আজিৰে পৰা সংসদৰ শীতকালীন অধিৱেশন
ৰঙিলী বাৰ্ত্তাসেৱা- আজিৰ পৰা অনুষ্ঠিত হ’ব সংসদৰ শীতকালীন অধিৱেশন। অহা ১৯ ডিচেম্বৰলৈ চলিব এই অধিৱেশন। বন্ধৰ দিনসমূহ বাদ দি মুঠ ১৫ দিন চলিব অধিৱেশনৰ কাৰ্যসূচী। অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে দেওবাৰে অধিৱেশনৰ কর্মসূচী নির্ধাৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে আহ্বান কৰে এখন সৰ্বদলীয় বৈঠকৰ। এছআইআৰক লৈ চৰকাৰ আৰু বিৰোধীৰ মাজত চলি থকা দ্বন্দ্বৰ মাজতে দেওবাৰে অনুষ্ঠিত হয় এই সর্বদলীয় বৈঠক।কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে সংসদৰ দুয়োখন সদনৰ নেতাসকলৰ সৈতে বৈঠকত মিলিত হয় । সর্বদলীয় বৈঠকত কেন্দ্রীয় মন্ত্রী ৰাজনাথ সিং, অর্জুন ৰাম মেঘৱাল, জে পি নাড্ডাকে ধৰি অন্যান্য জ্যেষ্ঠ নেতাসকলে অংশগ্রহণ কৰে ৷ উক্ত বৈঠকতেই কিৰেন ৰিজিজুৱে বিৰোধী নেতাৰ কথাও শুনিব বুলিও কয় । বিৰোধী দলসমূহৰ সূত্ৰই প্ৰকাশ কৰা মতে তেওঁলোকৰ তৰফৰ পৰা এছআইআৰ, দিল্লী বিস্ফোৰণ আৰু বিদেশ নীতিক লৈ আলোচনাৰ দাবী জনোৱা হৈছে। বৈঠকত এই অধিৱেশনৰ দিন বন্ধৰ বাবে চমু হোৱাৰ বিৰুদ্ধে সৰৱ হৈ উঠে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ। তেওঁ অভিযোগ কৰে যে সংসদৰ অধিৱেশনৰ সময় কমাই দেশত সংসদীয় ব্যৱস্থাক খৰ্ব কৰিব বিচাৰিছে কেন্দ্ৰই। বৈঠকৰ অন্তত সাংবাদিকৰ আগত সাংসদগৰাকীয়ে কয়- ‘দেশৰ নিৰাপত্তাক লৈ আলোচনা বিচাৰিছোঁ আমি। দিল্লী বিস্ফোৰণে প্রমাণ কৰিছে যে আমাৰ গৃহ মন্ত্ৰালয় ব্যর্থ হৈছে। দ্বিতীয় বিষয়টো হ’ল দেশৰ গণতন্ত্ৰৰ সুৰক্ষা। ভোটাৰ তালিকা তথা নির্বাচনী ব্যৱস্থা সুৰক্ষাক লৈ আলোচনা হোৱা উচিত।’ বিৰোধীয়ে দিল্লীসহ সমগ্র দেশৰে বৰ্ধিত বায়ু প্ৰদূষণৰ বিষয়েও আলোচনা বিচাৰিছে। কেন্দ্ৰৰ ফালৰ পৰা বিৰোধী পক্ষৰ সহযোগিতা বিচাৰিছে অধিৱেশন কালত। সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কয়-বিতর্ক হোৱাটো সংসদৰ অংশ। আমি আশা কৰোঁ কোনো সমস্যাৰ সৃষ্টি নহ’ব। শান্ত মানসিকতাৰে কাম কৰিলে দেশৰ উপকাৰ হ’ব তথা অধিৱেশনখন নিয়াৰিকৈ চলিব।
