আজিৰ পৰিৱেশত সন্তানৰ প্ৰতি মাতৃৰ দায়িত্ব আৰু কৰ্তব্য – পৰিস্মৃতা বৰা হাজৰিকা

Pc Pinterest

আজিৰ পৰিৱেশত সন্তানৰ প্ৰতি মাতৃৰ দায়িত্ব আৰু কৰ্তব্য

পৰিস্মৃতা বৰা হাজৰিকা,
 মাজুলী , নিকিনিখোৱা

শিক্ষা মানৱ জীৱনৰ চালিকা শক্তি । শিক্ষাই আমাক পোহৰ বিলাই । শিক্ষাই মানৱ জীৱনৰ বোৱতী সুতি । আমাৰ দেশৰ ধৰণী স্বৰূপ শিশু সকলৰ শিক্ষাৰ মূল ভেটি গ্ৰহণৰ ক্ষেত্ৰত এগৰাকী মাতৃৰ ভূমিকা যথেষ্ট গুৰুত্বপূৰ্ণ ।

” মা “এক ঈশ্বৰ প্ৰদত্ত শব্দ , যাক এবাৰ উচ্চাৰণ কৰিলেই পোৱা যায় সঞ্জীৱনী শক্তি । ” মা” এক স্বৰ্গীয় অনুভুতি । যত নিৰ্বাপিত হয় পৃথিৱীৰ সমস্ত দুখ , অভিমান আৰু সন্তানৰ হাজাৰ আপত্তি । মাতৃৰ সোকোমল কোলাত উঠি পাহৰি যায় সকলো অভিমান । মাকৰ কোমল হাতৰ পৰশত সন্তানে লাভ কৰে স্বৰ্গীয় সুখ ।

মাতৃ শব্দটো বৰ মধুৰ । এই শব্দটোৱে সমগ্ৰ মাতৃ জাতিক সামৰি লৈছে । ” মা “মানে লক্ষ্মী আৰু “তৃ ” মানে অক্ষৰে পাৰ কৰা । এগৰাকী মাতৃয়েই হৈছে সন্তানৰ প্ৰথম শিক্ষাগুৰু । সেয়ে শাস্ত্ৰমতে মাতৃগৰাকীক আদি গুৰু আখ্যা দিয়া হয় । আজিৰ সমাজত মাতৃৰ দায়িত্ব অপৰিসীম । মাতৃৰ স্তনৰ অমৃত সদৃশ দুগ্ধপান কৰি সন্তানে অনুভৱ কৰে পৃথিৱীৰ সমস্ত সুখ । সন্তানৰ মুখত উচ্চাৰিত প্ৰথম শব্দই হৈছে ” মা” ।

কবিৰ ভাষাৰে —-

” কোনে মোক তুলি – তালি কৰিলে ডাঙৰ
মৌসনা মিঠা মাতে নালাগে ভাগৰ । “

এগৰাকী মাতৃয়ে গৰ্ভত সন্তানে স্থিতি লোৱাৰে পৰা দহ মাহ দহ দিন ব্যস্ত থাকে সন্তানক নতুন পৃথিৱীখনলৈ অনাত আৰু গৰ্ভাৱস্থাতেই শিশুৰ শাৰীৰিক , মানসিক আৰু বৌদ্ধিক বিকাশত ব্যস্ত থাকে মাতৃ গৰাকী । শিশুৰ কৈশোৰ অৱস্থালৈকে শাৰীৰিক , মানসিক , নৈতিক শিক্ষাৰে সুচৰিত্ৰ গঠনত শিক্ষা দিয়াৰ দায়িত্ব মাতৃ গৰাকীৰ লগতে ঘৰখনৰ ।

