আজিৰ অসমীয়াই জীয়াই ৰাখিব পাৰিব নে বিষ্ণু ৰাভাৰ সেই বিপ্লৱী সত্তাক ? – দেবর্ষি গৌতম

আজিৰ অসমীয়াই জীয়াই ৰাখিব পাৰিব নে বিষ্ণু ৰাভাৰ সেই বিপ্লৱী সত্তাক ?

দেবর্ষি গৌতম,
বনগাঁও

        বিষ্ণুপ্ৰসাদ ৰাভা নামটো কেৱল এগৰাকী ব্যক্তিৰ নাম নহয়। বিষ্ণুপ্ৰসাদ ৰাভা নামটো হৈছে এটা সত্তাৰ নাম, এটা অসমীয়া জাতিৰ আবেগ বিজড়িত বৃহত অনুষ্ঠানৰ নাম। অসমীয়া জাতিৰ মাজত বিষ্ণুপ্ৰসাদ ৰাভা এগৰাকী বিপ্লৱী শিল্পী আছিল বুলি এক বিশেষ পৰিচয় আছিল। ১৯০৯ চনৰ অবিভক্ত ভাৰতৰ ঢাকাত জন্মগ্ৰহণ কৰিছিল অসমী আইৰ সুযোগ্য সন্তান বিষ্ণুপ্ৰসাদ ৰাভাই। জন্মৰ পিছৰে পৰা কিন্তু বিষ্ণুপ্ৰসাদ ৰাভাই বিভিন্ন সমস্যাৰ মাজেদি নিজৰ জীৱন অতিবাহিত কৰিব লগীয়া হৈছিল। অবিভক্ত ভাৰতৰ ঢাকাত বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম হৈছিল যদিও কিন্তু বিভিন্ন কাৰণবশত তেওঁ তেজপুৰত আহি থিতাপি লৈছিল। জীৱন যাত্ৰাত যিমান সমস্যাই জুমুৰি দি ধৰিলেও কিন্তু বিষ্ণুপ্ৰসাদ ৰাভাই নিজৰ শিক্ষাগত জীৱনক সুন্দৰভাৱে আগবঢ়াই লৈ গৈছিল। স্কুলীয়া শিক্ষা সাং কৰাৰ পিছত বিষ্ণুপ্ৰসাদ ৰাভাই কলেজীয়া শিক্ষা গ্ৰহণৰ বাবে বহু কেইখন কলেজ সলনি কৰিবলৈ বাধ্য হয়। ইয়াৰ কাৰণ আছিল নিজৰ দেশ আৰু আই মাতৃৰ স্বাধীনতাৰ বাবে যি আন্দোলন হৈ আছিল সেই আন্দোলনৰ সৈতে বিষ্ণুপ্ৰসাদ ৰাভাই প্ৰত্যক্ষভাবে জঁপিয়াই পৰিছিল। যদি কোনোবা কলেজৰ পৰা বিষ্ণুপ্ৰসাদ ৰাভাক দেশৰ স্বাধীনতা আন্দোলনৰ সৈতে জড়িত হোৱাৰ বাবে বহিষ্কাৰ কৰিছিল আন কোনোবা কলেজৰ পৰা আকৌ পুলিচৰ অত্যাচাৰ সহিব নোৱাৰি তেওঁ কলেজ ত্যাগ কৰিবলৈ বাধ্য হৈ পৰিছিল। পুলিচৰ অত্যাচাৰত অতিষ্ঠ হৈ এটা সময়ত বিষ্ণুপ্ৰসাদ ৰাভাই কলেজীয়া শিক্ষা সমাপ্ত নকৰাকৈ ঘৰলৈ উভতি আহে। বিষ্ণুপ্ৰসাদ ৰাভাৰ দাম্পত্য জীৱনো বহুত বেছি সুখকৰ নাছিল। বিবাহ পাশত আবদ্ধ হোৱাৰ মাত্ৰ ২৮ দিনৰ পিছতে পত্নীৰ মৃত্যুৱে বিষ্ণুপ্ৰসাদ ৰাভাক আবেগিক কৰি তুলিছিল। পত্নীৰ মৃত্যুৰ পিছত শোক বিহ্বল হৈ বিষ্ণুপ্ৰসাদ ৰাভাই লিখিছিল  –

 ‘‘পৰজনমৰ শুভ লগনত
যদিহে আমাৰ হয় দেখা
পুৰাবানে প্ৰিয়ে এই জনমৰ
মোৰ হিয়াৰ অপূৰ্ণ আশা। ‘’

