আজাদী কা অমৃত মহোৎসৱ উদযাপনৰ অংশ হিচাপে কয়দীৰ কাৰাবাসৰ ম্যাদ ৰেহাই

Pc Times of India

আজাদী কা অমৃত মহোৎসৱ উদযাপনৰ অংশ হিচাপে কয়দীৰ কাৰাবাসৰ ম্যাদ ৰেহাই

দিছপুৰ,ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে উদযাপন কৰা আজাদী কা অমৃত মহোৎসৱৰ অংশ হিচাপে কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ নিৰ্দেশনা অনুসৰি অসম চৰকাৰে অহা ১৫ আগষ্টত প্ৰথম পৰ্যায়ত ১৮ গৰাকী বিভিন্ন দোষত দোষী সাব্যস্ত কয়দীক নিৰ্দ্ধাৰিত নীতিৰ আধাৰত মুকলি কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ এই অনুসৰি মুঠ কাৰাবাসৰ সময়সীমাৰ ৫০ শতাংশ কাল সম্পূৰ্ণ কৰা ৫০ বছৰ আৰু ততোধিক বয়সৰ মহিলা কয়দী আৰু তৃতীয় লিংগৰ ব্যক্তি, মুঠ কাৰাবাসৰ ৫০ শতাংশ কাল সম্পূৰ্ণ কৰা ৬০ বছৰ আৰু ততোধিক বয়সৰ পুৰুষ কয়দী, ৭০ শতাংশ বা ততোধিক শাৰীৰিক অক্ষমতা থকা দিব্যাংগ ব্যক্তি যিয়ে মুঠ কাৰাবাসৰ সময়সীমাৰ ৫০ শতাংশ কাল সম্পূৰ্ণ কৰিছে, মৃত্যুমুখী অসুস্থতাত ভোগা বুলি মেডিকেল বোৰ্ডে প্ৰমাণপত্ৰ প্ৰদান কৰা ৰোগী কাৰাবন্দী, দুই তৃতীয়াংশ অৰ্থাৎ ৬৬ শতাংশ কাৰাবন্দীত্ব সম্পূৰ্ণ কৰা অন্যান্য কাৰাবন্দী, কাৰাবাসৰ কাল সম্পূৰ্ণ কৰিও আৰোপিত জৰিমনা আদায় দিবলৈ সক্ষম নোহোৱা বাবে কাৰাবাসত থকা দুখীয়া বা অসহায় কয়দী, ১৮ ৰ পৰা ২১ বছৰৰ ভিতৰত কোনো অপৰাধত দণ্ডিত হৈ কাৰাবৰণ কৰি কাৰাবাসত ৫০ শতাংশ সময় অতিক্ৰম কৰা আৰু আন কোনো অপৰাধ নথকা কয়দীসকলক এই পদক্ষেপৰ অধীনত অহা ১৫ আগষ্টৰ পৰা কাৰ্যকৰী হোৱাকৈ মুকলি কৰি দিয়া হ’ব৷
উল্লেখযোগ্য যে এই ক্ষেত্ৰত কাৰাবৰণৰ সময় হিচাপ কৰোঁতে সাধাৰণভাৱে আৰ্জিত ৰেহাইৰ কাৰাবাস কাল ধৰা নহ’ব৷ তদুপৰি এই ৰেহাই কিছুমান বিশেষ গোচৰত দোষী সাব্যস্ত কয়দীৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ব৷ যেনে–মৃত্যুদণ্ডৰে দণ্ডিত বা পিছলৈ এই দণ্ড আজীৱন কাৰাবাসলৈ পৰিবৰ্তন কৰা কয়দী, কোনো অপৰাধত দোষী সাব্যস্ত হোৱা কয়দী যাৰ বাবে অন্যান্য শাস্তিৰ লগতে মৃত্যুকো এটা শাস্তি বুলি ঘোষণা কৰা হৈছে, আজীৱন কাৰাদণ্ডৰে দণ্ডিত কয়দী, সন্ত্ৰাসবাদী কাৰ্য-কলাপৰ বাবে দোষী সাব্যস্ত ব্যক্তি বা Terrorist and Disruptive Activities (Prevention) Act, ১৯৮৫ (TADA), The Prevention of Terrorism Act, ২০০২ (POTA), Unlawful Activities (Prevention) Act ১৯৬৭ (UAPA), The Explosive Subtances Act ১৯০৮, The National Security Act, ১৯৮২ (NSA) Official Secrets Act, ১৯২৩ আৰু Anti-Hijacking Act, ২০১৬১ অধীনত দোষী সাব্যস্ত হোৱা অপৰাধী এই ৰেহাইৰ আওতাত নপৰে৷ তদুপৰি যৌতুকজনিত মৃত্যুৰ বাবে দোষী সাব্যস্ত হোৱা কয়দী, ভাৰতীয় দণ্ড বিধি আইনৰ ধাৰা ৪৮৯ [A-E]ৰ অধীনত নকল নোট প্ৰচলনৰ অপৰাধত দোষী সাব্যস্ত হোৱা কয়দী, Protection of Children from Sexual Offences Act, ২০১২ (POSCO) আৰু Immoral Traffic (Prevention) Act, ১৯৫৬ৰ অধীনত যৌন নিৰ্যাতন আৰু মানৱ সৰবৰাহৰ দোষত দোষী সাব্যস্ত হোৱা কয়দী, Prevention of Money Laundering Act, ২০০২, Foreign Exchange Management Act, ১৯৯৯ (FEMA), Black Money (Undisclosed Foreign Income and Assets) and Imposition of Tex Act, ২০১৫১ অধীনত দোষী সাব্যস্ত কয়দী, Narcotic Drugs and Psychotropic Substances Act, ১৯৮৫ (NDPS) ৰ অধীনত দোষী সাব্যস্ত কয়দী, Weapons of Mass Destruction and their Delivery Systems (Prohibition of Unlawful Activities) Act, ২০০৫ আৰু Prevention of Corruption Act, ১৯৮৮ৰ অধীনত কাৰাৰুদ্ধ কয়দী, ভাৰতীয় দণ্ড বিধি আইনৰ ষষ্ঠ অধ্যায়ৰ অধীনত ৰাষ্ট্ৰ বিৰোধী দোষত দোষী সাব্যস্ত কয়দী আদিৰ ক্ষেত্ৰত এই ৰেহাই প্ৰযোজ্য নহ’ব৷
অহা ১৫ আগষ্টত ৰেহাই লাভ কৰিবলগীয়া কয়দীসকলৰ ভিতৰত ৫ গৰাকী ৬০ বছৰৰ ঊদ্ধৰ্ৰ পুৰুষ কয়দী, ১২ গৰাকী ৬৬ শতাংশ কাৰাবন্দীত্ব সম্পূৰ্ণ কৰা কাৰাবন্দী আৰু এগৰাকী ১৮ ৰ পৰা ২১ বছৰৰ ভিতৰত কৰা অপৰাধত দণ্ডিত হৈ ৫০ শতাংশ কাৰাবৰণৰ সময় অতিক্ৰম কৰা কয়দী আছে৷