থাকিব লগা সামাজিক জ্ঞানৰ একেবাৰেই অভাৱ।যাৰ ফলত তেওঁলোকে  সমাজৰ সৈতে খাপ খাবলৈ যাওঁতে যথেষ্ট অসুবিধাৰ সন্মুখীন হয়। সেয়ে সৰুৰে পৰা সন্তানক সমাজৰ লগত,সামাজিক কৰ্মৰ লগত জড়িত কৰিবলৈ প্ৰয়াস কৰা উচিত।
সন্তানৰ  বস্তু কেন্দ্ৰিক মনোভাৱ বা আনক দেখুওৱাৰ মনোভাৱ  গঢ়ি তুলিবলৈ দিয়া অনুচিত। মাতৃ গৰাকী  নিজেও এনে হ’ব লাগিব। তেতিয়াহে সন্তানৰ তেনে মনোভাব গঢ় লৈ উঠিব বুলি আশা কৰিব পাৰি।সন্তানৰ লগত সময়ত কঠোৰ আৰু সময়ত বন্ধুৰ দৰে হ’ব লাগিব। যাতে সন্তানে নিঃসংকোচে সকলো কথা  প্ৰকাশ কৰিব পাৰে।
আধুনিকতাৰ প্ৰত্যাহ্বান  সমূহৰ সৈতে মোকাবিলা কৰি সন্তানক এক সুস্থ, সু  নাগৰিক হিচাপে  গঢ়ি তুলিবলৈ প্ৰয়াস কৰা উচিত।মাদক দ্ৰব্য , নিচাযুক্ত দ্ৰব্যৰ ভয়াবহতা সম্পৰ্কে সজাগ কৰা আৰু ইয়াৰ পৰা আঁতৰি থাকিবলৈ সন্তানক উৎসাহিত কৰা উচিত।
আধুনিক যুগত মাতৃগৰাকীয়ে সন্তানক প্ৰযুক্তিৰ সু আৰু কু প্ৰয়োগৰ মাজত থকা পাৰ্থক্য বুজাই দিয়া, সঠিক তথ্য বাছনি কৰা আৰু সময়ৰ সৎ ব্যৱহাৰ  কৰিবলৈ শিকোৱা উচিত।অন্যথা এই সমূহৰ অপ ব্যৱহাৰে সন্তানৰ ব্যাপক ক্ষতি সাধন কৰাৰ আশংকা নুই কৰিব নোৱাৰি।ইণ্টাৰনেট, যৌন ৰোগ (HIV ) আদিৰ দৰে বিষয়ত সজাগ -সচেতন কৰি তোলা উচিত।বিজ্ঞান -প্ৰযুক্তিবিদ্যাৰ ব্যাপকতাৰ বাবে সৃষ্টি হোৱা নতুন প্ৰত্যাহ্বান সমূহৰ বাবে মাতৃগৰাকীয়ে প্ৰথমে নিজকে সচেতন কৰি তুলি , অতীতৰ জ্ঞানৰ সৈতে বৰ্তমানৰ পৰিস্থিতিৰ সামঞ্জস্য ৰাখিবলৈ প্ৰয়াস কৰা উচিত।উল্লেখ্য যে, আধুনিক জগতত বস্তুবাদী  চিন্তাধাৰাই শিশু সন্তানৰ বিকাশত ঘৰ বা পৰিয়ালৰ  ভূমিকাৰ ক্ষেত্ৰত কিছু পৰিমানে পৰিৱৰ্তন আনিছে।বৰ্তমানৰ যুগটোৱেই হৈছে প্ৰযুক্তি বিদ্যাৰ যুগ।সন্তানক এই ধৰণৰ সামাজিক  মাধ্যম বা ইণ্টাৰনেটৰ  ব্যৱহাৰৰ পৰা আঁতৰাই ৰখাটো একেবাৰে সম্ভৱ নহয়। সেয়ে মাতৃ গৰাকীয়ে সচেতন ভাৱে এই মাধ্যম সমূহৰ প্ৰয়োগ, সুযোগ -সুবিধা সমূহ গ্ৰহণৰ ক্ষেত্ৰত  সহায়  কৰা উচিত , সকলো up to date  জ্ঞানৰ  লগত সন্তান আৰু মাতৃ উভয়ে  পৰিচিত হৈ থাকিবলৈহে  যত্ন কৰিব লাগে।
