আজিৰে পৰা আৰম্ভ পুৰীৰ ৰথ যাত্ৰা

আজিৰে পৰা আৰম্ভ পুৰীৰ ৰথ যাত্ৰা

ৰঙিলী বাৰ্ত্তাসেৱা- আজিৰে পৰা আৰম্ভ হৈছে পুৰীৰ জগন্নাথ ৰথযাত্ৰা। ভাৰতৰ অন্যতম বৃহৎ ধৰ্মীয় পৰম্পৰা এই জগন্নাথ ৰথযাত্ৰা। এই ৰথযাত্ৰা উৎসৱত ভগৱান জগন্নাথ, তেওঁৰ ভাতৃ বলোভদ্ৰ আৰু দেৱী সুভদ্ৰাই বিৰাজমান কৰা ৰথ ভক্তসকলে টানি নিয়ে ।তিনিওগৰাকী দেৱতাই গণ্ডীচা মন্দিৰত এসপ্তাহ কটাই আৰু তাৰ পিছত পুনৰ তেওঁলোক জগন্নাথ মন্দিৰলৈ উভতি আহে । এয়াই লোকবিশ্বাস ৷ আহাৰ মাহৰ শুক্লা দ্বিতীয়া তিথিত পালন কৰা হয় জগন্নাথ ৰথযাত্ৰা। ৰথ যাত্ৰাৰ সময়তে স্নান পূৰ্ণিমাত ভগৱান জগন্নাথৰ লগতে বলোভদ্ৰ আৰু সুভদ্ৰাক স্নান কৰোৱা হয়। আজিৰে পৰা আৰম্ভ হোৱা পৱিত্ৰ ৰথ যাত্ৰা উৎসৱ ১২ দিন ধৰি চলিব। ৮ জুলাইত অন্ত পৰিব ভগৱান জগন্নাথৰ ৰথযাত্ৰা।ৰথ যাত্ৰা উলিওৱাৰ পূৰ্বে পুৱা ৪ বজাতে হোৱা আৰতিত অংশ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে। ১২ দিন ধৰি চলিবলগীয়া ৰথ যাত্ৰাৰ বাবে প্ৰসাদ প্ৰেৰণ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আজিৰে পৰা আৰম্ভ হোৱা ৰথযাত্ৰাৰ বাবে তীৰ্থনগৰী পুৰীত গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা । এই ৰথযাত্ৰা সমাৰোহৰ বাবে প্ৰায় ১০,০০০ সুৰক্ষাকৰ্মী নিয়োগ কৰা হৈছে । ইফালে আৰক্ষীয়ে চহৰখনৰ বিভিন্ন প্ৰান্তত চোকা দৃষ্টি ৰাখিবলৈ ২৫০ ৰো অধিক এ আই কেমেৰাৰ ব্যৱস্থা কৰিছে । এই উৎসৱৰ বাবে প্ৰশাসনে নিয়োগ কৰা ১০,০০০ সুৰক্ষাকৰ্মীৰ ভিতৰত আছে ওড়িশা আৰক্ষী আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ আঠটাকৈ কোম্পেনী । নিৰাপত্তা ব্যৱস্থাৰ অন্তিম পৰীক্ষণৰ পিছত ওড়িশাৰ আৰক্ষী সঞ্চালক প্ৰধান ৱাই ডি খুৰানিয়াই কয়, “পুৰীত প্ৰথমবাৰৰ বাবে ইণ্টাৰ’গেটেড কমাণ্ড আৰু নিয়ন্ত্ৰণকক্ষ স্থাপন কৰা হৈছে । উত্তৰা চক আৰু পুৰী চহৰৰ মাজত আৰু পুৰী-ক’ৰ্ণাকৰ মাজত প্ৰায় ২৭৫ টা এ আই যুক্ত চিচি টিভি কেমেৰা স্থাপন কৰা হৈছে । এই কেমেৰাসমূহৰ জৰিয়তে ২৪ ঘণ্টাই লাইভ দৃশ্য নিৰীক্ষণ কৰি থকা হ’ব ।” খুৰানিয়াই লগতে কয় যে এ আইযুক্ত কেমেৰাসমূহে যানজঁট, জনসমাগমৰ ওপৰত দৃষ্টি ৰাখিব আৰু সুৰক্ষা কৰ্মীসকলক তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰা তথা আপাতকালীন পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ সহায় কৰিব । গুৰুত্বপূৰ্ণ স্থানসমূহত উপ-নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে ।