আজিৰে পৰা জোনাইৰ চিমেন চাপৰিত ৯২ সংখ্যক শংকৰ সংঘৰ অধিৱেশন আৰম্ভ
ৰঙিলী বাৰ্ত্তাসেৱা- আজিৰে পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে জোনাইৰ চিমেন চাপৰিত পৰমানন্দ আতা সমন্বয় ক্ষেত্ৰত ৯২ সংখ্যক শংকৰ সংঘৰ অধিৱেশন আৰম্ভ হৈছে ৷ এই হেতুকে জোনাইৰ চেৰেন পথাৰত বৰ্তমান উদুলি–মুদুলি পৰিৱেশে বিৰাজ কৰিছে। শুকুৰবাৰৰ পৰা জোনাইৰ চেৰেন পথাৰৰ পৰমানন্দ আতা সম্বন্ধয় ক্ষেত্ৰত আৰম্ভ হোৱা ৯২ সংখ্যক শংকৰ সংঘৰ অধিৱেশনত শ শ ভকত বৈষ্ণৱৰ আগমন ঘটিছে। প্ৰতিকূল বতৰকো নেওচি অসমৰ বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱৰ উপস্থিতিত অধিৱেশনস্থলী লোকেৰে লোকাৰণ্য হৈ পৰিছে। উল্লেখ্য যে, আজি পুৱা ৫ বজাৰে পৰা আৰম্ভ অধিৱেশনত প্ৰাতঃ প্ৰসঙ্গ, নাম প্ৰসঙ্গ, গছপুলি ৰোপণৰ পিছতে ১০ হাজাৰ লোকে একে লগে খাব পৰা ভোজনালয়, তিনি শতাধিক চৌকা, ১০০ টা প্ৰতিনিধি শিৱিৰ, বিভিন্ন উপ সমিতিৰ কাৰ্যালয়, গ্ৰন্থমেলা আৰু বানিজ্য মেলাৰ শুভ উদ্বোধন কৰা হয়। ইতিমধ্যে লক্ষ লক্ষ ভকত বৈষ্ণৱৰ আগমনেৰে দ্বিতীয় বৈকুণ্ঠলৈ পৰিণত হৈছে জোনাইৰ চেৰেণ পথাৰ।