আছুৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল ভট্টাচার্যৰ মাতৃ বীণা ভট্টাচাৰ্যৰ দেহাৱসান

আছুৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল ভট্টাচার্যৰ মাতৃ  বীণা ভট্টাচাৰ্যৰ দেহাৱসান

ৰঙিলী বাৰ্ত্তাসেৱা- মাতৃহাৰা হ’ল আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল ভট্টাচার্য । অসম আন্দোলনৰ সক্রিয় কর্মী, গুৱাহাটীৰ দক্ষিণ শৰণীয়াৰ নিৱাসী সৰবৰহী, সমাজ-সচেতন মহিলা বীণা ভট্টাচার্য আৰু নাই । ৯৫ বছৰ বয়সত গুৱাহাটীৰ কাহিলীপাৰা জতিয়াৰ শিৱশক্তি পথত থকা জী-জোঁৱাইৰ ঘৰত সোমবাৰে নিশা ১১ বাজি ১২ মিনিটত অসম আন্দোলনৰ অসম আন্দোলনৰ অগ্রণী কর্মী বীণা ভট্টাচার্যই শেষ নিশ্বাস ত্যাগ কৰে।১৯৩০ চনৰ ৩ অক্টোবৰত জন্মগ্রহণ কৰা বীণা ভট্টাচার্যই ডিব্ৰুগড় মিশ্যনেৰী স্কুল, গোৱালপাৰাৰ স্কুল, যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়, গুৱাহাটীৰ সন্দিকৈ ছোৱালী মহাবিদ্যালয় আৰু তেজপুৰৰ দৰং মহাবিদ্যালয়ত শিক্ষাগ্রহণ কৰিছিল । প্রখ্যাত বাসেন্দ্র বংশৰ সন্তান বীণা ভট্টাচার্যৰ পিতৃৰ নাম আছিল আনন্দেশ্বৰ বৰুৱা আৰু মাতৃৰ নাম কনকলতা বৰুৱা।দৰং মহাবিদ্যালয়ত পঢ়ি থাকোতেই তেওঁ সীতাংশু ভট্টাচার্যৰ সৈতে বিবাহপাশত আৱদ্ধ হয় ।কম বয়সতেই দেশৰ স্বাধীনতা আন্দোলনত ভাগ লৈছিল বীণা ভট্টাচার্যই। মহাত্মা গান্ধী অসমলৈ অহাৰ সময়ত স্বেচ্ছাসেৱকৰ দায়িত্ব পালন কৰিছিল বীণা ভট্টাচাৰ্য। সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচার্য বীণা ভট্টাচাৰ্যৰ চতুর্থ সন্তান। মৃত্যুৰ সময়ত বীণা ভট্টাচার্যই পুত্ৰ বোৱাৰী, জীয়াৰী জোৱাই, নাতি-নাতিনী, আজোনাতি তথা বহু আত্মীয়-স্বজনৰ উপৰি অসংখ্য গুণমুগ্ধক এৰি থৈ যায় । অভিনয় আৰু নাট্যকলাৰ উপৰি বিয়ানাম আৰু গোঁসাই নামকে ধৰি লোকসংস্কৃতিৰ চর্চাত নীৰবে ব্রতী হৈ থকা বীণা ভট্টাচাৰ্যৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগেই সৰবৰহী মহিলাগৰাকীক শেষ শ্রদ্ধা জনাবলৈ জটিয়াস্থিত বাসগৃহলৈ গুণমুগ্ধৰ সোঁত বয় । মঙলবাৰে পুৱা বীণা ভট্টাচার্যৰ নশ্বৰ দেহ দক্ষিণ শৰণীয়াৰ নিজ বাসভৱনলৈ অনা হয় । তাতেই বিভিন্ন দল-সংগঠন আৰু অনুষ্ঠান-প্রতিষ্ঠানৰ প্ৰতিনিধিৰ উপৰি বহু বিশিষ্ট ব্যক্তি আৰু অজস্র গুণমুগ্ধই বীণ ভট্টাচার্যক শেষ শ্রদ্ধা জ্ঞাপন কৰে । গুৱাহাটীৰ নৱগ্রহ শ্মশানত অসংখ্য অনুৰাগী আৰু গুণমুগ্ধৰ উপস্থিতিত বীণা ভট্টাচাৰ্যৰ অন্ত্যেষ্টিক্রিয়া সম্পন্ন কৰা হ’ব ।অসমৰ জাতীয় জীৱনৰ বহু ঘটনাৰ সাক্ষী আছিল বীণা ভট্টাচার্য। সদৌ অসম ছাত্র সন্থাৰ লাখ লাখ কর্মীৰ বাবে মাতৃস্বৰূপ আছিল বীণা ভট্টাচাৰ্য। বীণা ভট্টাচাৰ্য বিয়োগ অসমৰ জাতীয় জীৱন বাবে এক বৃহৎ ক্ষতি।