আজিৰে পৰা আৰম্ভ চেম্পিয়নছ ট্ৰফী
ৰঙিলী বাৰ্ত্তাসেৱা- আজিৰে পৰা আৰম্ভ হ’ব আই চি চি পুৰুষ চেম্পিয়নছ ট্ৰফীৰ নৱম সংস্কৰণ ।বহু অপেক্ষাৰ অন্তত ঘূৰি আহিছে এইখন ক্ৰিকেট প্ৰতিযোগিতা। বহু অপেক্ষাৰ অন্তত ঘূৰি আহিছে এইখন ক্ৰিকেট প্ৰতিযোগিতা। ইংলেণ্ডে আয়োজন কৰা এই প্ৰতিযোগিতাৰ খিতাপ দখল কৰিছিল পাকিস্তানে।এতিয়া প্ৰায় ৮ বছৰৰ পাছত ডিফেণ্ডিং চেম্পিয়ন পাকিস্তানে এই প্ৰতিযোগিতাখন আয়োজন কৰিছে ৷ কিন্তু এইবাৰ এই প্ৰতিযোগিতাখন হাইব্ৰিড মডেলত অনুষ্ঠিত হ’ব। আচলতে বিচিচিআইয়ে টীম ইণ্ডিয়াক পাকিস্তানলৈ পঠোৱা নাই । এনে পৰিস্থিতিত টীম ইণ্ডিয়াই নিজৰ সকলো মেচ সংযুক্ত আৰৱ আমিৰশ্বাহীৰ ডুবাইত খেলিব । ইয়াৰ বাহিৰে আন দলৰ মেচ কেৱল পাকিস্তানতহে অনুষ্ঠিত হ’ব। প্ৰতিযোগিতাখনৰ উদ্বোধনী মেচত আয়োজক পাকিস্তানে কৰাচীত নিউজিলেণ্ডৰ বিৰুদ্ধে খেলিব । চেম্পিয়নছ ট্ৰফী ২০২৫ত ৮টা দলে খেলা দেখা যাব। ইয়াৰ ভিতৰত আছে ভাৰত, পাকিস্তান, নিউজিলেণ্ড, দক্ষিণ আফ্ৰিকা, অষ্ট্ৰেলিয়া, বাংলাদেশ, আফগানিস্তান আৰু ইংলেণ্ডৰ দলসমূহ। এই ৮ টা দলক ২ টা গ্ৰুপত ভাগ কৰা হৈছে। গ্ৰুপ Aত ভাৰত, পাকিস্তান, বাংলাদেশ আৰু নিউজিলেণ্ডৰ দলসমূহ অন্তৰ্ভুক্ত কৰা হৈছে। আনহাতে, গ্ৰুপ Bত আফগানিস্তান, অষ্ট্ৰেলিয়া, ইংলেণ্ড আৰু দক্ষিণ আফ্ৰিকাৰ দল আছে। গ্ৰুপ পৰ্যায়ত সকলো দলেই নিজৰ গ্ৰুপৰ দলৰ সৈতে এবাৰকৈ মুখামুখি হ’ব আৰু তাৰ পিছত দুয়োটা গ্ৰুপৰ পৰা ২টাকৈ দলে ছেমি ফাইনেলত প্ৰৱেশ কৰিব।এই প্ৰতিযোগিতাৰ আটাইকেইখন খেল ভাৰতীয় সময় অনুসৰি দুপৰীয়া ২.৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব । উল্লেখ্য যে, ২০ ফেব্ৰুৱাৰীৰ পৰা এই প্ৰতিযোগিতাত অভিষেক ঘটাব টীম ইণ্ডিয়াই। এই মেচত বাংলাদেশৰ বিৰুদ্ধে খেলপথাৰ নামিব ভাৰতীয় দলটোৱে। ইয়াৰ পিছতে পাকিস্তানৰ বিৰুদ্ধে দ্বিতীয়খন মেচ খেলিব টিম ইণ্ডিয়াই। এই খেলখন অনুষ্ঠিত হ’ব ২৩ ফেব্ৰুৱাৰীত। ইয়াৰ পিছত গ্ৰুপৰ অন্তিমখন মেচত ২ মাৰ্চত নিউজিলেণ্ডৰ বিৰুদ্ধে খেলিব। ইয়াৰ পিছত ছেমি ফাইনেল আৰু ফাইনেল মেচ অনুষ্ঠিত হ’ব।