বিজ্ঞান -প্ৰযুক্তি বিদ্যাৰ  আগ্ৰাসনে আগতকৈ  বহু দিশত পৰিৱৰ্তন সাধন কৰিছে। ফলত সন্তান আৰু অভিভাৱকৰ ধ্যান-ধাৰণা  সমূহৰ ক্ষেত্ৰতো পৰিৱৰ্তন, পাৰ্থক্য  দেখিবলৈ পোৱা গৈছে। এই ক্ষেত্ৰত সমতা স্থাপন কৰিব নোৱাৰিলে পৰস্পৰৰ মাজত  অসুবিধাই দেখা দিয়াটোৱে স্বাভাৱিক। সেয়ে উভয়ে উভয়ৰ ধ্যান-ধাৰণা সমূহৰ প্ৰতি সন্মান জনোৱা উচিত।    সন্তান  সকলৰ সুৰক্ষা , অনুশাসন  আদিৰ দায়িত্ব মাতৃ গৰাকীৰ  ওপৰতে স্বাভাৱিকতে বেছিকৈ পৰে।সেয়ে, বন্ধুত্ব সুলভ আচৰণেৰে তেওঁলোকৰ লগত  কথা-বাৰ্তা পাতিবলৈ যত্ন কৰিব লাগে যাতে সন্তানে নিঃসংকোচে সকলো  কথা ব্যক্ত কৰিবৰ সুবিধা লাভ কৰে।তেনে এক মুকলি পৰিৱেশত সন্তান বিপথে যোৱাৰ ভয় নাথাকে।সন্তানক বিপথে যোৱাৰ পৰা  ৰক্ষা কৰিবলৈ হ’লে মাতৃগৰাকীৰ গঠনমূলক চিন্তা ,উপদেশ ,নিৰ্দেশনা আদিৰ বিশেষ প্ৰয়োজন।কিয়নো,এই সমূহ পদক্ষেপে সন্তানক আগুৱাই নিয়াৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰে।সমাজত দেখা দিয়া বিশৃংখলতা, দুৰ্নীতি ,অশান্তি , অসূয়া আদিয়ে সামাজিক পৰিৱেশ বিনষ্ট কৰি তুলিছে,সামাজিক সুস্থতাৰ ক্ষেত্ৰত বিঘিনি ঘটাইছে। এই সকলো বোৰৰে মূল হৈছে মানৱীয়  তথা সামাজিক  মূল্যবোধৰ অভাৱ।সামাজিক সুস্থতাৰ বাবে সেয়ে মূল্যবোধৰ জাগ্ৰত কৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰাটো বিশেষ প্ৰয়োজন।ইয়াৰ বাবে সন্তানক শিশু অৱস্থাৰ পৰাই  সজ জ্ঞান লাভৰ পৰিৱেশ  , সজ জ্ঞান প্ৰদানৰ পোষকতা কৰা উচিত,যাতে ইয়াৰ জৰিয়তে মূল্যবোধৰ বীজ ৰোপন হয় আৰু সমাজ তথা জীৱনৰ মাজত এক সুসম্পৰ্ক গঢ় লৈ উঠাৰ সুবিধা হয়।
আধুনিক যুগত মাতৃগৰাকীয়ে সন্তানক কেৱল শাৰীৰিক ভাৱে ডাঙৰ -দীঘল কৰিলেই নহ’ব।এই সমূহৰ উপৰিও এজন পূৰ্ণাংগ মানৱ সম্পদ হিচাপে গঢ়ি তুলিবলৈও প্ৰয়াস কৰিব লাগিব। নিজৰ উন্নত চিন্তা-ধাৰা, ধ্যান-ধাৰণা , অভিজ্ঞতা ,নৈতিকতা আদি উন্নত ইতিবাচক চিন্তা-চৰ্চাৰে  নিজৰ সন্তানক  সু-পথে আগবাঢ়ি যাবলৈ উদ্গনি যোগোৱা উচিত , মনোবল বৃদ্ধি কৰিবলৈ প্ৰয়াস কৰা  উচিত।
