আছাম ট্রিবিউন কাকতৰ সঞ্চালক সুৰজিৎ গোবিন্দ বৰুৱাৰ দেহাৱসান

আছাম ট্রিবিউন কাকতৰ সঞ্চালক সুৰজিৎ গোবিন্দ বৰুৱাৰ দেহাৱসান

ৰঙিলী বাৰ্ত্তাসেৱা- ‘আছাম ট্ৰিবিউন ‘ৰ সঞ্চালক সুৰজিৎ গোবিন্দ বৰুৱা আৰু নাই।  মহানগৰীৰ নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন অৱস্থাতে সুৰজিৎ গোবিন্দ  বৰুৱাই শেষনিশ্বাস ত্যাগ কৰে। যোৱা ২ অক্টোবৰৰ পৰা হাস্পতালখনত তেওঁ চিকিৎসাধীন হৈ আছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭২ বছৰ। আগশাৰীৰ সংবাদ গোষ্ঠীটোৰ সঞ্চালক হিচাপে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সংবাদ সেৱাৰ ক্ষেত্ৰখনক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত অনবদ্য অৱদান আগবঢ়োৱা বৰুৱাৰ বিয়োগত ৰাজ্যৰ সংবাদ জগতত শোকৰ ছাঁ পৰে। তেওঁৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ পিছতে অসংখ্য গুণমুগ্ধই নেমকেয়াৰ হাস্পতালত উপস্থিত হৈ বৰুৱালৈ শেষ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। নেমকেয়াৰ হাস্পতালৰ পৰা তেওঁৰ নশ্বৰদেহ প্ৰথমে ৰাজগড়ৰ ১নং উপ-পথত থকা বাসগৃহলৈ লৈ অহা হয়। ইয়াৰ পিছতে সুৰজিৎ গোবিন্দ বৰুৱাৰ নশ্বৰদেহ এখন পুষ্পসজ্জিত বাহনেৰে চানমাৰিস্থিত আছাম ট্রিবিউন কাকতৰ কাৰ্যালয়লৈ লৈ যোৱা হয়। তাত আছাম ট্রিবিউন গোষ্ঠীৰ কৰ্মচাৰী তথা সংবাদ কর্মী আৰু সাংবাদিকসকলে বৰুৱালৈ অন্তিম শ্রদ্ধা জ্ঞাপন কৰে। আছাম ট্রিবিউনৰ কাৰ্যালয়ৰ পৰা পোনে পোনে তেওঁৰ নশ্বৰদেহ শিলপুখুৰীৰ নৱগ্রহ শ্মশানলৈ নিয়া হয় আৰু পৰিয়াল তথা গুণমুগ্ধৰ উপস্থিতিত শেষকৃত্য সম্পন্ন কৰা হয়। উল্লেখ্য যে ১৯৫২ চনৰ ৮ জুলাইত সুৰজিৎ গোবিন্দ বৰুৱাই জন্মগ্রহণ কৰিছিল। তেওঁ সিংহপুৰুষ ৰাধা গোবিন্দ বৰুৱাৰ নাতি তথা তুলসী গোবিন্দ বৰুৱাৰ পুত্ৰ। তুলসী গোবিন্দ বৰুৱাৰ মৃত্যুৰ পিছতে তেওঁ অসম বাণী প্রাইভেট লিমিটেডৰ সঞ্চালক হিচাপে ১৯৯৫ চনৰ ২৯ ডিচেম্বৰত দায়িত্ব গ্ৰহণ কৰে। পৰৱৰ্তী সময়ত ১৯৯৭ চনৰ ১০ আগষ্টত আছাম ট্রিবিউন প্রাইভেট লিমিটেডৰ সঞ্চালক ৰূপে দায়িত্ব গ্রহণ কৰে। গুৱাহাটী ডনব’স্ক স্কুলত স্কুলীয়া শিক্ষা সাং কৰাৰ পিছত কটন কলেজৰ পৰা কলেজীয়া শিক্ষা লাভ কৰা বৰুৱাই মৃত্যুৰ সময়ত মাতৃ, পত্নী, দুগৰাকী কন্যাসহ অসংখ্য আত্মীয় স্বজনক ইহসংসাৰত এৰি থৈ যায়। তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই। এক শোকবার্তাত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ আগশাৰীৰ বাতৰিৰ কাকত ‘দ্য আছাম ট্রিবিউন’ তথা ট্রিবিউন গোষ্ঠীৰ উত্তৰণৰ দিশত অহোপুৰুষাৰ্থ কৰা সুৰজিৎ গোবিন্দ বৰুৱাৰ মৃত্যু সমাজৰ বাবে এক বৃহৎ ক্ষতি। ইফালে তেওঁৰ বিয়োগত শোক প্ৰকাশ কৰিছে কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে। এক শোক বার্তাত সর্বানন্দ  সোণোৱাল কয় যে সংবাদ জগতলৈ সুৰজিৎ গোবিন্দ বৰুৱাই আগবঢ়াই থৈ যোৱা অনবদ্য অৱদান স্মৰণ হৈ থাকিব।