আঘোণ- হিমাশ্ৰী বৰা

আঘোণ
হেমন্তৰ কুঁৱলীয়ে চৌপাশ ধৰিছে আৱৰি
শুভ্ৰ আচ্ছাদন ফালি , ৰ’দ কাঁচলিয়ে দিলেহি ;
নিয়ৰসিক্ত দূবৰিক শুষ্কতাৰ জাননী ।
সোণালী ধাননিয়ে মাতিছে ৰিঙিয়াই
পিক-ৰঙা ওঁঠেৰে হাঁহি বিৰিঙাই
দাৱনীও আহিছে ঢপলিয়াই…
লিহিৰী আঙুলি আৰু চিকমিক কাঁচিৰ আগত
লখিমীৰ সগৰ্বে আত্মসমৰ্পন ,
পথাৰৰ আলিত বালিমাহীৰ সুললিত উপস্থাপন ।
সোগগুটিৰ মেটমৰা বোজা বিৰীয়াত ওলমে
কংক্ৰিটৰ পৃথিৱীৰ ৰাংঢালীজনীয়ে
ঘৰমূৱা হোৱা ৰংমনক খেপিয়াই ফুৰে
ওহোঁ , সামাজিকত নহয় !
কঠীয়াৰ পৰা ডাঙৰিলৈ
শ্যামলীৰ পৰা সোণালীলৈ
আশা আৰু শ্ৰমৰ বৰ্ণিল কাহিনী ৰচে আঘোণে ।
হিমাশ্ৰী বৰা ,
তিনিচুকীয়া