আজিৰে পৰা আৰম্ভ ‘এডভান্টেজ আছাম ২.০’
ৰঙিলী বাৰ্ত্তাসেৱা- আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ’ব এডভান্টেজ আছাম ২.০ । আজি পুৱা ১০.৩০ বজাত প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব এডভাণ্টেজ আছাম ২.০। এডভাণ্টেজ আছাম ২.০ সন্মিলনত ভাগ লোৱাৰ উদ্দেশ্যে ইতিমধ্যে বিশ্বৰ ৪৫ খন দেশৰ ৰাষ্ট্ৰদূত, উচ্চায়ুক্ত আৰু প্ৰতিনিধিৰ দল অসমত উপস্থিত হৈছে । ইয়াৰে প্ৰায় সংখ্যকে সোমবাৰে বিয়লি ঝুমুৰ নৃত্যৰ মেগা অনুষ্ঠান উপভোগ কৰে । ‘মই বিকশিত অসমৰ পথত’ শীৰ্ষক সন্মিলনেৰে মুকলি হ’ব এডভাণ্টেজ আছাম ২.০ৰ পৰৱৰ্তী সন্মনিলনসমূহ। উদ্বোধনী সন্মিলনত অংশ ল’ব কেন্দ্রীয় মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াই। উল্লেখযোগ্য যে সন্মিলনৰ প্ৰথমটো দিনত অনুষ্ঠিত হ’ব কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠক। এই বৈঠকত উপস্থিত থাকিব বিভিন্ন দেশৰ ৰাষ্ট্ৰদূত আৰু বিনিয়োগকাৰীসকল। প্ৰধানমন্ত্ৰী মোডী আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত প্ৰথমাৱস্থাত ৪টা পৰ্যায়ত হ’ব কেইবাখনো বুজাবুজি চুক্তিত স্বাক্ষৰ। আজিৰ এই প্ৰথম দিনটোৰ সন্মিলনত উপস্থিত থাকিব কেন্দ্ৰীয় মন্ত্ৰী এছ জয়শংকৰ, সৰ্বানন্দ সোণোৱাল, নিতীন গাডকাৰী, অশ্বিনী বৈষ্ণৱ, হৰদীপ সিং পুৰী আদি। একেদৰে দেশৰ উদ্যোগপতি গৌতম আদানি, মুকেশ আম্বানি, টাটা গ্ৰুপৰ জিন্দাল, ন’কিয়া ইণ্ডিয়াৰ মুৰব্বী তৰুণ ছাব্রা, ৰিলায়েন্স জিঅ’ ইনফ’কমৰ সুনীল দত্ত, বি এছ এন এলৰ মুখ্য পৰিচালন সঞ্চালক এ ৰবাৰ্ট জে ৰবি আদি। ইয়াৰ পাছতে এডভাণ্টেজ আছাম ২.০ৰ সন্দৰ্ভত বিশেষভাৱে বক্তব্য প্ৰদান কৰিব মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই। তাৰ পাছতে অনুষ্ঠিত হ’ব ভাৰত-ভূটান অৰ্থনৈতিক সহযোগিতা সন্দৰ্ভত ২য় আলোচনা সত্ৰ। এই আলোচনাত অংশ ল’ব টাটা পাৱাৰ কোম্পানীৰ চি ই অ’ ড০ প্রবীৰ সিনহাই। লগতে উপস্থিত থাকিব আই এ টি অ’ৰ অধ্যক্ষ ৰাজীৱ মেহৰা, ভূটানৰ কৃষিমন্ত্রী য়’নটেন ফুনছ’ই। দ্বিতীয় আলোচনা সত্ৰ অন্ত পৰাৰ পাছতে ৩য়খন সন্মিলন অনুষ্ঠিত হ’ব। এক্ট ইষ্ট, এক্ট ফাষ্ট এণ্ড এক্ট ফাৰ্ষ্ট শীৰ্ষক সন্মিলনখন সম্বোধন কৰিব কেন্দ্রীয় বৈদেশিক পৰিক্রমা মন্ত্রী এছ জয়শংকৰে। এই সন্মিলনত উপস্থিত থাকিব ছিংগাপুৰৰ উচ্চায়ুক্ত চিমন ৱং, ইউৰোপীয়ান ইউনিয়নৰ ৰাষ্ট্রদূত হাৰ্ভ ডেলফিন, ভূটানৰ ৰাষ্ট্রদূত ভেটছপ নামগ্যেল, জাপানৰ ৰাষ্ট্রদূত কেইচি অন’। ইয়াৰ উপৰি উক্ত সন্মিলনত অংশ ল’ব এ এছ ই এ এন ইণ্ডিয়াৰ উপাধ্যক্ষ হৰ্ষৱৰ্ধন আগৰৱাল, আৰ আই এছৰ সঞ্চালক শচীন চতুৰ্বেদী আদিয়ে। এডভাণ্টেজ আছাম ২.০ৰ প্ৰথম দিনটোতে ছেমি কণ্ডাক্টৰ সন্দৰ্ভত চতুৰ্থ তথা অন্তিম আলোচনা সত্ৰ অনুষ্ঠিত হ’ব। এই আলোচনা সত্ৰত অংশ ল’ব কেন্দ্রীয় তথ্যপ্রযুক্তি মন্ত্রী অশ্বিনী বৈষ্ণৱে। লগতে উপস্থিত থাকিব এইছ চি এলৰ সহঃ প্রতিষ্ঠাপক অজয় চৌধুৰী, ভি এল এছ আই ছ’চাইটিৰ সত্য গুপ্তা, ৰেনেচাছৰ চিত্রা হৰিহৰণ, আই আই টি গুৱাহাটীৰ অধ্যাপক শংকৰ প্রসাদ আৰু NIELITৰ সঞ্চালক ড০ এম এন ত্রিপাঠী। ইতিমধ্যে এডভাণ্টেজ আছাম ২.০কলৈ সকলো কাম- কাজ সম্পূৰ্ণ হৈ উঠিছে। চাৰিওফালে গঢ়ি তোলা হৈছে কটকটীয়া নিৰপত্তা বেষ্টনী। কোনো ক্ষেত্ৰতে সুৰুঙা নৰখাকৈ নিয়াৰিকৈ দায়িত্ব পালনত ব্যস্ত হৈ পৰিছে আৰক্ষী তথা প্ৰশাসন।