আজিৰ পৰা ১৪ দিনীয়াকৈ খানাপাৰাত অনুষ্ঠিত হ’ব অসম গ্রন্থমেলা
ৰঙিলী বাৰ্ত্তাসেৱা- আজিৰ পৰা ৬ জানুৱাৰীলৈ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ’ব অসম গ্রন্থমেলা। ১৪দিনীয়া বর্ণিল কাৰ্যসূচীৰে গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ’ব অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাই যৌথভাৱে আয়োজন কৰা অসম গ্রন্থমেলা, গুৱাহাটী। সকলোৰে আকাংক্ষিত গ্রন্থমেলাখনৰ প্ৰস্তুতি ইতিমধ্যে সম্পূর্ণ হৈ উঠিছে। ১৪ দিনীয়াকৈ হ’বলগীয়া গ্রন্থমেলা সন্দৰ্ভত যোৱাকালি এখন সংবাদ মেল সম্বোধন কৰি অসম প্রকাশন পৰিষদৰ সচিব প্রমোদ কলিতাই এই বিষয়ে কয় যে ২০২৫-২৬ বৰ্ষৰ নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি বঙাইগাঁও, লখিমপুৰ, নলবাৰী, যোৰহাট, তিনিচুকীয়া, শিলচৰ আৰু মঙলদৈত অসম গ্রন্থমেলাৰ সফল সামৰণিৰ পিছত গুৱাহাটীত এই গ্রন্থমেলা আয়োজন কৰা হৈছে। ইয়াত মুঠতে ৰাজ্যৰ আৰু ৰাজ্যৰ বাহিৰৰ ১৩৫টাৰো অধিক প্রকাশন গোষ্ঠীয়ে যোগদান কৰিব। ইয়াৰ ভিতৰত আছে দিল্লী-হাৰিয়ানাৰ ১১টা, কলকাতাৰ ১৭টা, মুম্বাইৰ ২টা, হায়দৰাবাদৰ ১টা প্রকাশন গোষ্ঠী। সচিব প্রমোদ কলিতাই অসম গ্রন্থমেলা, গুৱাহাটীলৈ সকলো পক্ষৰে সহযোগিতা আন্তৰিকতাৰে কমনা কৰি কয়- ‘বিয়লি ৩ বজাত অসম গ্রন্থমেলা, গুৱাহাটীৰ উদ্বোধনী অনুষ্ঠান আয়োজন কৰা হ’ব। উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰিব মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। সভাখনত সভাপতিত্ব কৰিব শিক্ষামন্ত্রী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগুৱে। ইয়াত মুম্বাইৰ পৰা আহি সন্মানীয় অতিথিৰূপে অংশগ্ৰহণ কৰিব প্রসিদ্ধ সাহিত্যিক-লেখক আমিশ ত্রিপাঠীয়ে। সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামী।’ ১৪দিনীয়া অসম গ্রন্থমেলা, গুৱাহাটীৰ কাৰ্যসূচী সদৰী কৰি তেওঁ কয় যে প্রতিদিনেই ভাষা-সাহিত্য-সংস্কৃতি, ইতিহাস আৰু সমাজ জীৱনৰ বিভিন্ন প্ৰাসংগিক আৰু গুৰুত্বপূৰ্ণ বিষয়ক আধাৰ কৰি গ্ৰন্থমেলাত আলোচনা সত্র অনুষ্ঠিত হ’ব। সেই অনুসৰি ২৫ ডিচেম্বৰৰ বিয়লি ২.৩০ বজাত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবর্ষ উপলক্ষে ‘ড° ভূপেন হাজৰিকাৰ গীতত সমকালীনতা’ শীর্ষক আলোচনা সত্র আয়োজন কৰা হ’ব। বিশিষ্ট লেখক, অভিধান প্রণেতা সুমন্ত চলিহাৰ সঞ্চালনাত অনুষ্ঠিত হ’বলগীয়া এই আলোচনা সত্ৰখনত আলোচক অতিথিৰূপে অংশগ্ৰহণ কৰিব বিশিষ্ট সংগীত শিল্পী কমল কটকী, ৰঞ্জন বেজবৰুৱা আৰু বিশিষ্ট লেখক-সমালোচক ড° বিৰিঞ্চি কুমাৰ দাসে। ২৬ ডিচেম্বৰৰ বিয়লি ২.৩০ বজাত ‘কবি, গীতিকাৰ কেশৱ মহন্তৰ গীত-কবিতাৰ মাধুর্য’ শীর্ষক আলোচনা সত্ৰখন বিশিষ্ট সংগীত শিল্পী ৰমেন চৌধুৰীয়ে উদ্বোধন আৰু সাহিত্য-সমালোচক অৰিন্দম বৰকটকীয়ে সঞ্চালনা কৰিব। কবিগৰাকীলৈ জন্ম শতবৰ্ষৰ শ্রদ্ধার্ঘ্য জনাই আয়োজন কৰা এই আলোচনা সত্ৰত আলোচক হিচাপে অংশ ল’ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক, কবি-সমালোচক ড° এম কামালুদ্দিন আহমেদ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক, লেখক-সমালোচক ড° প্রাঞ্জল শর্মা বশিষ্ঠই। ২৭ ডিচেম্বৰত বিয়লি ১২ বজাত যুৱ লেখকৰ সন্মিলন ‘উন্মীলন’ উদ্বোধন কৰিব বিশিষ্ট সাহিত্যিক-সাংবাদিক মনোজ কুমাৰ গোস্বামীয়ে। লেখক-সমালোচক সমীৰ শাণ্ডিল্যই সঞ্চালনা কৰিবলগীয়া এই অনুষ্ঠানত নির্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব জর্জিয়া ইউনিভাৰ্ছিটাৰ অধ্যাপক, লেখক-সমালোচক আৰুণি কাশ্যপ। ইয়াৰ পিছত বিয়লি ৩ বজাত প্রসিদ্ধ কবি অজিৎ বৰুৱাৰ জন্ম শতবৰ্ষৰ শ্ৰদ্ধাৰ্ঘ্য হিচাপে অনুষ্ঠিত হ’ব ‘আধুনিকতাবাদ আৰু কবি অজিৎ বৰুৱা’ শীর্ষক আলোচনা সত্র। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, বিশিষ্ট সাহিত্য সমালোচক ড° আনন্দ বৰমুদৈয়ে সঞ্চালনা কৰিবলগীয়া এই আলোচনা সত্ৰত আলোচকৰূপে অংশগ্ৰহণ কৰিব কটন বিশ্ববিদ্যালয়ৰ দৰ্শন বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, বিশিষ্ট সমালোচক প্ৰদীপ খাটনিয়াৰ, কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক, কবি-লেখক ড° প্ৰাণজিৎ বৰা আৰু ছয়দুৱাৰ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপক, লেখক-অনুবাদক ড° অৰিন্দম শৰ্মাই। ২৮ ডিচেম্বৰত আয়োজন কৰা হ’ব অসম গ্ৰন্থমেলাৰ অন্যতম আকর্ষণীয় কার্যক্রমণিকা ‘শিশুৰ দিন’। পুৱা ৯.