এগৰাকী মাতৃয়ে গৰ্ভত সন্তানে স্থিতি লোৱাৰে পৰা বিভিন্ন নীতি নিয়মৰ মাজেদি সময় পাৰ কৰিব লগা হয় । ৰামায়ণ , মহাভাৰত , পুৰাণ আদি শাস্ত্ৰসমুহতো আমি দেখা পাওঁ যে গৰ্ভাৱস্থাত ভগৱানক চিন্তা কৰি থকা মাতৃৰ উদৰতহে মহাভক্তৱান সন্তানৰ জন্ম হৈছিল ।

উপনিষদৰ মতে — হাজাৰজন পিতৃতকৈ এগৰাকী মাতৃ শ্ৰেষ্ঠ।

এগৰাকী মাতৃয়েই হৈছে সন্তানৰ প্ৰথম শিক্ষাগুৰু । শিশু শিক্ষাৰ প্ৰথম কঠিয়তলী হৈছে ঘৰখন । ঘৰখনৰ পৰিৱেশেই শিশুক শিক্ষাৰ প্ৰতি আকৃষ্ট কৰে । শিশুক কথা কোৱা, আচৰণ , সততা , মূল্যবোধৰ শিক্ষা দিয়াৰ দায়িত্ব মাতৃ গৰাকীৰ । মাতৃ গৰাকীৰ আচৰণে সন্তানৰ চৰিত্ৰ গঠনত সহায় কৰে । সেয়ে এগৰাকী মাতৃয়ে সন্তানৰ সন্মুখত ইতিবাচক দৃষ্টিভংগী দাঙি ধৰা উচিত , কিয়নো ” এশজন শিক্ষকে কৰিব নোৱাৰা কাম এগৰাকী আদৰ্শ মাতৃয়ে কৰিব পাৰে ” । এটা সন্তানে ঘৰৰ পৰা পোৱা শিক্ষাই বিদ্যালয় বা সমাজত নিজকে আগুৱাই নিয়াত সহায় কৰে ।

শিশুৰ নৈতিক চৰিত্ৰ গঠনত মাতৃৰ ভূমিকা অপৰিসীম । এগৰাকী মাতৃয়ে সন্তানক মূল্যবোধৰ শিক্ষা দিয়ে , ভাল বেয়া বিচাৰ কৰিবলৈ শিকাই, মানসিক আৰু আবেগিক বিকাশৰ বাবে সুস্থ পৰিৱেশ গঢ়ি তুলি সন্তানক আত্মবিশ্বাসী আৰু সহানুভূতিশীল হবলৈ শিকায় । মাতৃৰ আদৰ্শই হৈছে সন্তানৰ আদৰ্শ । এটি শিশুক মানৱীয় গুণেৰে সু -শিক্ষিত কৰি গঢ়ি তুলিব পৰাটো হৈছে আধ্যাত্মিক জ্ঞানৰ বিকাশ সাধন কৰা । দয়া ,মৰম , চেনেহ , সততা,ক্ষমা , সত্যবাদীতা , বিনয়ী, নম্ৰ , ধৈৰ্য, দেশপ্ৰেম আদি মানৱীয় গুণ । এটি শিশু জন্মৰ পৰা পাঁ‌চ বছৰ বয়সলৈকে নিৰ্ভৰ কৰে মাকৰ ওপৰত । গতিকে শিশুৰ মাত ফুটাৰ পৰা এই গুণ সমুহ দিবলৈ মাতৃয়ে যত্ন কৰিব লাগে ।এটি শিশুক মাতৃয়ে নিজৰ কামবোৰ নিজে কৰিবলৈ শিকোৱা উচিত । যেনে — খেলা সামগ্ৰীবোৰ নিজে আগৰ ঠাইত থোৱা , নিজে খোৱা , কাপোৰ পিন্ধা ইত্যাদি । এনে কামবোৰে শিশুক আত্মনিৰ্ভৰ হবলৈ শিকায় । সন্তানৰ সৰু – ডাঙৰ প্ৰতিটো চিন্তাক সন্মান দিবলৈ যত্ন কৰিব লাগে । ভুল – শুদ্ধ আঙুলিয়াই দিব লাগে । শিশুৰ প্ৰতিটো কামৰ কাৰ্যসূচী মাতৃগৰাকীয়ে বন্ধুসুলভ তদাৰক কৰিব লাগে । শিশুৰ মানসিক চাহিদা পুৰণৰ বাবে ভালপোৱা কামবোৰ কৰিবলৈ দিব লাগে । এগৰাকী নাৰীৰ বাবে মাতৃ হব পৰাটো গৌৰৱৰ কথা , কিন্তু সঁ‌চা অৰ্থত মাতৃত্বৰ গৌৰৱ অৰ্জন সহজ কথা নহয় । গৌৰৱৰ কথা হ’ল সন্তানক সৎ , আদৰ্শবান , সু-নাগৰিক হিচাপে গঢ়ি তুলিব পৰাটোহে ।

