আছুৰ প্ৰাক্তন সম্পাদকসহ তিনি শতাধিক যুৱক-যুৱতীৰ বিজেপিত যোগদান

আছুৰ প্ৰাক্তন সম্পাদকসহ তিনি শতাধিক যুৱক-যুৱতীৰ বিজেপিত যোগদান

গুৰাহাটী, ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰতীয় জনতা পার্টিৰ নীতি-আদর্শৰ লগতে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ কৰ্মৰাজিৰ প্ৰতি আকৃষ্ট হৈ  সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাংগঠনিক সম্পাদক দিব্যজ্যোতি মেধি, সদৌ অসম ছাত্ৰ সন্থাৰ কেইবাখনো সাংগঠনিক জিলাৰ প্রাক্তন বিষয়ববীয়া, প্রাক্তন সাংসদ কিৰিপ চলিহাৰ পুত্র তথা সমাজৱেসক অর্কশিষ চলিহাৰ লগতে প্রায় তিনি শতাধিক যুবক-যুবতীয়ে ভাৰতীয় জনতা পার্টিত আনুষ্ঠানিকভাবে যোগদান কৰে। দলৰ বশিষ্ঠস্থিত মুখ্য কার্যালয়ত ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাৰ উপস্থিতিত অনুষ্ঠিত হোৱা উক্ত যোগদান অনুষ্ঠানত ৰাজ্যিক উপ সভানেত্রী বিজুলী কলিতা মেধি, সম্পাদিকা অপৰাজিতা ভূঞা, মুখপাত্র সুভাষ দত্ত, ৰাজ্যিক যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক তাপস কলিতাৰ লগতে দলীয় কার্যকর্তা সকল উপস্থিত আছিল। নতুনকৈ যোগদান কৰা সকলক দলৰ মজিয়ালৈ উষ্ম আদৰণি জনাই ভবেশ কলিতাই কয়, ভাৰতীয় জনতা পার্টিয়ে ব্যক্তিতকৈ আগত ৰাষ্ট্রক প্রাধান্য দিয়ে। সেয়ে আজি যোগদান কৰা সকলো কার্যকর্তাকে ৰাষ্ট্র প্রথম, দল দ্বিতীয় আৰু ব্যক্তি অন্তিম নীতিৰে পৰিচালিত হ’বলৈ আহ্বান জনায়। তেওঁ লগতে কয়, ভাৰতীয় জনতা পার্টি এনে এক দল ৰাজনৈতিক দল যিয়েই জন্ম লগ্নৰে পৰা ব্যক্তি নির্মাণ, ব্যক্তি নিৰ্মাণৰ যোগেদি সমাজ নির্মাণ আৰু সমাজ নিৰ্মাণৰ যোগেদি ৰাষ্ট্ৰ নিৰ্মাণৰ হেতু নিৰবিচ্ছিন্নভাবে কাম কৰি আহিছে। প্রয়াত প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ীৰ পৰা বৰ্তমানৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীলৈকে প্রতি গৰাকী নেতাই ৰাষ্ট্ৰ নিৰ্মাণৰ এই যাত্রাত ভাৰতবৰ্ষক বিশ্বগুৰু হিচাপে পৰিগণিত কৰোৱাৰ উদ্দেশ্য কাম কৰি আহিছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ সবল নেতৃত্বত বর্তমানে ভাৰতবৰ্ষৰ আন্তঃগাঁথনি, স্বাস্থ্য, অর্থনৈতিক আদি সকলো দিশতে তীব্র গতিত আগুৱাইছে। দেশৰ অন্তিমজন নাগৰিকেও চৰকাৰী আঁচনিৰ সুবিধা পোনপটীয়াকৈ বেংক একাউণ্টৰ জৰিয়তে লাভ কৰিছে। অসমতো মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ উন্নয়নমুখী যাত্রাই ব্যাপক গতি লাভ কৰিছে। ৰাজ্য চৰকাৰৰ কামকাজত জণগণো আশ্বস্ত হৈছে। এনে পৰিপ্ৰেক্ষিতত ভাৰতীয় জনতা পার্টিয়ে সমাজৰ প্ৰতিজন ব্যক্তিৰ অন্তৰত উচ্চ স্থান পাবলৈ সক্ষম হৈছে আৰু দলৰ নীতি-আদর্শক অন্তঃকৰণেৰে আদৰি লৈছে। এই নতুনকৈ যোগদান কৰা প্রত্যেকজন কার্যকর্তাকে ৰাষ্ট্র নির্মাণৰ এই যাত্রাত নিষ্ঠা সহকাৰে ব্রতী হ’বলৈ ৰাজ্যিক সভাপতিয়ে আহ্বান জনায়।