আজিৰে পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা

আজিৰে পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা

ৰঙিলী বাৰ্ত্তাসেৱা- আজিৰ পৰা আৰম্ভ হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনত অনুষ্ঠিত হোৱা এই পৰীক্ষা স্বচ্ছ আৰু নিকাভাৱে অনুষ্ঠিত কৰাৰ বাবে পৰিষদে যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে বুলি পৰিষদৰ তৰফৰ পৰা সদৰী কৰিছে ।ৰাজ্যৰ ৮৫৬টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হ’ব পৰীক্ষা। প্ৰথমবাৰৰ বাবে সৰ্বাধিক পৰীক্ষাৰ্থী অৱতীৰ্ণ হ’ব। HSৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ’ব ৩,০৬,৯২৫ জন পৰীক্ষাৰ্থী। ১,৪৪,৫০২জন ছাত্ৰ, ১,৬২,৫২৩গৰাকী ছাত্ৰী। কলা শাখাত অৱতীৰ্ণ হ’ব ২,৩০,০৯১গৰাকী পৰীক্ষাৰ্থী, বিজ্ঞান শাখাত অৱতীৰ্ণ হ’ব ৫৭,৭২৪গৰাকী পৰীক্ষাৰ্থী আৰু বাণিজ্য শাখাত অৱতীৰ্ণ হ’ব ১৭,৮৬৯গৰাকী শিক্ষাৰ্থী। লগতে কাৰিকৰী শাখাত অৱতীৰ্ণ হ’ব ১,২৪১গৰাকী পৰীক্ষাৰ্থী। সূচী অনুসৰি আজি দিনৰ ১.৩০ বজাৰ পৰা ৪.৩০ বজালৈ ইংৰাজী বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ’ব । ১৭ মাৰ্চত পৰীক্ষাৰ সামৰণি পৰিব । পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিব পৰাকৈ পৰিষদে জিলা আৰু আৰক্ষী প্ৰশাসনৰ জৰিয়তে কঠোৰ সুৰক্ষামূলক ব্যৱস্থা গ্ৰহণ কৰিছে । পৰিষদৰ সচিব নৰনাৰায়ণ নাথে জনোৱা মতে প্ৰতিটো পৰীক্ষা কেন্দ্ৰৰ আশে-পাশে ভাৰতীয় নাগৰিক সংহিতাৰ ১৬৩ ধাৰা (পূৰ্বৰ ১৪৪ ধাৰা ) বলৱৎ কৰা হ’ব । কেন্দ্ৰসমূহত চি চি টি ভি কেমেৰা স্থাপন কৰা হৈছে আৰু পৰীক্ষা কেন্দ্ৰত ফ্লায়িং স্কোৱাডৰো ব্যৱস্থা কৰিছে ।আনহাতে অহা ১৫ ফেব্ৰুৱাৰীৰ পৰা পৰিষদৰ অধীনতে অনুষ্ঠিত হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা । এই পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে যাৱতীয় প্রস্তুতিৰ অন্তিম ৰূপ দিছে পৰিষদে । নতুন শিক্ষা পৰিষদৰ অধীনত প্ৰথমবাৰলৈ অনুষ্ঠিত হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা । ১৫ ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যখনৰ ৯৪৪ টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হ’ব ২০২৫ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা । এই পৰীক্ষাত সৰ্বমুঠ ৪,২৯,৪৪৮ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ’ব । ইয়াৰ ভিতৰত ১,৯০,৬৫৩ জন ছাত্র আৰু ২,৩৮,৭৯৫ গৰাকী ছাত্রী । মুঠ মূল্যায়ন কেন্দ্ৰ ৪২ টা। প্রথম দিনা পুৱা ৯ বজাৰ পৰা ইংৰাজী বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ’ব । আজিৰ পৰা আৰম্ভ হোৱা উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পৰা আৰম্ভ কৰি শিক্ষামন্ত্ৰী ৰনোজ পেগুকে ধৰি বিভিন্নজনে শুভেচ্ছা জ্ঞাপন কৰিছে ।