আজি হ’ব মুকলি শ্বহীদ স্মাৰক ক্ষেত্ৰ
আছু নেতৃত্বৰ উপস্থিতিত শ্বহীদৰ স্মৃতিত শ্বহীদ স্মাৰক ক্ষেত্ৰত ৮৬০ গছি বন্তি প্রজ্বলন
ৰঙিলী বাৰ্ত্তাসেৱা- অসম আন্দোলনত আত্মবলিদানেৰে ইতিহাস ৰচা মহান শ্বহীদসকলৰ স্মৃতি চিৰযুগমীয়া কৰাৰ উদ্দেশ্যে গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত নিৰ্মাণ কৰা হৈছে শ্বহীদ স্মাৰক ক্ষেত্র । স্বদেশ আৰু স্বজাতিৰ হকে প্ৰাণ আহুতি দিয়া শ্বহীদৰ স্মৃতি যুগমীয়া কৰি এক জাতীয় সম্পদলৈ পৰিণত কৰাৰ লক্ষ্যৰে নিৰ্মাণ কৰা এই ‘শ্বহীদ স্মাৰক ক্ষেত্ৰ’ আজি মুকলি কৰা হ’ব । বিদেশী বহিষ্কৰণৰ দাবীৰে ছবছৰীয়া অসম আন্দোলনত প্রাণ আহুতি দিয়া ৮৬০ গৰাকী শ্বহীদৰ পৱিত্ৰ স্মৃতিত ১১৬ বিঘা ভূমিত ১৭০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰি উলিওৱা এই শ্বহীদ স্মাৰকক্ষেত্র মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আনুষ্ঠানিকভাৱে মুকলি কৰিব। উল্লেখ্য যে এই স্মাৰকক্ষেত্ৰত থাকিব ৮৬০ গৰাকী শ্বহীদৰ আবক্ষ প্রতিমূর্তি। শ্বহীদ স্মাৰকক্ষেত্ৰত নিৰ্মাণ কৰা হৈছে ২২৫ ফুট উচ্চতাৰ এক বৃহৎ স্মাৰক টাৱাৰ।

১০ ডিচেম্বৰৰ শ্বহীদ দিৱসৰ প্ৰাকক্ষণত বৰাগাঁৱত শ্বহীদ স্মাৰকক্ষেত্ৰৰ সকলো দিশ পৰিদৰ্শন কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। উল্লেখ্য যে শ্বহীদ স্মাৰকক্ষেত্ৰ মুকলিৰ পূৰ্বেই মঙলবাৰে ৮৬০ গৰাকী শ্বহীদৰ পৱিত্ৰ স্মৃতিত প্রজ্বলন কৰা হয় বন্তি। সমান্তৰালভাৱে মুখ্যমন্ত্রী ড° শর্মাই শ্বহীদ স্মাৰকক্ষেত্ৰত অক্ষয়বন্তি প্রজ্বলন কৰে। এই বন্তি সদায়েই জ্বলি থাকিব। শ্বহীদ দিৱসৰ প্রাক্ষণত মঙলবাৰে শ্বহীদ স্মাৰকক্ষেত্ৰত মূল অগ্নিশিখা প্রজ্বলন কৰি ভাগৱত পাঠতো অংশ লয় মুখ্যমন্ত্রী ড° শৰ্মাই। মন কৰিবলগীয়া যে অসম আন্দোলনৰ প্রথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ মৃত্যুৰ ৪৫ বছৰ পিছত ৮৬০জন শ্বহীদক সন্মান জনোৱাৰ লক্ষ্যৰে নিৰ্মাণ কৰি উলিওৱা এই শ্বহীদ স্মাৰকক্ষেত্ৰ মুকলিৰ দিনাখনেই ৰাজ্যৰ প্ৰতিখন জিলা সদৰত অনুষ্ঠিত কৰা হ’ব শ্বহীদ দিৱস। প্ৰতিখন জিলা সদৰত পৰিৱেশন হ’ব ড° ভূপেন হাজৰিকা ৰচিত ‘শ্বহীদ প্রণামো তোমাক…’ শীর্ষক গীত। শ্বহীদ স্মাৰকক্ষেত্ৰ পৰিদৰ্শন কৰি সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড° শৰ্মাই কয়- শ্বহীদ স্মাৰকক্ষেত্ৰ বিশ্বৰ বুকুত গৌৰৱেৰে অসমীয়া জাতি জীয়াই থকাৰ এক সংকল্প কেন্দ্ৰ হৈ থাকিব। আমাৰ বাবে প্ৰেৰণাৰ কেন্দ্ৰ হৈ থাকিব, দুৰ্যোগৰ মাজত অসমীয়া জাতিয়ে জীয়াই থকাৰ বাবে সংগ্ৰাম কৰিব লাগিব, এই সংগ্রামক এই শ্বহীদ স্মাৰকে সদায়েই প্ৰেৰণা যোগাই যাব।

মুখ্যমন্ত্ৰীয়ে কয়- শ্বহীদ স্মাৰক উন্মোচনৰ প্ৰাক্ষণত মই নিজকে গৌৰৱান্বিত তথা প্ৰেৰণা লাভ কৰিছোঁ। অনল শিখা প্রজ্বলিত কৰি আমি এক আশাৰ বন্তি জ্বলাইছোঁ। এই স্মাৰকে অসম আন্দোলনৰ স্মৃতিক সদায় সজীৱ কৰি ৰাখিব। অসম আন্দোলনৰ শ্বহীদসকলৰ স্মৃতিত মুখ্যমন্ত্ৰীৰ লগতে আছুৰ নেতৃবৃন্দ, মন্ত্ৰী পৰিষদৰ কেইবাগৰাকীও সদস্যই ৮৬০ গছি বস্তি প্রজ্বলন কৰে। এই প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়- কৃতজ্ঞ অসমীয়া জাতিয়ে অসম আন্দোলনৰ শ্বহীদসকলক কাইলৈ আকৌ এবাৰ নমন কৰিব, ৰোমন্থন কৰিব। ১০ ডিচেম্বৰৰ দিনটো আৰু অধিক গুৰুত্বপূৰ্ণ। কিয়নো অসম চৰকাৰে আনুষ্ঠানিকভাৱে প্রায় ১৭০ কোটি টকা ব্যয়েৰে প্ৰায় ১৫০ বিঘা ভূমিত নির্মাণ কৰি উলিওলা শ্বহীদ স্মাৰক প্ৰকল্প আৰু শ্বহীদ স্তম্ভ উন্মোচন কৰা হ’ব। সেয়েহে ৯ ডিচেম্বৰৰ সন্ধিয়া শ্বহীদ অনলজ্যোতি প্রজ্বলন কৰা হ’ল। শ্বহীদ স্মাৰকত সদায়েই অনলজ্যোতি প্রজ্বলিত হৈ থাকিব। একে সময়তে ৮৬০ গৰাকী শ্বহীদক সুঁৱৰি বন্তি প্রজ্বলনো কৰা হ’ল। শ্বহীদ প্রণামজ্যোতি, শ্বহীদ অনলজ্যোতি এই সকলোবোৰে অসম আন্দোলনৰ স্মৃতিক সদায় সজীৱ কৰি ৰাখিব।
