আঙুৰলতা ডেকাক ৰাজ্যিক মহিলা আয়োগৰ নতুন অধ্যক্ষা হিচাপে নিযুক্তি প্রদান

আঙুৰলতা ডেকাক ৰাজ্যিক মহিলা আয়োগৰ নতুন অধ্যক্ষা হিচাপে নিযুক্তি প্রদান

ৰঙিলী বাৰ্ত্তাসেৱা-  বিজেপি নেত্রী তথা প্রাক্তন বিধায়িকা অভিনেত্রী আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষা হিচাপে নিযুক্তি প্রদান কৰা হৈছে। মহিলা আৰু শিশু কল্যাণ বিভাগৰ প্ৰধান সচিব মুকেশ চন্দ্র চাহুৱে এক নির্দেশনা অনুসৰি তেওঁক মহিলা আয়োগৰ অধ্যক্ষা হিচাপে নিযুক্তি প্ৰদান কৰে। তিনি বছৰৰ বাবে এই পদত কাৰ্যনিৰ্বাহ কৰিব পাৰিব ডেকাই। তদুপৰি একেটা নিৰ্দেশনাৰ জৰিয়তে দুগৰাকী নতুন সদস্যও মহিলা আয়োগত নিযুক্তি দিয়া হৈছে। তেওঁলোক হৈছে কবিতা ৰয় শইকীয়া আৰু নীলিমা ব্রহ্ম। দুয়োগৰাকী সদস্যকো তিনি বছৰৰ বাবে নিযুক্তি প্রদান কৰা হৈছে। এই নিযুক্তিৰ পাছতে প্রতিক্রিয়া প্রকাশ কৰি নৱনিযুক্ত অধ্যক্ষা ডেকাই সামাজিক মাধ্যমত কয়- অসম ৰাজ্যিক মহিলা আয়োগত অধ্যক্ষা হিচাপে চৰকাৰীভাৱে এক নতুন দায়িত্ব আৰু নতুন এক কর্মমুখী যাত্ৰাত সকলোৰে সহযোগিতা আৰু আশীৰ্বাদ কামনা কৰিলোঁ। এই প্ৰাপ্তিৰ ক্ষণত প্রথমেই মোৰ আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাক। তেওঁৰ আশীৰ্বাদ আৰু মাৰ্গ দৰ্শনেৰে আমাৰ ওপৰত ন্যস্ত কৰা এই গধুৰ দায়িত্ব সূচাৰুৰূপে সম্পাদন কৰিবলৈ আহোপুৰুষাৰ্থ চেষ্টা চলাই যাবলৈ মই প্রতিশ্রুতিবদ্ধ।