উপদেশতকৈ আৰ্হি শ্ৰেষ্ঠ।সেই কথা মানি মাতৃ গৰাকীয়ে নিজেও এটা সৰল জীৱন যাপন কৰিবলৈ শিকিব লাগে আৰু সন্তানকো সেই শিক্ষা দিব লাগে।সন্তানক কেতিয়াও  বস্তুবাদী আৰু আত্মকেন্দ্ৰিক হ’বলৈ শিকোৱা উচিত নহয়।আনৰ সুখত সুখী আৰু আনৰ দুখত দুখী হ’বলৈ অৰ্থাৎ অনুভৱী হ’বলৈ শিকোৱা উচিত।অপ্ৰিয় হ’লেও সত্য যে  বহু সন্তানৰ মাজতে আজি-কালি নৈতিকতা, সততা,ভদ্ৰতা , সদাচাৰ ,শিষ্টাচাৰ  আদিৰ অভাৱ পৰিলক্ষিত হয়। বৰ্তমান সময়ত এই ধৰণৰ আচৰণ সন্তান সকলৰ মাজত বৰ বেয়াকৈ শিপাইছে। সময় থাকোতেই সন্তানক অনুশাসন, শিষ্টাচাৰ আদিৰ দৰে জীৱনৰ গুৰুত্বপূৰ্ণ পাঠ সমূহ শিকাব নোৱাৰিলে বা নিশিকালে বা এই সমূহ আওকাণ কৰিলে সময়ত ইয়াৰ  কুফল সকলোৱে ভোগ কৰিব লাগিব। সমাজত এই ধৰণৰ আচৰণে বিশৃখলতাৰ সৃষ্টি কৰাৰ আশংকা নুই কৰিব নোৱাৰি। সেয়ে,সময় হ’লে নিজেই শিকিব –  এই ভাব পৰিত্যাগ কৰি  মাতৃ গৰাকীয়ে সৰুৰে পৰাই সন্তানক  মানৱীয় গুণ সমূহ আয়ত্ব কৰিবলৈ উৎসাহিত কৰিব লাগে আৰু সন্তানৰ বেয়া দেখিলে আওকাণ কৰাৰ পৰিৱৰ্তে এই সমূহ শুদ্ধৰাই দিব লাগে । সন্তানৰ ভালৰ খাতিৰত  প্ৰয়োজন হ’লে এই ক্ষেত্ৰত মাতৃ গৰাকী কিছু কঠোৰ হ’ব লগীয়া হ’বও পাৰে বা হোৱা উচিত।সন্তানক সংস্কাৰী কৰি গঢ়ি তুলিব পৰাটো এগৰাকী মাতৃৰ বাবে  এক  বিৰাট সফলতা আৰু গৌৰৱৰ বিষয়। সেয়ে মাতৃ গৰাকীয়ে সেই গৌৰৱৰ অংশীদাৰ হ’বলৈ প্ৰয়াস কৰাৰ লগতে সন্তানক এক সুন্দৰ ,আদৰ্শ জীৱন উপহাৰ দিবলৈ সদা তৎপৰ হৈ থকা উচিত।
বৰ্তমান সময়ত  নৱপ্ৰজন্ম  অধিক  স্বাধীন , তথ্য  প্ৰযুক্তিৰ  সুবিধা পাবলৈ  সক্ষম হৈছে ,কিন্তু  সেই  সুবিধাৰ   অপব্যৱহাৰ  কৰি  নৱপ্ৰজন্মৰ  বহুতেই  মানসিক চাপ, বিচ্ছিন্নতা ,নৈতিক  অৱক্ষয়  , আত্ম বিশ্বাসৰ অভাৱ আদিৰ দৰে মানসিক ব্যাধিত আক্ৰান্ত হোৱা পৰিলক্ষিত হৈছে। সন্তানক এই সমূহৰ পৰা ৰক্ষা কৰিবলৈ , মনোবল ঘূৰাই আনিবলৈ মাতৃ গৰাকী  বিশেষ যত্নপৰ হ’ব লাগিব।