আজিৰে পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা
ৰঙিলী বাৰ্ত্তাসেৱা- অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ, চমুকৈ এছেবৰ অধীনত আজিৰে পৰা ৰাজ্যজুৰি আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা। প্রায় এমাহজোৰা কাৰ্যসূচীৰে ৰাজ্যৰ ১,০৪৬টা পৰীক্ষা কেন্দ্ৰত এইবাৰ মুঠ ৪,৩৮,৬৬৫ গৰাকী পৰীক্ষাৰ্থীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ’ব। এই সন্দর্ভত পৰীক্ষা নিয়ন্ত্রক নয়নজ্যোতি শর্মাই কয় যে মঙলবাৰৰ পুৱা ৯ বজাৰ পৰাই ৰাজ্যৰ সকলো কেন্দ্ৰত পৰীক্ষা অনুষ্ঠিত হ’ব। ইতিমধ্যে ব্যৱহাৰিক পৰীক্ষা সমাপ্ত হৈছে। মঙলবাৰৰ পৰা আৰম্ভ হ’ব লগা থিয়ৰী পৰীক্ষা অহা ২৭ ফেব্ৰুৱাৰীলৈ চলিব। তেওঁ কয় যে বিগত বৰ্ষৰ তুলনাত এইবাৰ পৰীক্ষাৰ্থী প্রায় ১৮ হাজাৰৰো অধিক। যাৰ বাবে পৰীক্ষা কেন্দ্ৰৰ সংখ্যাও বৃদ্ধি কৰিব লগা হৈছে। পূৰ্বৰ তুলনাত এইবাৰ ১১৭টা কেন্দ্ৰ বৃদ্ধি কৰা হৈছে। আনহাতে, পৰীক্ষা ব্যৱস্থাপনাৰ সমান্তৰালভাৱে উত্তৰবহী পৰীক্ষণৰ বাবেও সকলো সু-ব্যৱস্থা কৰা হৈছে। পৰীক্ষা নিয়ন্ত্রক শৰ্মাই কয় যে উত্তৰবহী মূল্যায়নৰ বাবে সকলো ব্যৱস্থা কৰা হৈছে। ৪৫টা মণ্ডলত উত্তৰবহীসমূহ মূল্যায়নৰ ব্যৱস্থা কৰা হৈছে। প্রশ্নকাকতৰ ক্ষেত্ৰতো এইবাৰ পৰিষদে কেতবোৰ ব্যৱস্থা গ্রহণ কৰিছে। হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ’ব লগা প্ৰতিগৰাকী পৰীক্ষাৰ্থীক শুভেচ্ছা জনাইছে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে।