মানুহৰ মাজত মানুহ হৈ জীয়াই থাকি এখন সুন্দৰ সমাজৰ বাসিন্দা হবলৈ আমাক লাগিব সজ শিক্ষা আৰু সৎ চিন্তা । ইয়াৰ বাবে আমাৰ প্ৰথম শিক্ষানুষ্ঠান ঘৰখন আৰু শিক্ষাগুৰু হৈছে অভিভাৱক । শিশুৰ শৈশৱ আৰু কৈশোৰ অৱস্থাত অভিভাৱকৰ দায়িত্ব অপৰিসীম । এটি শিশুৰ সুস্থ আবেগিক বিকাশৰ বাবে ঘৰুৱা পৰিৱেশ সদায় অনুকূল হোৱাটো প্ৰয়োজন । সুখ আৰু আনন্দৰ মাজেৰে সন্তানক শিক্ষা দিয়াতো অতি প্ৰয়োজন ।

আজিৰ পৰিৱেশত সন্তানৰ প্ৰতি এগৰাকী মাতৃৰ দায়িত্ব কেৱল সন্তানৰ সু- স্বাস্থ্য গঢ় দিয়া বা শাৰীৰিক যত্ন লোৱাতেই সীমাবদ্ধ নহয় । এগৰাকী মাতৃয়ে সন্তানৰ নৈতিক , মানসিক ,বৌদ্ধিক আৰু আধ্যাত্মিক বিকাশৰ লগতে সমাজত নিজৰ সন্তানক সু-নাগৰিক হিচাপে গঢ়ি তোলা আৰু বৰ্তমান পৰিৱেশৰ লগত খাপ খুৱাই আগবাঢ়ি যাবলৈ শিক্ষা দিয়া আদি সকলো মাতৃ গৰাকী দায়িত্ব আৰু কৰ্তব্য ।

শিশুক কেতিয়াও হীনমন্যতা আৰু নিৰাপত্তাহীনতাত ভূগিবলৈ দিব নালগে । এগৰাকী মাতৃয়ে সময় , নিজৰ বুদ্ধি, পৰ্যবেক্ষণ ক্ষমতাৰে শিশুক পূৰ্ণ বিকাশত সহায় কৰে । মাতৃৰ সৰলতাৰ সুযোগ লৈ যাতে সন্তানে বিপথে পৰিচালিত নহয় তাৰ প্ৰতি মাতৃ গৰাকীয়ে সতৰ্ক দৃষ্টি ৰখাতো প্ৰয়োজন । শিশুৰ অনুশাসন বেছি কঠোৰ বা একেবাৰে শিথিল হোৱা অনুচিত । শিশুৰ বাবে খেলাৰ ভূমিকা আবেগিক দৃষ্টিকোণৰ অতিশয় গুৰুত্বপূৰ্ণ । ইয়াৰ জৰিয়তে কৰা অঙ্গ সঞ্চালন কাৰ্যই শিশুৰ আবেগিক উত্তেজনা সুস্থ আৰু সুখৰ কৰি তোলে । শিশুৰ আবেগ যাতে অচেতন মনত অৱদমিত হব লগা নহয় তাৰ প্ৰতি গুৰুত্ব দিয়া উচিত ।