কিয়নো, এনে  ব্যাধিৰ ফলত সন্তানৰ জীৱনলৈ সংকট নামি অহাৰো আশংকা নুই কৰিব নোৱাৰি।   কৈশোৰত ভৰি দিয়া সন্তানৰ ক্ষেত্ৰতেই  বিশেষকৈ এনে সমস্যা অধিক  হোৱা দেখা যায়। সেয়ে এনে বয়সৰ সন্তানৰ ক্ষেত্ৰত মাতৃগৰাকী সন্তানৰ মানসিক দিশটোৰ প্ৰতি বিশেষ সতৰ্ক হোৱা উচিত। বাহিৰৰ নেতিবাচক  পৰিৱেশৰ বাবে হোৱা ভয় বা চাপৰ পৰা সন্তানক  ৰক্ষা কৰাৰ বেলিকাও  মাতৃ গৰাকী সতৰ্ক  হ’ব লাগিব। কিয়নো, এনে ধৰণৰ মানসিক অৱস্থাত সন্তানটিৰ কাষত যদি মাতৃ গৰাকী সাহস হৈ থাকে তেন্তে হাজাৰ ধুমুহাৰ পাছতো সন্তানটিয়ে সাহস নেহেৰুৱায়। সন্তানৰ মনৰ বতৰা  ল’বলৈ মাতৃ গৰাকী অন্তত: সচেষ্ট হৈ থকা  উচিত।কিন্তু দুখৰ বিষয় সন্তানৰ মনৰ বতৰা  ল’বলৈ আজিৰ সময়ত বহু অভিভাৱকৰ সময়ৰ অভাৱ। যাৰ ফলত সন্তান আৰু অভিভাৱকৰ  মনৰ দূৰত্ব ক্ৰমাৎ বাঢ়ি গৈ থকা  পৰিলক্ষিত হৈছে। এগৰাকী আদৰ্শ মাতৃ হিচাপে সময়ৰ লগে-লগে  সন্তানক  জীৱনৰ লগত জড়িত সকলো  ভাল-বেয়া  দিশ  বুজাই দিয়া উচিত । অন্যথা ঘৰৰ বাহিৰৰ  পৰিৱেশে  সন্তানক  নেতিবাচক দিশটোকেই  আগতে  শিকোৱাৰ  সম্ভাৱনা  অধিক। মাতৃ গৰাকীয়ে সন্তানক  ভাল দিশ সমূহ কেনেদৰে গ্ৰহণ কৰিব লাগে , বেয়া বোৰক  কোন খিনিত  প্ৰত্যাখ্যান  কৰিব  লাগিব  সেই  কথা  বুজাই  দিয়া উচিত ।বন্ধুত্ব গঢ়াৰ ক্ষেত্ৰতো সতৰ্ক কৰি দিয়া উচিত।কিয়নো,বন্ধুৰ প্ৰৰোচনাত পৰি বিপথে  যোৱা ,অসৎ কৰ্ম কৰা উদাহৰণ বহু আছে। বন্ধুৰ বাবেই জীৱন হেৰুওৱা কাহিনীও সংঘটিত হৈছে আমাৰ এইখন সমাজতে। সন্তানৰ বাবে এই সমূহ সতৰ্ক বাণী মহৌষধ সম।সন্তানে  এই কথাবোৰ  বুজি উঠিব পৰা হয়  একমাত্ৰ  এগৰাকী  মাতৃৰ  তত্ত্বাৱধানত।সেয়ে মাতৃগৰাকী এই দিশটোৰ ওপৰত বিশেষ গুৰুত্ব দিয়া উচিত ।মানৱীয় গুণ সমূহক জাগ্ৰত কৰা  আৰু বেয়া ৰিপু সমূহক  দমন  কৰিবলৈ সন্তানক শিক্ষা দিয়া উচিত। এই শিক্ষাই সন্তানক অদূৰ ভৱিষ্যতে  জীৱনৰ বাটত আগবাঢ়ি যোৱাত যথেষ্ট সহায় কৰিব। মৰমৰ শাসনে মাতৃগৰাকীয়ে সন্তানক সকলো ফালে পুষ্ট কৰি গঢ়ি তুলিব পাৰে।