৩০ বজাত ‘শিশুৰ দিন’ উদ্বোধন কৰিব বিশিষ্ট শিশু সাহিত্যিক বন্দিতা ফুকনে। এইদিনটোতে সন্ধিয়া ৬ বজাত মুম্বাইৰ পৰা আহি অন্তৰংগ আলাপত অংশ ল’ব বিশিষ্ট লেখক, চিত্ৰ নাট্যকাৰ, কবি, গীতিকাৰ অক্ষত গুপ্তাই। এই অনুষ্ঠান পৰিচালনা কৰিব নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্য, বিশিষ্ট লেখক-সাংবাদিক ড° সমুদ্রগুপ্ত কাশ্যপে। ২৯ ডিচেম্বৰৰ বিয়লি ২.৩০ বজাৰ আলোচনা সত্ৰৰ বিষয় হৈছে ‘অসমীয়া উপন্যাসত সমাজ বাস্তৱতাঃ সাম্প্রতিক কথন’। আলোচনা সত্রখন উদ্বোধন কৰিব বিশিষ্ট সাহিত্যিক ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীয়ে আৰু সঞ্চালনা কৰিব বিশিষ্ট সাহিত্যিক-সাংবাদিক অনুৰাধা শৰ্মা পূজাৰীয়ে। ইয়াত আলোচক হিচাপে উপস্থিত থাকিব বিশিষ্ট সাহিত্যিক জয়ন্ত মাধৱ বৰা বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক, লেখক ড° বিমল মজুমদাৰ আৰু ৰাধাগোবিন্দ বৰুৱা মহবিদ্যালয়ৰ সহযোগী অধ্যাপক, লেখক ড° লিপিকা তালুকদাৰ। ৩০ ডিচেম্বৰত বিয়লি ২.৩০ বজাত ‘অসমীয়া সাহিত্যত ৰাজনৈতিক ছদ্মৰূপী ব্যাখ্যান’ শীর্ষক আলোচনা সত্ৰ উদ্বোধন কৰিব বিশিষ্ট ইতিহাসবিদ, মহাপুৰুষ শ্ৰীমন্তং শংকৰদেৱ বিশ্ববিদ্যালয়, নগাঁও (গুৱাহাটী গোট)ৰ অধ্যাপক ড° গজেন্দ্ৰ অধিকাৰীয়ে। ইয়াত আলোচক অতিথিৰূপে অংশ ল’ব জ্যেষ্ঠ সাংবাদিক-লেখক ৰূপম বৰুৱা, পুলিন কলিতা, প্রকৃতিবিদ-লেখক সৌম্যদীপ দত্ত, লেখক-সমালোচক দেৱিকা দত্ত, অভিজ্ঞান অনুৰাগ আৰু ভাস্কৰজ্যোতি নাথে। অনুষ্ঠানটি পৰিচালনা কৰিব জ্যেষ্ঠ সাংবাদিক-লেখক নৱ ঠাকুৰীয়াই। বছৰৰ শেষ দিনটোত অৰ্থাৎ ৩১ ডিচেম্বৰত বিয়লি ১ বজাৰ পৰা আয়োজন হ’ব বিশেষ অনুষ্ঠান ‘গ্ৰন্থ যাত্ৰাৰ সুহৃদ সম্বোধন’। এই অনুষ্ঠান পৰিচালনা কৰিব নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক, লেখক-গবেষক ড° অৰবিন্দ ৰাজখোৱাই। সিদিনা বিয়লি ৩ বজাত বিশিষ্ট কবি-লেখক, বিজ্ঞানী বিপুলজ্যোতি শইকীয়াৰ সঞ্চালনাৰে অনুষ্ঠিত হ’ব অসম গ্রন্থমেলা, গুৱাহাটীৰ কবি সম্মিলন। নৱবৰ্ষৰ প্ৰথম দিনা অর্থাৎ ২০২৬ বৰ্ষৰ ১ জানুৱাৰীত বিয়লি ২.৩০ বজাত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বিশিষ্ট সাহিত্যিক ড° ধ্ৰুৱজ্যোতি বৰাই উদ্বোধন কৰিব ‘গল্প গাথা’ শীর্ষক অনুষ্ঠান। এই অনুষ্ঠানটি সঞ্চালনা কৰিব কবি-গল্পকাৰ অতনু ভট্টাচাৰ্যই। ২ জানুৱাৰীত বিয়লি ২.