আজিৰে পৰা সংসদৰ বৰ্ষাকালীন অধিৱেশন আৰম্ভ

আজিৰে পৰা সংসদৰ বৰ্ষাকালীন অধিৱেশন আৰম্ভ

ৰঙিলী বাৰ্ত্তাসেৱা-  আজি অৰ্থাৎ ২১ জুলাইৰ পৰা আৰম্ভ হৈছে সংসদৰ বৰ্ষাকালীন অধিৱেশন।এমাহজুৰি অৰ্থাৎ ২১ আগষ্টলৈকে এই অধিৱেশন চলিব।চৰকাৰক ঘেৰাও কৰিবলৈ সাজু হৈছে বিৰোধীয। ভাৰত মিত্ৰজোঁটৰ বৃহৎ নেতাসকলেও বৈঠকত মিলিত হৈ বহু বিষয়ত নিজৰ কৌশল যুগুত কৰিছে। কিন্তু দেওবাৰে অনুষ্ঠিত সৰ্বদলীয় বৈঠকত চৰকাৰে সংসদৰ বৰ্ষাকালীন অধিৱেশনত বিৰোধীয়ে উত্থাপন কৰা সকলো বিষয়ৰ ওপৰত আলোচনা আৰু সঠিক উত্তৰ দিবলৈ সাজু বুলি উল্লেখ কৰে। উল্লেখ্য যে “অপাৰেচন সিন্দূৰ”ৰ পিছত এয়াই প্ৰথমবাৰৰ বাবে সংসদৰ পূৰ্ণাংগ অধিৱেশন অনুষ্ঠিত হৈছে ৷ সংসদৰ এই এমহীয়া অধিৱেশনত কেবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা হ’ব ৷ অৱশ্যে আগন্তুক স্বাধীনতা দিৱস উপলক্ষে ১২ আগষ্টৰ পৰা ১৭ আগষ্টলৈকে সংসদ অধিৱেশনৰ কাৰ্যক্ৰমণিকা নচলিব যদিও ১৮আগষ্টৰ পৰা পুনৰ অনুষ্ঠিত হ’ব লোকসভা আৰু ৰাজ্যসভা উভয় সদনৰে কামকাজ ৷ সংসদৰ এই বৰ্ষাকালীন অধিৱেশনতে কেবাখনো বিধেয়ক উত্থাপন হোৱাৰ সম্ভাৱনা আছে ৷ বিশেষকৈ জি এজ টি সংশোধনী, আয়কৰ আদিকে ধৰি কেবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক এই অধিৱেশনত উত্থাপন হ’ব ৷  ইয়াৰে ভিতৰত আছে ৰাষ্ট্ৰীয় খেল প্রশাসনিক বিধেয়ক, খনন আৰু খনিজ সংশোধনী বিধেয়ক, ৰাষ্ট্ৰীয় এন্টি ডাপিং সংশোধনী বিধেয়কসহ আঠখন বিধেয়ক সদনৰ মজিয়াত উত্থাপন হ’ব। কিৰেণ ৰিজিজুৱে কয় যে ন্যায়াধীশ বাৰ্মাৰ বিৰুদ্ধে মহা অভিযোগ চলোৱাৰ বাবে ১০০ গৰাকীতকৈ অধিক সাংসদে হস্তাক্ষৰ কৰিছে। ন্যায়াধীশ বাৰ্মাৰ বিৰুদ্ধে তেওঁৰ গৃহত বৃহৎ পৰিমাণৰ নগদ ধন জ্বলা অৱস্থাত উদ্ধাৰ হৈছিল। এই বিষয়টোক লৈ সদনৰ মজিয়াত আলোচনা হ’ব।