            ইয়াৰ পিছত বিষ্ণুপ্ৰসাদ ৰাভাই নিজৰ জীৱনটোক এক গতি প্ৰদান কৰিবলৈ দ্বিতীয়বাৰৰ বাবে বিবাহ পাশত আবদ্ধ হয় আৰু এগৰাকী জীৱন সংগীক নিজৰ জীৱনলৈ আদৰি আনে। কিন্তু বিধাতাই যেন অন্য কিবাহে বিষ্ণুপ্ৰসাদ ৰাভাৰ বাবে লিখি ৰাখিছিল। প্ৰায় বাৰ বছৰ সংসাৰ কৰাৰ পিছত তেওঁৰ দ্বিতীয় পত্নীৰো দুৰাৰোগ্য ৰোগৰ আক্ৰান্ত হৈ মৃত্যু হয়।  জীৱনৰ উত্থান-পতনৰ ধুমুহাই বিষ্ণুপ্ৰসাদ ৰাভাক নিজৰ কৰ্ম আৰু লক্ষ্যৰ পৰা তিলমাত্ৰও বিচলিত কৰিব পৰা নাছিল। দ্বিতীয় পত্নীৰ মৃত্যুৰ পিছত বিষ্ণুপ্ৰসাদ ৰাভাই নিজৰ জীৱনৰ স্থিৰতা অটুট ৰখাৰ স্বাৰ্থতে তৃতীয় বাৰৰ বাবে বিবাহপাশত আবদ্ধ হয়। এইবোৰ  বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱনৰ উত্থান-পতনৰ কিছু সংক্ষিপ্ত কাহিনীহে মাথোঁ। বিষ্ণুপ্ৰসাদ ৰাভাৰ ব্যক্তিগত জীৱনৰ ওপৰত যদি আমি পুংখানুপুংখ ভাবে আলোকপাত কৰিবলৈ যাওঁ তেনেহলে সেই কাহিনী বহু দীঘলীয়া হৈ পৰিব।

         নিজৰ জীৱনৰ বাস্তৱ পৰিস্থিতিৰ পৰা লাভ কৰা অভিজ্ঞতাই বিষ্ণুপ্ৰসাদ ৰাভাক এগৰাকী শক্তিশালী ব্যক্তিত্বৰ ব্যক্তি হিচাপে গঢ়ি তুলিছিল। বিষ্ণুপ্ৰসাদ ৰাভাৰ যি বহুমুখী প্ৰতিভা সেই প্ৰতিভাৰ পৰাই তেওঁৰ শক্তিশালী ব্যক্তিত্বৰ প্ৰমাণ আমি লাভ কৰিছো। বিষ্ণুপ্ৰসাদ ৰাভা ছাত্ৰ অৱস্থাত থকাৰ পৰাই বিভিন্ন কাকত আলোচনীত তেওঁৰ লেখা প্ৰকাশ হৈছিল। কেৱল এইয়াই নহয় ছাত্ৰ অৱস্থাতেই আলোচনী পৰিচালনা কৰাৰ ক্ষেত্ৰতো বিষ্ণুপ্ৰসাদ ৰাভাই সহযোগী হিচাপে দায়িত্ব পালন কৰিছিল। বিষ্ণুপ্ৰসাদ ৰাভা কেৱল এগৰাকী স্বাধীনতা সংগ্ৰামীয়ে নাছিল। বিষ্ণুপ্ৰসাদ ৰাভা আছিল এগৰাকী বহুমুখী প্ৰতিভা আৰু ব্যক্তিত্বৰ অধিকাৰী। বিষ্ণুপ্ৰসাদ ৰাভা এগৰাকী সু-সাহিত্যিক আছিল। তেখেতে লিখা ‘সংগীত আৰু শ্ৰীশ্ৰীশংকৰদেৱৰ গায়ন’ নামৰ প্ৰবন্ধটো সেই সময়ত সমগ্ৰ বৌদ্ধিক মহলৰ মাজত এক চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰিছিল। বিষ্ণুপ্ৰসাদ ৰাভা এগৰাকী সুদক্ষ নৃত্য পৰিচালক হিচাপেও নিজক প্ৰতিষ্ঠা কৰিছিল। জ্যোতিপ্ৰসাদ আগৰৱালাৰ জয়মতী কথাছবিত নৃত্য পৰিচালনা কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ১৯৩৯ চনত কাশী হিন্দু বিশ্ববিদ্যালয়ৰ পৰা লাভ কৰা আমন্ত্ৰণ ক্ৰমে বাৰানসীত ‘তাণ্ডৱ নৃত্য’ প্ৰদৰ্শন কৰি বিষ্ণুপ্ৰসাদ ৰাভাই যথেষ্ট খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছিল। এই নৃত্যত আপ্লুত হৈ সৰ্বপল্লী ৰাধাকৃষ্ণণে বিষ্ণুপ্ৰসাদ ৰাভাক ‘কলাগুৰু’ উপাধি প্ৰদান কৰে। বিষ্ণুপ্ৰসাদ ৰাভাৰ যি বহুমুখী ব্যক্তিত্ব আৰু প্ৰতিভা সেয়া  সংগীত, নৃত্য, চিত্ৰকলা, আৰু অভিনয়ৰ উপৰি সংগীত পৰিচালক আৰু কথাছবি পৰিচালক হিচাপে কৰা কামবোৰে ইয়াৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে। এগৰাকী সংগ্ৰামী শিল্পী হিচাপে বিষ্ণুপ্ৰসাদ ৰাভাৰ এক বিশেষ পৰিচয় আছে। বিষ্ণুপ্ৰসাদ ৰাভা কমিউনিষ্ট আদৰ্শৰ প্ৰতি বিশ্বাসী আছিল। এই কথা বিভিন্ন প্ৰতিষ্ঠিত লেখক সকলে তেওঁলোকৰ বিভিন্ন লেখাৰ জৰিয়তে প্ৰকাশ কৰিছে। ভাৰতীয় কমিউনিষ্ট দলৰ (চি পি আই) প্ৰাৰ্থী হিচাপে বিষ্ণুপ্ৰসাদ ৰাভাই বৰপেটা সমষ্টিৰ পৰা বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি পৰাজিত হয়। বিষ্ণুপ্ৰসাদ ৰাভাৰ কমিউনিষ্ট আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হৈ সেই চিন্তাধাৰাৰ সৈতে যুক্ত হোৱাৰ অপৰাধত চৰকাৰৰ ৰোষত পৰি কাৰাবাস খতিবলগীয়া হয়। নিৰ্বাচনত পৰাজিত হলেও সেই পৰাজয়ে বিষ্ণুপ্ৰসাদ ৰাভাক অকমানো বিচলিত কৰিব পৰা নাছিল। বৰঞ্চ আকৌ দুগুণ উৎসাহেৰে ১৯৬৭ চনত তেজপুৰৰ পৰা বিধানসভা নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা আগবঢ়াই আৰু জয়লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ পিছত ১৯৬৮ চনত তেওঁ আকৌ এবাৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াই যদিও এইবাৰ কিন্তু পৰাজয় বৰণ কৰিব লগীয়া হয়। সক্ৰিয় ৰাজনীতিত বিষ্ণুপ্ৰসাদ ৰাভাৰ অতি প্ৰত্যাহ্বান পূৰ্ণ এই যাত্ৰাই এটা কথা প্ৰতিপন্ন কৰিছে যে পৰিস্থিতি যিমান প্ৰতিকূল হলেও তাৰ সন্মুখত থিয় হৈ যুজঁ দিয়াৰ যি মানসিকতা আৰু সাহস সেয়া যদি অটুট থাকে তেনেহলে বিফলতাই সফলতাৰ সন্মুখত অৱশেষত হাৰ মানিবলৈ বাধ্য হৈ পৰে। অসমীয়া জাতীয় জীৱনত এক বিশেষ প্ৰভাৱ বিস্তাৰ কৰা এই মহান মানীষী গৰাকীৰ দুৰাৰোগ্য পাকস্থলীৰ কৰ্কট ৰোগত মৃত্যু হয় ১৯৬৯ চনৰ ২০ জুন তাৰিখে। মৃত্যুৰ পূৰ্বে যেতিয়া বিচনাত বিষ্ণুপ্ৰসাদ ৰাভাই জীৱন মৃত্যুৰ সৈতে যুঁজি আছিল তেতিয়া ভাৰতীয় কমিউনিষ্ট দলৰ অসম ৰাজ্যিক পৰিষদৰ ৰূপালী জয়ন্তী উপলক্ষে অনুষ্ঠিত সভাত উপস্থিত থাকিব নোৱাৰাৰ বাবে তেওঁৰ নিজৰ মনৰ কথা খিনি এখন চিঠিৰ জৰিয়তে প্ৰেৰণ কৰিছিল। চিঠিখনত লিখা প্ৰতিটো শব্দই প্ৰতিগৰাকী ব্যক্তিৰ হৃদয়ত স্পৰ্শ কৰিবলৈ সক্ষম হৈছিল। নৰিয়া পাটিত জীৱন মৃত্যুৰে যুঁজি থকাৰ পিছতো বিষ্ণুপ্ৰসাদ ৰাভাৰ নিজৰ দেশ তথা জাতিটোৰ প্ৰতি যি ভালপোৱা আছিল সেয়া সঁচাকৈ অতুলনীয় আছিল। জীৱনত কোনো বাধাক কেৰেপ নকৰি সাহসেৰে আগবাঢ়ি যোৱা বিষ্ণুপ্ৰসাদ ৰাভাই মৃত্যুৰ দুৱাৰদলিত উপনীত হোৱাৰ পিছতো নিজৰ মনত যেন অকমানো ভয় আৰু শংকা জাগ্ৰত হবলৈ দিয়া নাছিল। পুনৰ এবাৰ সোঁশৰীৰে বিছনাৰ পৰা উঠি আহি নিজৰ জাতিটোৰ বাবে কিবা এটা কৰাৰ বাবে যি হেঁপাহ সেয়া তেওঁৰ চিঠিত লিখা মনৰ কথাখিনিৰ পৰা সম্পূৰ্ণ স্পষ্ট হৈ পৰিছিল। বহু দেশপ্ৰেমমূলক গীত ৰচনা কৰি ৰাভাদেৱে অসমীয়া জাতিটোক প্ৰতিটো সময়তে উদ্বুদ্ধ কৰি ৰাখিবলৈ চেষ্টা কৰিছিল। বিষ্ণুপ্ৰসাদ ৰাভাই দেশ তথা অসমীয়া জাতিটোৰ বাবে আগবঢ়োৱা অৱদানৰ বাবে তেওঁৰ জন্ম শতবাৰ্ষিকীত ভাৰত চৰকাৰে এটা ডাকটিকত উন্মোচন কৰে। ইয়াৰ উপৰিও বিষ্ণুপ্ৰসাদ ৰাভাক সন্মান জনাই ৰাজ্যত প্ৰতিবছৰে ২০ জুন তাৰিখে ৰাভা দিৱস হিচাপে উদযাপন কৰা হয়। বিষ্ণুপ্ৰসাদ ৰাভাৰ সোঁৱৰণত সংস্কৃতি আৰু কৃষ্টিৰ জগতলৈ বিশেষ অৱদান আগবঢ়োৱা ৰাজ্যৰ বিশেষ ব্যক্তিসকলক প্ৰতি বছৰে ৰাজ্য চৰকাৰে বিষ্ণুপ্ৰসাদ ৰাভা বঁটা প্ৰদান কৰি আহিছে। বিষ্ণুপ্ৰসাদ ৰাভা নামৰ এই সত্বাটোৱে অসমীয়া জাতিটোক সংগ্ৰামী হোৱাত এক বিশেষ ভূমিকা পালন কৰিছে। শিল্প-কলাৰ জৰিয়তে আদায় কৰিব নোৱাৰা নিজৰ প্ৰাপ্য যে সংগ্ৰামৰ জড়িয়তে লাভ কৰিব পাৰি তাৰ এক সুন্দৰ নিদর্শন বিষ্ণুপ্ৰসাদ ৰাভাদেৱে অসমীয়া জাতিৰ বাবে দি থৈ গৈছে। প্ৰীতিটো পলতে অসমীয়া জাতিটোক জীয়াই ৰখাৰ বাবে যি সমৰ্পণ সেয়া বিষ্ণুপ্ৰসাদ ৰাভাদেৱে ৰচনা কৰা গীত আৰু লেখা সমূহত সম্পৰূপে প্ৰতিফলিত হৈছিল। বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ এই বিপ্লৱী শিল্পী সত্বাটোক আজিৰ অসমীয়া জাতিয়ে জীয়াই ৰাখিব পাৰিবনে ? বিষ্ণুপ্ৰসাদ ৰাভাৰ সপোনৰ অসমখন কেতিয়াবা গঢ়ি উঠিবনে ? দৰিদ্ৰ, নিপীড়িত লোকসকলক স্বাৱলম্বী কৰাৰ বাবে গঢ়ি তোলা সংগ্রামে কেতিয়াবা পূৰ্ণতা লাভ কৰিবনে ? আজিৰ তাৰিখত এই প্ৰশ্ন সমূহ কিন্তু সম্পূৰ্ণৰূপে প্ৰাসংগিক হৈ পৰিছে। যদি অসমীয়া জাতিটোৱে এই প্ৰশ্নসমূহৰ উত্তৰ শুদ্ধ ৰূপত বিচাৰি উলিয়াব পাৰে তেনেহলে নিশ্চিতভাৱে অসমীয়া জাতি এক সুন্দৰ ভৱিষ্যতৰ দিশে গতি কৰিব।