৩০ বজাত ‘সাহিত্য আলচ’ শীর্ষক লেখক-পাঠক সমাৰোহ উদ্বোধন কৰিব জ্যেষ্ঠ আৰক্ষী বিষয়া, লেখক নোমল মাহাত্তাই। অনুষ্ঠানটি সঞ্চালনা কৰিব অসমীয়া প্রতিদিন কাকতৰ মুখ্য সহযোগী সম্পাদক অচ্যুৎ কুমাৰপাটোৱাৰীয়ে। ৩ জানুৱাৰীত দিনৰ ১১ বজাত আয়োজন হ’ব মহিলাসকলৰ ভিন্নসুৰী অনুষ্ঠান। বিয়লি ৩ বজাৰ পৰা বহুভাষিক কবি সম্মিলন সঞ্চালনা কৰিব কবি, চলচ্চিত্র সমালোচক অপৰাজিতা পূজাৰীয়ে। ইয়াত অংশগ্ৰহণ কৰিব হায়দৰাবাদ আৰু উত্তৰ প্ৰদেশৰ বিশিষ্ট কবিদ্ধয় ক্ৰমে ৰমেশ কার্তিক আৰু গৌৰৱ পাণ্ডেই। ৪ জানুৱাৰীতপুৱা ৯ বজাত অসম গ্রন্থমেলা, গুৱাহাটীৰ দ্বিতীয়টো ‘শিশুৰ দিন’ উদ্বোধন কৰিব কবি-সাহিত্যিক, গুৱাহাটী মহানগৰৰ আৰক্ষী আযুক্ত পাৰ্থসাৰথি মহন্তই। ৫ জানুৱাৰীৰ বিয়লি ২.৩০ বজাত অনুষ্ঠিত হ’ব ‘অসমীয়া নাট্য আন্দোলনঃ পৰম্পৰা আৰু বিৱৰ্তন’ শীর্ষক আলোচনা সত্র। বিশিষ্ট নাট্যকাৰ, পৰিচালক, অভিনেতা দুলাল ৰয়ে উদ্বোধন আৰু নাট্যকাৰ-পৰিচালক জিতেন শৰ্মাই পৰিচালনা কৰিবলগীয়া এই আলোচনা সত্রত আলোচক অতিথিৰূপে অংশগ্ৰহণ কৰিব নাট্যকাৰ, নাট পৰিচালক, নাট সমালোচক ক্রমে কৰুণা ডেকা, মাণিক আহমেদ, ড° সঞ্জীৱ কুমাৰ শৰ্মাৰ লগতে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক, লেখক ড° মৃণালজ্যোতি গোস্বামী আৰু চিৰাঙৰ শিক্ষণ মহাবিদ্যালয়ৰ অধ্যক্ষ, লেখক ড° চৈয়দা নাছিফা ইছলাম ৰাজবংশীয়ে। ইয়াৰ পিছতে সন্ধিয়া ৬ বজাৰপৰা অন্তৰংগ আলাপত অংশগ্ৰহণ কৰিব ওড়িশাৰ বিশিষ্ট সাহিত্যিক পাৰমিতা শতপথীয়ে। ৬ জানুৱাৰীত বিয়লি ২.৩০ বজাত অনুষ্ঠিত হ’ব অসম গ্রন্থমেলা, গুৱাহাটীৰ সামৰণী অনুষ্ঠান। সামৰণী অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰিব শিক্ষামন্ত্রী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগুৱে। সামৰণী সভাখনত সন্মানীয় অতিথিৰূপে অংশগ্ৰহণ কৰিব ওড়িশাৰ বিশিষ্ট সাহিত্যিকপাৰমিতা শতপথী, বিশিষ্ট লেখক-সাহিত্যিক অৰূপ কুমাৰ দত্ত, তেজপুৰ বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সম-উপাচাৰ্য ড° অমৰজ্যোতি চৌধুৰী আৰু এই সাহিত্য অকাডেমিৰ অসমীয়া ভাষা উপদেষ্টা সমিতিৰ আহ্বায়ক দিগন্ত বিশ্ব শর্মাই। গ্ৰন্থমেলাৰ প্ৰতি সন্ধিয়া বিভিন্ন বিদ্যায়তনিক অনুষ্ঠানৰ মাজত আয়োজন হ’ব মনপৰশা সাংস্কৃতিক অনুষ্ঠান।
