কুইয়েৰ কবিতা
আচৰিত…
মিন্টু (অভিজ্ঞান) বৈশ্য
দেখিছা,সৌ মেঘৰ বুকুত উথলি উঠা নীহাৰ ৰঞ্জন ?
শুনিছা নৈখনৰ সিপাৰে বাজি উঠা তপ্য মহন ?
জানা এই নদীৰ পাৰতে ৰাজকোঁৱৰৰ প্ৰেম হৈছিল?
কাৰ লগত?
প্ৰজাৰ কোঁৱৰৰ লগত।
কি আচৰিত…!
আচৰিত???
সিদিনাও আচৰিত লাগিছিল, যিদিনা
উটুৱাই দিছিল এই নদীৰ বুকুৱেদি দুয়োৰে শৱ ।
কি??? কোঁৱৰহত মৰিছিল?
বহুবাৰ…..। কিন্তু….।
তাৰমানে সিদিনা দুয়ো সচাকৈয়ে মৰিছিল অধিৰাগ?
উম….।
দুয়ো আত্মহত্যা কৰিছিল?
আচৰিত এই প্ৰশ্ন….!
কেইজনমান কোঁচাই আছিল তাত
কাষতে ৰৈ থকা মানুহবোৰে জুম পাতি চাইছিল ।
দুয়ো দুয়োকে সাৱটি ধৰা দেখি কোনোৱে কৈছিল ,
এনে পাপী প্ৰাণ কাটি নদীৰ বুকুৱেদি উটুৱাই দিয়া হওঁক।
সিদিনা কোনো অধিকাৰ নাছিল ৰাজকোঁৱৰৰ !
সেয়া ৰজাৰ আদেশ নে প্ৰজাৰ অনুৰোধ আছিল অধিৰাগ?
তাত আছিল কেৱল হুমুনিয়াহ ।
