আজিৰ প্ৰজন্ম আৰু চেকনিৰ আগত বিদ্যাৰ মূল্যায়ন
কৰবী ভুঞা,
মুৰফুলনী বাগান গাঁও গোলাঘাট
আজিৰ যুৱশক্তি সচাকৈয়ে আচৰ্যজনক। কোনেও কাৰো কথা শুনিবলৈ সময় নাই। ব্যস্ততাৰ উজুহাতত আমিবোৰ একোটা যন্ত। চাঁওতে পচিশটা বসন্ত পাৰ কৰিছো। আজিও মনত পৰে বিদ্যালয়লৈ যোৱা প্ৰথম দিনটো। ঘৰৰ ওচৰৰ অতি আপোন, নামঘুৰীয়া প্ৰাথমিক বিদ্যালয়ত শিক্ষাৰ শিপাডাল পুতিছিলো।সেই শিপাডাল থন ধৰি উঠিছিল শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলৰ আদৰত।ভাল, বেয়া বিচাৰ কৰিবলৈ শিকাইছিল শিক্ষাগুৰুসকলে। চতুৰ্থ শ্ৰেনী পাৰ হৈ উচ্চ শিক্ষা গ্ৰহণ কাৰনে আমাৰ অঞ্চলৰ অন্যতম শিক্ষানুষ্ঠান ফলঙনী বাপুজী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাৰ্থী হৈ পৰিলো। সেইয়া এক অনন্য অনুভূতি,যি অনুভূতি লগত লৈয়ে বিশ্ববিদ্যালয়ৰ দেওনা পাৰ কৰিলো। প্ৰতিজন শিক্ষাগুৰু আছিল জ্ঞানৰ পূজাৰী। জীৱনৰ প্ৰতি কামত আগুৱাই যোৱা নেতৃত্ব প্ৰদান কৰিছিল । আমি পঢ়া,খেলা সকলো কামতে শিক্ষাগুৰু সকলে সহায় আগবঢ়ায়ছিল।
চেকনীৰ আগত বিদ্যা,আপ্ত বাক্যশাৰী দেউতাৰ মুখত প্ৰায়ে শুনিছিলো। প্ৰকৃতাৰ্থত শিক্ষাগুৰু বুলিলে কৃতজ্ঞতাত শিৰ নত হৈ পৰে। বিদ্যালয়ৰ শিক্ষা সাং কৰি বিভিন্ন ঠাইত শিক্ষাগ্ৰহণ কৰিলো, যোৰহাট মহাবিদ্যালয়, তেজপুৰ বিশ্ববিদ্যালয় আদিত পঢ়াৰ সুযোগ পালো। প্ৰতিজন শিক্ষাগুৰু পৰা জীৱনত আগুৱাই যোৱা সবল সাৰমৰ্ম লাভ কৰিছিলো। আজিও সেই প্ৰতিজন শিক্ষাগুৰুক দেখিলে যথোপৰনাস্তি সন্মান যাচো। কিন্তু যোৱা এঘাৰ অক্টোবৰত ফিলবাৰীত সংঘটিত শিক্ষক- ছাএৰ দুব্যৱহাৰৰ বাতৰি-কাকত শিৰোনামাই মোৰ দৰে বহুতৰ মনত ঘৃণাৰ ভাৱ সৃষ্টি কৰিছে। তথাকথিত কুলংঘ,গুন্দামি কৰি আৰু নেতাৰ নামত বিকৃত মগজুৰ মানসিকতা প্ৰতিফলন ঘটালে। এগৰাকী শিক্ষয়িতীয়ে নিজৰ সন্তান স্বৰূপ ছাত্ৰ-ছাত্ৰী সকলক কিবা এষাৰ কথা কঁওতে ইমান অভদ্ৰ আচৰণ কৰা এইবোৰে ই আমাৰ ভৱিষ্যতৰ উওৰাধিকাৰ, এইয়াই ছাত্ৰ সংগঠন ৰ প্ৰতিনিধি নেকি?? যিয়ে সাধাৰণ শিষ্টাচাৰ খিনি নাজানে,নিজৰেই সেই পয়ালগা অৱস্থা , তেওঁ আনক কি প্ৰতিনিধিত্ব কৰিব। এনেকুৱা হাজাৰজন কৰ্ণ বুঢ়াগোহাঁইক আমি বৰ্জন কৰো। শিক্ষক দিৱস দিনা কৰা আয়োজন তেই সকলো শেষ নহয় এইবোৰ পাবত গজা নেতাই বৰবৰ ভাষন ৰাখে মেল-মিটিংত।প্ৰত্যকৰ দৰে আমিও বিদ্যালয়ত আঁছাৰি কোব খাই পাইছো, আমিও কানত ধৰি পাইছো, আমিও বিভিন্ন সময়ত গালি- গালাজ শুনিছোঁ। কিন্তু সেইয়া আছিল জীৱন গঢ়াৰ বাবে আমাক দিয়া প্ৰকৃত শিক্ষা। যাৰ কাৰণে আমিবোৰ মানুহ হিচাপে আজিৰ স্হিতি লাভ কৰিছো। আজিও আমি শিক্ষাগুৰুক দেখিলে চাইকেলৰপৰা নামি দিও,সমানে চকীত নবহো, লগপালে মাতষাৰ দিয়াত হেলা নকৰোঁ। আজি লজ্জিত আমি ছাত্ৰ সমাজ, ইমান মানৱতাৰ অৱক্ষয়,মূল্যবোধৰ অৱনতি। কিন্তু কিয়?? আমাৰ ভৱিষ্যতৰ পথবোৰ আৰু ভয়লগা। এতিয়া হাজাৰ কান্দোনৰ ৰোল তুলিলেও, ভৰিত পৰি বাগৰি থাকিলেও ইয়াৰ মাফ নহয়,কাৰন কিছুমান কামে মানুহৰ অন্তৰ- আত্মক আঘাত হানে। শেষত এইবোৰ আলোচনা বা বাতৰি শিৰোনাম দখল কৰাটোৱেই আমাৰ শিক্ষা, সমাজ ব্যৱস্থাৰ অধপতনৰ দিশটো প্ৰতক্ষিত হৈছে। পৰবৰ্তী পৰ্যায়ত এই ধৰণৰ ঘটনাৰ পূনৰাবৃতি নহওঁক লগতে এই বিষয়ে উচ্চপযায়ৰ তদন্ত হঁওক।