আজিৰ পৰা ৰাজ্যত তৃতীয়,চতুৰ্থ বৰ্গৰ নিযুক্তিৰ পৰীক্ষা

Pc Northeast Now(assamese)

আজিৰ পৰা ৰাজ্যত তৃতীয়,চতুৰ্থ বৰ্গৰ নিযুক্তিৰ পৰীক্ষা

ৰঙিলী বাৰ্ত্তাসেৱা-  আজিৰ পৰা ৰাজ্যত অনুষ্ঠিত হ’ব তৃতীয়,চতুৰ্থ বৰ্গৰ নিযুক্তিৰ পৰীক্ষা।কঠোৰ নীতি নিৰ্দেশনা আৰু নিৰাপত্তা ব্যৱস্থাৰ মাজত অনুষ্ঠিত হ’ব এই পৰীক্ষা। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে তৎপৰ হৈ পৰিছে ৰাজ্যৰ আৰক্ষী-প্ৰশাসন।পৰীক্ষা গৃহত নিৰ্দেশ অমান্য কৰা প্রার্থীয়ে নিলম্বনেই নহয় ভৱিষ্যতে কোনো নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ যোগ্যতা হেৰুৱাব। কি কি নিয়ম মানিব লাগিব? পুৱা ১০ বজাৰ পৰা ১২ বজালৈ আৰু দিনৰ ২ বজাৰ পৰা ৪ বজালৈ দুটা শ্বিফ্টত প্ৰথম পৰ্যায়ৰ পৰীক্ষা সম্পূৰ্ণ হ’ব।পৰীক্ষাত বিশেষভাৱে সক্ষম প্ৰাৰ্থীৰ বাবে সকলো সুবিধা থাকিব।অসমৰ ৩৫ খন জিলাৰ ভিতৰত মুঠ ২৫ খন জিলাত হ’ব এই পৰীক্ষা।যিবোৰ ঠাইত পৰীক্ষা অনুষ্ঠিত কৰিব সেই ঠাইসমূহত পৰীক্ষাৰ সময়ছোৱাত মোবাইল ইণ্টাৰনেট বন্ধ কৰা হ’ব।প্ৰতিটো পৰীক্ষা কেন্দ্ৰত এজন উপ-পৰিদৰ্শক পৰ্যায়ৰ আৰক্ষী বিষয়া নিয়োজিত কৰা হ’ব যাক আন আৰক্ষী কৰ্মীয়ে সহায় কৰিব।পৰীক্ষা কেন্দ্ৰত সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে ম’বাইল, ঘড়ী, পেন ড্রাইভ, ব্লুটুথ, কেলকুলেটৰ আদিৰ ব্যৱহাৰ।পৰীক্ষা কেন্দ্ৰৰ তত্ত্বাৱধায়কৰ বাহিৰে আন কোনোৱে ম’বাইল ব্যৱহাৰ কৰিব নোৱাৰিব।প্ৰাৰ্থীসকলৰ লগতে ইনভিজিলেটৰসকলক পৰীক্ষা কেন্দ্ৰলৈ মোবাইল ফোন বা আন যিকোনো ইলেক্ট্ৰনিক গেজেট কঢ়িয়াবলৈ বাধা দিয়া হৈছে।পৰীক্ষা কেন্দ্ৰৰ ১০০ মিটাৰ ব্যাসাৰ্ধত ১৪৪ ধাৰা জাৰি কৰা হ’ব।প্ৰাৰ্থীসকলে এডমিট কাৰ্ড, ফটো পৰিচয়-পত্ৰ, আধাৰ কাৰ্ড আদি নিব লাগিব।নিৰ্দিষ্ট শ্বিফ্টৰ পৰীক্ষা সমাপ্ত হোৱাৰ পিছত কোনো প্ৰাৰ্থীক পৰীক্ষা কেন্দ্ৰত পুনৰ প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া নহয়।যদি পৰীক্ষাৰ্থীয়ে প্ৰশ্নকাকত জমা নিদিয়ে, তেন্তে তেওঁক পৰীক্ষাত অনুপস্থিত বুলি ধৰা হ’ব।