শিশুৰ মনত সৃষ্টি হোৱা আত্মসন্মান , স্বাধীনতা , আত্মমৰ্যাদা , প্ৰশংসা এই গুণবোৰ অভিভাৱক তথা মাতৃ গৰাকীয়ে গুৰুত্ব দিয়া উচিত । এই সকলোবোৰ পূৰণ কৰিবলৈ মাতৃয়ে চেষ্টা কৰিব লাগে , যাতে শিশুৱে কেতিয়াও নিজকে অকলশৰীয়া , নিৰাপত্তাহীনতা , নিৰাশা আদি নেতিবাচক মনোভাৱৰ সন্মুখীন হব লগা নহয়। এগৰাকী মাতৃৰ পূৰ্ণ সহযোগীতা, আন্তৰিকতা , উদাৰতা , আত্ম – অনুশাসনেৰে প্ৰতিটো মুহুত্বত সন্তানক লগ দিব পাৰিলে তেওঁ নিশ্চয় আগুৱাই যাব । শিশুৰ ভালপোৱা বেয়াপোৱা সকলো ৰুচি গুৰুত্ব দি সন্তানক আগুৱাই নিয়াৰ দায়িত্ব মাতৃগৰাকী । সেয়েহে মাতৃ গৰাকী সদা সচেতন হোৱা প্ৰয়োজন । শিশুৰ মনত আধ্যাত্মিক ভাৱ বিকাশৰ বাবে প্ৰাৰ্থনা কৰোৱা দায়িত্ব মাতৃগৰাকী । শিশুৰ মনত প্ৰেম , মৰম , ভালপোৱা ভাৱ জাগ্ৰত কৰা দায়িত্ব মাতৃগৰাকী । শিশুৰ মনত কেতিয়াও হিংসা ভাৱৰ জন্ম হবলৈ দিব নালাগে । সেয়েহে এগৰাকী মাতৃয়ে কেতিয়াও নিজৰ সন্তানক আনৰ লগত তুলনা কৰিব নালাগে । সন্তানৰ খেল -ধেমালী , পঢ়া -শুনাত আনৰ লগত তুলনা কৰি গালি – শপনি পাৰিলেই সন্তানৰ মনত বিৰূপ ভাৱৰ জন্ম হয় । সন্তান যাতে বিপথে পৰিচালিত নহয় তাৰ বাবে মাতৃ গৰাকীয়ে গঠনমুলক পৰামৰ্শ আৰু ভাল উপদেশ দি শিশুক আগুৱাই নিব লাগে ।

বৰ্তমান সময়ত সমাজত দেখা দিয়া বিশৃংখলতা , অশান্তি , দুনীৰ্তি আতৰ কৰিবলৈ সন্তানক মূল্যবোধৰ শিক্ষা দিয়া প্ৰয়োজন ।

কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে কৈছিল — দেশ কাল পাত্ৰভেদে মানুহৰ বহুত পৰিৱৰ্তন ঘটিছে । কিন্তু শিশু শত শত বছৰৰ আগতে যেনে আছিল বৰ্তমানো তেনে আছে ।

শিশু ভগৱানৰ সৃষ্টি । যুগৰ পৰিৱৰ্তন হলেও শিশুৰ সৰলতা একেই আছে । এটি শিশুৰ ৬ বছৰৰ পৰা ৮ বছৰৰ এই সময়ছোৱাত শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধনৰ উপযুক্ত সময় । এই সময়তেই এটি শিশুৱে নজনাতো জানিবলৈ উৎসুক হৈ পৰে । ৯ পৰা ১২ বছৰৰ জটিল সময়চোৱাত শিশুৱে বাস্তৱ কাহিনী , দুঃসাহসিকতা , কাল্পনিক প্ৰৱণতা । জ্ঞান বিজ্ঞানৰ কথা জানিবলৈ ইচ্ছা প্ৰকাশ কৰে । এই সময়ত মাতৃ গৰাকী অতিশয় কাৰ্যক্ষম হব লাগে , নহলে শিশুসকল বিপথগামী হোৱাতো স্বাভাৱিক ।

কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে কৈছিল — ” A woman is the builder and moulder of a nation’s destiny. Though delicate and soft as a lily . She has a heart far stronger than that of man .” আমি সকলোৱে জানো যে বৰ্তমান সময়ত সমাজ ব্যৱস্থাত নৱ প্ৰজন্মক নিচাযুক্ত দ্ৰবি পংগু কৰি পেলাইছে । মদ , ভাং , বিড়ি , চিগাৰেট , ড্ৰাগ্‌চ আদি সেৱন কৰি বহুতো ফুল কলিতে মৰহি যোৱা উপক্ৰম হৈছে । এই ক্ষেত্ৰত সন্তানক গঠনমুলক পৰামৰ্শ আৰু বন্ধুত্বপূৰ্ণ আচৰণেৰে এগৰাকী মাতৃয়ে বিশেষ ভূমিকা পালন কৰি এখন সুস্থ আৰু নিকা সমাজ গঢ়াত অৰিহণা যোগাব পাৰে । এই ক্ষেত্ৰত এগৰাকী মাতৃয়ে নিজৰ লগতে আনৰ সন্তানকো ইয়াৰ পৰা আতৰাই আনিব পাৰে ।

আজিৰ যুগ বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ যুগ । শিশু অৱস্থাৰ পৰাই সকলো জ্ঞান লাভ কৰিবলৈ সুবিধা পাই । ব্যক্তিগত ৰুচি , অভিৰুচি , প্ৰবৃত্তি অনুসাৰে , স্বাভাৱিক সুন্দৰ আৰু শোভনীয় দিশবোৰ গ্ৰহণ কৰা , অশোভনীয় আৰু অহিতকৰ বিষয়বোৰ বৰ্জন কৰা শিক্ষা দিব লাগে এগৰাকী মাতৃয়ে । নিজৰ সমাজ খনৰ , জাতিটোৰ যাৰ দ্বাৰা উন্নতি হয় , তেনে কৰ্মহে আমি গ্ৰহণ কৰিব লাগে ।

মহামানৱ মহাত্মা গান্ধীয়ে কৈছিল — “পৃথিৱীৰ সকলো বতাহ মই মোৰ খিড়িকীৰে সোমাবলৈ দিম , কিন্তু সেই বতাহে মোক উৰুৱাই নিবলৈ নিদিওঁ ” —–এই উক্তিষাৰৰ লেকাম থাকে এগৰাকী মাতৃৰ হাতত । সঠিক সময়ত সন্তানক উচিত শিক্ষা দিলে সন্তান কেতিয়াও বিপথে নাযায় ।

” মাতৃ দেৱো ভৱ”

এগৰাকী নাৰীক দেৱীৰ লগত তুলনা কৰা হয় । এগৰাকী নাৰীৰ মাজত থকা বোধ শক্তি , সুনাম , আকৰ্ষণ , ধৈৰ্য্য , স্মৃতি শক্তি , উপদেশপূৰ্ণ কথা ক’ব পৰা শক্তি , ক্ষমা কৰিব পৰা এই শক্তিবোৰ থকাৰ বাবেই সন্তানক লালন -পালন কৰি উপযুক্ত ভাবে গঢ় দিবলৈ সক্ষম হৈছে । আজিৰ শিশু কালিলৈ দেশৰ ভৱিষ্যত । এটি সন্তানে নিজৰ লগতে আনৰো মংগল কৰিব পাৰে তাৰ বাবে সততা আৰু দৃঢ়তা , মানৱীয়তা গুণৰ প্ৰয়োজন । সেই গুণবোৰৰ শিক্ষা মাতৃ গৰাকীয়ে সৰুৰেপৰা দিয়া উচিত । তেতিয়াহে আমি আমাৰ সমাজ তথা জাতিৰ মংগল কামনা কৰিব পাৰিম ।