আঘোণ – ৰাজলক্ষ্মী বৰঠাকুৰ 

Pc- Anubhobor Koroni

আঘোণ

ৰাজলক্ষ্মী বৰঠাকুৰ 

আঘোণৰ পথাৰখনি অতিকৈ আপোন
কাঁচিয়লি ৰ’দ পৰি জিলিকি উঠে
সোণগুটিৰে ভৰা সোণোৱালী ধাননী পথাৰ খনি
সোণবৰণীয়া সপোনবোৰে হিয়াত পাহি মেলে।
দাৱনীয়ে লখিমী হাতেৰে পাজিঁসেৰিয়া আঙুলিৰে
ধানৰ মুঠিত কাঁচিৰ পৰশ দিয়ে।
হাজাৰ ঘামৰ টোপালৰ বিনিময়ত শাওনত সঁজাল ধৰি
সেউজীয়া হোৱা‌ পথাৰখনি‌ আঘোণত সোণালী হৈ
মনৰ আশাবোৰ পূৰ্ণতা হোৱাৰ বতৰা কঢ়িয়াই আনে।