আজলী শাহু
মইনুল হক
এবাৰ গাঁওৰ নৱ দাম্পতীৰ মাজত কাজিয়া মানে দুৰ্বাৰ কাজিয়া লাগিল।পত্নীয়ে খং কৰি মাকৰ ঘৰলৈ গুচি গল। দুদিন পাছত লৰাৰ মাকে বোৱাৰীক আনিবলৈ গল।লৰাৰ মাক অহাত ছোৱালী ঘৰৰ অঙহী-বঙহী লগতে গাঁওৰ কিছু মুৰব্বী মানুহ বহি কি ঘটনা কিয় গুচি আহিল এই লৈ আলোচনাত বহিল। আলোচনা- বিলোচনাৰ অন্তত সকলোৱে সিদ্ধান্ত ললে যে, “যি হল হলেই যিহেতু তোমাৰ শাহু আই লব আহিছে তুমি যোৱা” পিছে, ছোৱালী জনীৰ কথা যে মই নাযাওঁ আৰু তাৰ ভাত নাখাওঁ নাখাওঁ নাখাওঁ।এই কথা শুনি শাহুআয়ে বোৱাৰীৰ হাতত ধৰি লাহেকৈ মৰমেৰে কলে- “এ মা, খং নকৰে ও মাই, ভাত না খা যদি নাই, মই ৰুটি বনাই দিম তাকে খাবি ও, বোল যাওঁ” শাহুআইৰ ভাতৰ সলনি ৰুটি…শুনি তাই হাঁহি পেলালে, ছোৱালীৰ মুখত হাঁহি দেখি ঘৰৰ আটায়ে হাঁহিবলৈ ধৰিলে আৰু কব ধৰিলে, ও আই, যা গৈ যা, শাহু আইৰ কথা পেলাব নাপায় নহয়।অলপ দেৰি খোৱা বোৱা সামৰি বোৱাৰীক লৈ শাহুআয়ে ঘৰলৈ বুলি ৰাওনা হল। আমিও পান তামোল খাই নখৰ আগত চূণ সানি চেলেকি চেলেকি গুচি আহিলো।
