আজিকালি পিতাই ঘৰতে থাকে – মুন শৰ্মা

আজিকালি পিতাই ঘৰতে থাকে
মুন শৰ্মা, লখিমপুৰ
পিতাই আজি কালি ঘৰতে থাকে,
গোহালিটো উদং হল যে,
বলধ হাল নাই অ”
এটা হুমুনিয়াহ বাৰিষা আহিল।
সময় হেৰাই গল ঐ গৰু ঘূৰ ঘূৰ,
দুবেলা দুমুঠি যোগাৰ তাগিদা।
কেতিয়াবা  পিতাই কথাতে টোপনি ভাগে
দৈনন্দিন ৰুটিন খন লগতে আৰম্ভ
পিছে সময় বোৰ সলনি হল
ফোন শব্দ নহলে সাৰে নাপাওঁ
পিতাইৰ মাত কেইটা যে অন্ত পৰিল
ঐ, গৰু ঘূৰ ঘূৰ।
আজি কালি পিতাই বেজাৰ কৰে
বাৰিষা বোৰ কিবা আমনি লাগে।
অ হয় অ, পিতাই যে ঘৰতে থাকে
হেৰুৱা হেঁপাহ নোপোৱা বেদনাত কলিজা ভাগে
সময় বোৰ যে সলনি হ’ল।