আজিৰে অসম বিধানসভাৰ শীতকালীন অধিৱেশন
ৰঙিলী বাৰ্ত্তাসেৱা- আজিৰ পৰা আৰম্ভ হ’ব পাঁচদিনীয়া অসম বিধানসভাৰ শীতকালীন অধিৱেশন। বিধানসভাৰ নিৰ্বাচনক লৈ সৃষ্টি হোৱা পৰিৱেশৰ মাজতে পাঁচদিনীয়াকৈ আজিৰ পৰা অনুষ্ঠিত হ’ব লগা এই অধিৱেশনক ঐতিহাসিক বুলি মন্তব্য কৰিলে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই। ৰঙিয়াত সংবাদ মাধ্যমৰ সৈতে হোৱা বার্তালাপত মুখ্যমন্ত্রী ড° শর্মাই কয়- কাইলৈৰ পৰা অনুষ্ঠিত হ’ব লগা বিধানসভাৰ অধিৱেশনত ২৭খন বিধেয়ক উত্থাপন কৰা হ’ব। বহুবিবাহ, চাহ বাগিচাৰ শ্রমিকক ভূমি প্রদানকে ধৰি কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক এইবাৰ বিধানসভাৰ অধিৱেশনত উত্থাপন হ’ব। ই ঐতিহাসিক বিধানসভা হ’ব। উল্লেখযোগ্য যে পাঁচদিনীয়াকে অনুষ্ঠিত হ’ব লগা শীতকালীন অধিৱেশনত ৰাজ্য চৰকাৰে এইবাৰ উত্থাপন কৰিব বহুবিবাহ নিষিদ্ধকৰণ বিধেয়ক। যথেষ্ট চৰ্চাৰ সৃষ্টি কৰা এই বিধেয়কখনৰ জৰিয়তে ষষ্ঠ অনুসূচী অঞ্চল বাদ দি বহুবিবাহ নিষিদ্ধ কৰা হ’ব ৰাজ্যত। একেদৰে এইবাৰ বিধানসভাৰ অধিৱেশনত বেচৰকাৰী শিক্ষানুষ্ঠানৰ মাচুল নিয়ন্ত্রণ, শিক্ষক-কর্মচাৰীৰ প্ৰাদেশিকীকৰণৰ সংশোধনী-দৰমহা বৃদ্ধি, তিৱাৰী আয়োগৰ প্ৰতিবেদন, মেট আয়োগৰ প্ৰতিবেদন উত্থাপন হ’ব। স্বাভাৱিকতে বিধানসভাৰ নিৰ্বাচনৰ প্ৰাক্মুহূৰ্তত চৰকাৰে শীতকালীন বিধানসভাৰ জৰিয়তে কেইবাখনো গুৰুত্বপূৰ্ণ আইন উত্থাপন কৰি বিৰোধীক শ’লঠেকত পেলোৱাৰো লক্ষ্য বান্ধি লৈছে। খবৰ অনুসৰি, আজি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ শোক বাৰ্তাৰে বিধানসভা অধিৱেশন আৰম্ভ হ’ব।
