আজিৰ পৰা আৰম্ভ হ’ব এছিয়া কাপ ২০২৫
ৰঙিলী বাৰ্ত্তসেৱা- আজিৰ পৰা ইউ এ ইত আৰম্ভ হ’ব এছিয়া কাপৰ ১৭ সংখ্যক সংস্কৰণ ৷ আজি আবু ধাবিৰ জায়েদ ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এছিয়া কাপ ২০২৫ৰ উদ্বোধনী অনুষ্ঠান ৷ এই খেলখন ভাৰতত ৮ বজাৰ পৰা আৰম্ভ হোৱাৰ বিপৰীতে টছ হ’ব ৭:৩০ বজাত ৷ হংকঙৰ দলটোক ইয়াছিম মুৰ্তজাই নেতৃত্ব দিয়াৰ বিপৰীতে আফগানিস্তানক নেতৃত্ব দিব ৰছিদ খানে ৷ক্ৰিকেটপ্ৰেমীসকলে এই মেচখনৰ লগতে প্ৰতিযোগিতাৰ সকলো মেচ চ’নী স্প’ৰ্টছ নেটৱৰ্ক আৰু চনী লিভ এপত চাব পাৰিব। উল্লেখ্য যে টি-২০ ফৰ্মেটত খেলা এই প্ৰতিযোগিতাখনত মুঠ ৮ টা দলে অংশগ্ৰহণ কৰিছে ৷ প্ৰতিযোগিতাখনত ভাৰত, ওমান, পাকিস্তান আৰু ইউ এ ইক গ্ৰুপ এত স্থান দিয়াৰ বিপৰীতে আফগানিস্তান, বাংলাদেশ, হংকং আৰু শ্ৰীলংকাক গ্ৰুপ বিত স্থান দিয়া হৈছে ৷ মুঠ ১৯খন খেল প্ৰতিযোগিতাখনত অনুষ্ঠিত হ’ব ৷ এছিয়া কাপ ২০২৫ৰ দ্বিতীয়খন খেল বুধবাৰে অৰ্থাৎ ১০ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব ৷ এই মেচত ভাৰতে ইউ এ ইৰ বিৰুদ্ধে অৱৰ্তীণ হ’ব ৷ সূৰ্যকুমাৰ যাদৱৰ অধিনায়কত্বত থকা দলটোৱে এই প্ৰতিযোগিতাখন জয়ৰে যাত্ৰা আৰম্ভ কৰিব বিচাৰিব ৷