আজিৰে পৰা মাজুলী মহাবিদ্যালয়ত গ্ৰন্থমেলা

আজিৰে পৰা মাজুলী মহাবিদ্যালয়ত গ্ৰন্থমেলা

দ্বাৰ মুকলি কৰিব অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামীয়ে

বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- ‘কিতাপ চাওক, কিতাপ লওক, কিতাপ পঢ়ক’ এইষাৰকে মূল বাণী হিচাপে লৈ ঐতিহ্যমণ্ডিত মাজুলী মহাবিদ্যালয়ত কালিলৈৰ পৰা চাৰিদিনীয়াকৈ আৰম্ভ হ’ব লগীয়া ‘দ্বিতীয় মাজুলী মহাবিদ্যালয় গ্ৰন্থমেলা’ৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে।অসমৰ বিভিন্ন আগশাৰীৰ ভালেকেইখন প্ৰকাশন প্ৰতিষ্ঠানে মহাবিদ্যালয় বাকৰিত আটকধুনীয়াকৈ সাজু কৰি তুলিছে শেহতীয়া গ্ৰন্থসম্ভাৰেৰে পুষ্ট নিজা নিজা বিপনিসমূহ। শিক্ষাৰ্থীৰ মাজত অধ্যয়নস্পৃহা বৃদ্ধিৰ বাবে সময়ে সময়ে উদ্যোগ গ্ৰহণ কৰি থকা মাজুলী মহাবিদ্যালয়ৰ উদ্যোগত দ্বিতীয় বাৰৰ বাবে অনুষ্ঠিত কৰিবলৈ লোৱা এই বৰ্ণিল গ্ৰন্থমেলা কালিলৈৰ পৰা অহা ১০ এপ্ৰিললৈকে অনুষ্ঠিত হ’ব। কালিলৈ পুৱা ৯.৪৫ বজাত উত্তৰ কমলাবাৰী সত্ৰৰ বৈষ্ণৱ পদ্মশ্ৰী গোপীৰাম বৰগায়ন বুঢ়াভকত আতাই বন্তি প্ৰজ্বালন কৰাৰ পাছতেই এক মাংগল্য-পৰিৱেশৰ মাজত গ্ৰন্থমেলাখনি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামীয়ে। ১০ বজাৰ পৰা অধ্যক্ষ ডঃ দেৱজিৎ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিতব্য উদ্বোধনী অনুষ্ঠান আৰম্ভ হ’ব মহাবিদ্যালয়ৰ শিক্ষাগুৰুসকলৰ দ্বাৰা পৰিৱেশিত সমৱেত সংগীতেৰে। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ নিৰোদ বৰুৱা, তেজপুৰ বিশ্ববিদ্যালয়ৰ ভাষাতত্ত্ব বিভাগৰ অধ্যাপিকা ডঃ বিপাশা পাটগিৰি, মাজুলীৰ মহাবিদ্যালয়সমূহৰ অধ্যক্ষসকল প্ৰমুখ্যে বিশিষ্ট লোকসকলে। উদ্বোধনী অনুষ্ঠানৰ পাছতেই বিয়লি ১ বজাত মাজুলী জিলা সাংবাদিক সন্থাৰ আতিথ্যত, সন্থাৰ সভাপতি দিবাকৰ শইকীয়াৰ সঞ্চালনাত অনুষ্ঠিত হ’ব ‘সাংবাদিক সন্মিলন’। সন্মিলনত ‘গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে সাংবাদিকৰ কৰণীয়’ শীৰ্ষক এক বক্তৃতানুষ্ঠান অনুষ্ঠিত হ’ব। সাংবাদিক সন্থাৰ সম্পাদক ডিম্বেশ্বৰ দত্তই আঁত ধৰিবলগীয়া বক্তৃনানুষ্ঠানটি উদ্বোধন কৰিব ‘আপকু’ৰ কেন্দ্ৰীয় উপ সভাপতি জীৱন বৰুৱাই। আলোচক হিচাপে ভাগ ল’ব মাজুলী জিলা সাংবাদিক সন্থাৰ উপদেষ্টা বিপিন শইকীয়া, পীতাম্বৰ দেৱ গোস্বামী কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ঘনকান্ত নাথ আৰু মাজুলী জিলা সাংবাদিক সন্থাৰ উপদেষ্টা ৰঞ্জিৎ কুমাৰ ভূঞাই ৷ অনুষ্ঠানত সত্ৰীয়া শিল্পী তথা মাজুলী আউনীআটী হেমচন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ কৰুণা বৰা, ‘আপকু’ৰ মাজুলী জিলাৰ প্ৰাক্তন সভাপতি জ্যোতিষ কুমাৰ তামুলী, সদৌ মাজুলী জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা সূৰ্য কুমাৰ ভূঞা আৰু মাজুলী জিলা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ  সভাপতি মুনীন্দ্ৰ ভূঞা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব। বিয়লি ৪ বজাৰ পৰা মহাবিদ্যালয় প্ৰাক্তন শিক্ষাৰ্থী সন্মিলনৰ সভাপতি তথা বিশিষ্ট সাহিত্যিক সুৰেন্দ্ৰ নাথ মুদৈৰ সঞ্চালনাত এক ব্যতিক্ৰমী অনুষ্ঠান ‘লেখক-পাঠকৰ আড্ডা’ অনুষ্ঠিত হ’ব। অনুষ্ঠানত যুৱ লেখক-সম্পাদক জয়ন্ত হাজৰিকা, যুৱ সাংবাদিক উৎপল বৰা, যুৱ লেখক কুশদীপ হাটীমতা, যুৱ প্ৰাবন্ধিক ভবানন্দ হাজৰিকা, যুৱ লেখিকা পম্পী হাজৰিকা আৰু যুৱ অধ্যাপিকা কুঁকি কল্পিতা বৰাই অংশগ্ৰহণ  কৰিব। প্ৰতিদিনে পুৱা ৮.৩০ বজাৰ পৰা সন্ধ্যা ৮ বজা পৰ্যন্ত মুকলি হৈ থাকিবলগীয়া গ্ৰন্থমেলাত আয়োজক সমিতিৰ হৈ অধ্যক্ষ ডঃ দেৱজিৎ শইকীয়া, যুটীয়া আহ্বায়ক ডঃ অনুপ কুমাৰ দলে, ডঃ আমিনুল ইছলাম আৰু যুটীয় সমন্বয়ক প্ৰদীপ চন্দ্ৰ দাস আৰু প্ৰীতিৰেখা গগৈয়ে আহ্বান সকলো গ্ৰন্থপ্ৰেমীৰ সহায়-সহযোগিতা তথা দিহা-পৰামৰ্শ কামনা কৰিছে।