আছুৰ প্ৰাথমিক সদস্য পদৰ পৰাও অব্যাহতি ল’লে শংকৰজ্যোতি বৰুৱাই

আছুৰ প্ৰাথমিক সদস্য পদৰ পৰাও অব্যাহতি ল’লে শংকৰজ্যোতি বৰুৱাই

ৰঙিলী বাৰ্ত্তাসেৱা– সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পদৰ পৰা অব্যাহতি লোৱাৰ পাছত শংকৰজ্যোতি বৰুৱাই অব্যাহতি লৈছে প্ৰাথমিক সদস্য পদৰ পৰা। আজি গুৱাহাটী বিশ্ববিদ্যালয়স্থিত আছুৰ মুখ্য কাৰ্যালয়ত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হোৱাৰ পূৰ্বেই শংকৰজ্যোতি বৰুৱাই প্ৰাথমিক সদস্য পদৰ পৰাও অব্যাহতি লোৱা কথাটো তাৎপৰ্য্যপূৰ্ণৰূপে বিবেচিত হৈছে।