আজিৰ পৰা স্বৰ্গখন সুৰিয়া হʼল
চিমী বৰুৱা , মৰিগাঁও চৰাইবাঁহী
সুৰৰ ৰাজপুত্ৰ গেলাৰি
জুবিন গাৰ্গ , তোমাৰ বিদায় ,
চকুৰ পতা এতিয়া মোৰ ,
অশ্ৰৰে ভৰা ।
তোমাৰ গানবোৰে আমাক
দিছিল সুখৰ সুবাস,
এতিয়া তোমাৰ নিথৰ দেহে ,
আমাক কৰিছে হাহাকাৰ ।
তোমাৰ কণ্ঠত আছিল,
সংগীতৰ যাদু ,
এতিয়া সেই কণ্ঠ
নিথৰ হৈ গʼল ।
তোমাৰ অবিহনে আজি
সংগীতৰ জগতখন শূন্য ।
তোমাৰ গান “পাখি পাখি এই মন “
আজিও আমাক উৰিবলৈ শিকায় ।
“সোণৰ সজাঁত ৰাখিলোঁ , মৰমেৰে পালিলো “
ভালপোৱাৰ যি বেদনা তোমাৰ কণ্ঠত
সেয়া চিৰকাল অমল হৈ ৰʼব
অসমীয়াৰ হৃদয়ত ।
স্বৰ্গখন আজি সুৰিয়া
তোমাৰ উপস্থিতিত ।
তোমাৰ আত্মাই শান্তি লাভ কৰক
আমাৰ হৃদয়ত তোমাৰ স্মৃতি
চিৰদিন জিলিকি থাকিব ।