আজিৰে পৰা অষ্ট্ৰেলিয়াত ১৬ বছৰ অনূর্ধ্বৰ বাবে সামাজিক মাধ্যম নিষিদ্ধ
ৰঙিলী বাৰ্ত্তাসেৱা- অষ্ট্ৰেলিয়াত ১৬ বছৰৰ কম বয়সৰ ল’ৰা-ছোৱালীয়ে আৰু সামাজিক মাধ্যম ব্যৱহাৰ কৰিব নোৱাৰিব । স্থানীয় সময় অনুসৰি নিশা ১২ বজাৰ পৰাই এই নিয়ম বলৱৎ হ’ব । ফেচবুক, টিকটক, ‘ইউটিউব, এক্স, স্নেপচাট, ইনষ্টাগ্রাম আদি ১০টা প্রচলিত সামাজিক মাধ্যমৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব এই নিয়ম। যোৱা বুধবাৰে অষ্ট্ৰেলিয়াৰ ছিনেটত এই সংক্রান্তীয় বিধেয়ক গৃহীত হৈছিল। সংবাদ প্রতিষ্ঠানৰ বাতৰিত প্রকাশ পোৱা মতে ইতিমধ্যে ১৬ বছৰৰ কম বয়সীয়া ল’ৰা-ছোৱালীৰ ১০ লাখ একাউন্ট চিনাক্ত কৰি সেইসমূহ সংশ্লিষ্ট সংস্থাৰ জৰিয়তে ব্লক কৰা হৈছে। উল্লেখযোগ্য যে আইন বলৱৎ কৰি সামাজিক মাধ্যমৰ ব্যৱহাৰ বন্ধ কৰাৰ এনে পদক্ষেপ বিশ্বত এয়াই প্রথম। চৰকাৰী নির্দেশনাত এই কথা প্ৰকাশ কৰা হৈছে যে ১৬ বছৰৰ কম বয়সীয়াৰ একাউন্ট খোলা আৰু চলাই ৰখা নিষিদ্ধ কৰাৰ দায়িত্ব সংশ্লিষ্ট সংস্থাসমূহৰেই।
