আছিল ইয়াত এখন গাঁও
এছ ইছলাম, শিক্ষক
পশ্চিম মইনবৰী, বৰপেটা
আছিল ইয়াত এখন গাঁও
এতিয়া দেখিবলৈ নাপাওঁ
আছিল ঘন বসতি পূৰ্ণ গাঁও
কিমান যে মানুহ আছিল
লৈছিল কিমান যে ভাও!
আমি হিন্দু আমি মুছলমান
গাইছিলোঁ মিলনৰ গান
আছিল সকলোৰে মান
হৈছিল যথেষ্ট পৰিমাণে ধান।
আলি বাটৰ দুয়ো কাষে
ৰুইছিল বহুতো গছ-গছনি চাগে
আটায়ে সৰাপাতৰ দৰে
সকলো একেলগে মৰে।
কোন ক’লৈ গ’ল
একোৱে যেন নৰ’ল
সাগৰ সদৃশ হ’ল
নাৱৰীয়া নাও মেলি ৰ’ল।
ধ্যান মগ্ন বাঘবৰ
মনোমতীহঁতৰ ঘৰ
পছিমত চিলাটিং পাহাৰ
হাদিৰাচকীৰ ৰণৰ
চিৰ সাক্ষী ফুলৰা-চতলা পাহাৰ।