ধৰ্মীয় তথা নৈতিক ভাৱাপন্ন  সন্তান গঢ় দিয়াৰ প্ৰয়াস কৰাটো এগৰাকী মাতৃৰ আটাইতকৈ  সুন্দৰ প্ৰয়াস। কিয়নো,আজিৰ সমাজত দেখা দিয়া অসূয়া,অপ্ৰীতি , বৰ্ধিত অসামাজিক কাৰ্যকলাপৰ মূলতে হৈছে নৈতিক জ্ঞানৰ অভাৱ, ভগৱানৰ প্ৰতি ভয়-ভক্তিহীন মনোভাৱ। আজিৰ একাংশ সন্তানৰ মাজত এই বদ গুণ, বদ মেজাজ আদিবোৰ বিদ্যমান। একাংশ গুৰু-গোঁসাই  নমনা সন্তানৰ  বাবেই  ঘৰুৱা তথা সামাজিক শান্তি নোহোৱা হৈছে, সামাজিক  পৰিৱেশ বিনষ্ট হোৱা পৰিলক্ষিত হৈছে।আধ্যাত্মিক চিন্তা-চৰ্চাৰ অভাৱৰ বাবে এনে সন্তানৰ আধ্যাত্মিক  অনুভূতি কম হোৱা দেখা যায়। যিয়ে সন্তানক বিপথগামী, অসৎ,অসামাজিক কৰ্মত লিপ্ত হ’বলৈ প্ৰেৰণা যোগায়। বিবেক দংশন বা সামাজিক ভয়ৰ পৰা এই সকল বহুত দূৰৈত। আধ্যাত্মিক ,নৈতিক জ্ঞানৰ অভাৱত  আজি  বহু জনেই আক্ৰান্ত বুলি ক’ব পাৰি। আনহাতে ,আমি আমাৰ চাৰিওফালে চকু দিলে দেখিম যে আমি বৰ্তমান এনে এখন সমাজত বৰ্তমান বাস কৰিছো বা সমাজখন এনে দিশলৈ পৰ্যবসিত হৈছে যে সমাজৰ সচেতন মহলৰ মনত আশংকা ,আতংকৰ   সৃষ্টি হৈছে। এই আশংকা কিন্তু অমূলক নহয়। বাহিৰৰ  পৰিৱেশ পূৰ্বৰ দৰে নিৰ্মল, অনুকূল হৈ থকা নাই। এই কথা নতুনকৈ কোৱাৰ হয়তো প্ৰয়োজন নাই। এই বিহ সমূহ চিনাক্তকৰণ তথা নিৰ্মূলৰ সময় আহি পৰিছে ।সেয়ে এই লিখনিৰ জৰিয়তে সমস্ত মাতৃ সমাজক এটাই আহ্বান জনাও যে বংশৰ গৌৰৱ, সমাজ তথা দেশৰ  ৰক্ষক স্বৰূপ আমাৰ এই সন্তান সকলক সুৰক্ষা কৱচ প্ৰদান কৰাটো মাতৃ সকলৰ বাবে বিশেষ প্ৰয়োজন আহি পৰিছে। আৰু তেতিয়াহে আপোনা-মোৰ সন্তানক নিশ্চিন্ত মনে  বাহিৰৰ সমাজ খনলৈ মুক্ত মনে পঠাব পাৰিম। পৰিয়ালৰ আবেষ্টনিত ,মাতৃৰ সু-শাসন, সহযোগত  গঢ় লৈ উঠা প্ৰতিটো সন্তানেই হৈ উঠিব একোটা উজ্বল জ্যোতিষ্ক। মাতৃ সমাজৰ এই ধৰণৰ সক্ৰিয় মানসিকতা তথা সহযোগিতাই  এখন সুস্থ- সৱল , নিৰাপদ সমাজ গঢ়াৰ ক্ষেত্ৰত বিশেষ ভূমিকা  পালন কৰিব । কেৱল নিজ সন্তানৰ বাবেই নহয়, সমাজৰ প্ৰত্যেক জন সন্তানৰ বাবে  মাতৃসমাজ সচেতন আৰু সতৰ্ক হোৱাটো সাম্প্ৰতিক সময়ৰ আহ্বান ।